হিংসা – প্ৰভাত বণিয়া

Pc The Jerusalem Post

হিংসা

প্ৰভাত বণিয়া

হিংসাই হিংসাৰ জন্ম দিয়ে
ডেই পুৰি ছাৰখাৰ হয় মন-মগজু, সৎচিন্তা,বিবেক বুদ্ধি
দাও দাওকৈ জ্বলি উঠে হিংসাৰ লেলিহান দাবানল
সাচতীয়া‌ মৰম চেনেহ বুকুৰ ভালপোৱা মানুহৰ বাবে মানুহৰ
উঠলি উঠা অনুকম্পা নিমিষতে হয় ভস্মীভূত
সুন্দৰ সমাজ ভূলুণ্ঠিত
এপদ এপদকৈ হেৰায় জীৱন-যৌৱনৰ মণিমুকুতা

একো নাই
ধ্বংসস্তূপৰ লানি
কতো নাই এধানিমানো সেউজীয়া
গান কেৱল উৱলি যোৱা গান

প্ৰপীড়িতৰ
এসোঁতা‌ দুখৰ চকুলো।