২০২৭ৰ এদিনীয়া বিশ্বকাপলৈ প্রত্যক্ষ যোগ্যতা অর্জনত ব্যর্থ ৱেষ্ট ইণ্ডিজ
ৰঙিলী বাৰ্ত্তাসেৱা-এসময়ৰ শক্তিশালী তথা দুবাৰৰ বিশ্ব চেম্পিয়ন বেষ্ট ইণ্ডিজ এইবাৰো ২০২৭চনৰ আইচিচি পুৰুষ এদিনীয়া বিশ্বকাপলৈ প্রত্যক্ষভাবে যোগ্যতা অর্জন কৰাত ব্যর্থ হৈছে। শুকুৰবাৰে ব্ৰেডী ক্রিকেট ক্লাবত অনুষ্ঠিত বর্ষাবিঘ্নিত দ্বিতীয়খন এদিনীয়াত আফগানিস্তানে আয়াৰলেণ্ডক ৯২ ৰানত পৰাস্ত কৰাৰ লগে লগেই কেৰিবিয়ান দলটোৰ মূল পৰ্যায়লৈ পোনে পোনে যোগ্যতা অর্জন কৰাৰ আশা নির্বাপিত হয়। দক্ষিণ আফ্রিকা, জিম্বাব’ৱে আৰু নামিবিয়াৰ যুটীয়া উদ্যোগত ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত ১২টা স্থানত এই এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰে আয়োজক দেশ হিচাপে দক্ষিণ আফ্রিকা আৰু জিম্বাব’ৱেই ইতিমধ্যে স্বয়ংক্রিয়ভাবে অর্হতা অর্জন কৰিছে। বাকী সাতটা প্রত্যক্ষ স্থান আইচিচি এদিনীয়া ৰেংকিং অনুসৰি নিৰ্ধাৰণ কৰা হৈছে। বর্তমান ৰেংকিঙত ৱেষ্ট ইণ্ডিজ দশম স্থানত আছে, য’ত আফগানিস্তান অষ্টম আৰু বাংলাদেশ নৱম স্থানত আছে। জিম্বাব’ৱেই আয়োজক হিচাপে এটা স্থান লাভ কৰাৰ বাবে ৱেষ্ট ইণ্ডিজে এতিয়া কাট-অফ তাৰিখৰ পূৰ্বে প্ৰয়োজনীয় শীর্ষ ৯ৰ ভিতৰত সোমাব নোৱাৰে। ধাৰাবাহিকভাবে এইটো তৃতীয়টো এদিনীয়া বিশ্বকাপ হ’ব, য’ত ৱেষ্ট ইণ্ডিজে প্রত্যক্ষ যোগ্যতা অর্জনত ব্যর্থ হৈছে। ২০১৯ বিশ্বকাপত দলটোৱে কোৱালিফায়াৰ মেচ খেলে যদিও ২০২৩ চনৰ ভাৰতত অনুষ্ঠিত বিশ্বকাপত মূল পর্যায়লৈ অর্হতা অৰ্জন কৰিবলৈকে অসমর্থ হৈছিল। উল্লেখ্য যে ৰেংকিং নিৰ্ধাৰণৰ চূড়ান্ত তাৰিখৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধেতিনিখনীয়া এদিনীয়া শৃংখলাত অংশ ল’ব। যাৰ প্ৰথম দুখন মেচ ২৭ ছেপ্টেম্বৰত তিৰুৱনন্তপুৰম আৰু ৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। অৱশ্যে এই শৃংখলাত জয়ী হ’লেও দলটোৱে প্রত্যক্ষ অর্হতা লাভ কৰিব নোৱাৰিব। ফলত ২০২৭ চনৰ মূল বিশ্বকাপত খেলাৰ আশা সজীৱ ৰাখিবলৈ কেৰিবিয়ান দলটোৱে আয়াৰলেণ্ড, স্কটলেণ্ড আদি দলৰ সৈতে পুনৰবাৰ কোৱালিফায়াৰ ৰাউণ্ডত কঠিন যুঁজত অৱতীৰ্ণ হ’বলগীয়া হ’ব।
