ডিব্ৰুগড়ৰ মানকটা শতদল শাখা সাহিত্য সভাৰ  উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা নাট সামৰণি

ডিব্ৰুগড়ৰ মানকটা শতদল শাখা সাহিত্য সভাৰ  উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা নাট সামৰণি:: মঙ্গল কামনাৰে হৰি নাম প্ৰসঙ্গ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ মানকটা শতদল শাখা সাহিত্য সভাৰ উদ্যোগত  শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত যোৱা ২২ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱা অসম সাহিত্য সভা  কেন্দ্ৰীয় কুঁহি অনুষ্ঠান অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানত মানকটা শাখা সাহিত্য সভাৰ সৌজন্যত শিশু সকলে সীতাহৰণ, বালি বধ ভাওনা  পৰিৱেশন কৰি শ্ৰোতা দৰ্শকৰ মাজত সমাদৰ লাভ কৰে। ইতিমধ্যে সফলভাৱে কাৰ্যসূচী সম্পন্ন হোৱাত কালি আধ্যাত্মিক পৰিৱেশত সামৰণি পৰে। এই উদ্দেশ্যে চৌকিডিঙ্গীৰ ‘শঙ্কৰ-মাধৱ সাংস্কৃতিক সমাজ’ নামঘৰত  অনুষ্ঠিত হোৱা অনুষ্ঠানত ভকত বাপ সকলে মহা মংগলময় হৰি নাম -প্ৰসঙ্গ কৰি চৌপাশ মুখৰিত কৰি তোলে। মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়া আৰু সম্পাদক নবনীতা শ্যাম উৰঙীয়াই শাখাৰ হৈ নামঘৰত  সেৱা জনোৱা অনুষ্ঠানত শাখাৰ বিষয়ববীয়া সদস্য তথা ভাওনাত অংশ গ্ৰহণ কৰা শিল্পী সকলক সন্মান জনোৱা  লগতে শাখা সভাপতি কুসুম সোনোৱাল শইকীয়া আৰু সম্পাদক নৱনীতা শ্যাম উৰঙীয়াক “ডিবৰু নাট্য সমাজ” আৰু “শঙ্কৰ-মাধৱ সাংস্কৃতিক সমাজ”ৰ ফালৰ পৰা অংগবস্ত্ৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।