স্বাধীন
ধৰণী চেতিয়া, চিলাপথাৰ, ধেমাজি
স্বাধীন… স্বাধীন… স্বাধীন…
সঁচাই জানো স্বাধীন আমি…?
সঁচাই জানো স্বাধীন…?
স্বৈৰচাৰিটা চ্ছেদ কৰি একনায়কত্ব লভি
আপোনাৰ কেঁচা ঘুমতিৰ স্বপ্ন
কেঁচা ৰং, কেঁচা বন্দৱস্তি
অধিকাৰ, স্বাভিমান সকলো হেৰালে…
আৰু বা হেৰাব কি…?
জগৎ জিনা হাঁহিবোৰো নোহোৱাই হ’ল
দুখীয়া নিচলা আই-পিতাইৰ
হেতা পৰা মুখাবয়ৱ
চাবকে নোৱাৰি
অজীণ – পাতকী লোকে ক’লা মুখ কৰে
বালিৰ বান্ধ যেন
আবাল – বৃদ্ধ – বনিতাই
দুখ বেদনাত উন্মাদ হৈ
ক্ষোভত নামিছে —
বুকুত লৈ বহ্নিমান
বুকুত লৈ বহ্নিমান।
তই মৰণত শৰণ দি
মৰজাহ দিবলৈ
মৰসাহ কৰ’ তই
ঊনৈশত বা বলাই
মৰোঁ-জীওঁ সোঁ অধিকৈ…
তই উলহ-মালহেৰে
তলা-নলা নজনাকৈ
উধা-মুধা কৈ তই
থৈয়া-নথৈয়া কৰ’
লোদোৰ-পোদোৰ ফেঁটীসাপ পুহি
নথৈ ভকতি কৰ’ তই।
পকা থেকেৰা হেন মাটিৰ মানুহ
হামকুৰি খাৱ তই,
হাবাথুৰি খাৱ
ডলাৰৰ বগৰী পিছে
তিতা-কেহাঁ, জ্বলা-পোৰা ক্ষোভ
পৰিত্যক্ত… পৰিত্যক্ত
“স্বাধীন”
আচলতে আমি অবৈধ স্বাধীন
কাঁহ পৰি জীণ যায়
তথাপিও…
বেজাৰমুৱা, বিমৰ্ষ, নিৰানন্দ স্বাধীন।
