কোৰিয়া মাষ্টাৰ্ছত চেম্পিয়ন অসম কন্যা অস্মিতা চলিহা

কোৰিয়া মাষ্টাৰ্ছত চেম্পিয়ন অসম কন্যা অস্মিতা চলিহা

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ উজ্বলিল অসমৰ জীয়ৰী। কোৰিয়া মাষ্টাৰ্ছ ২০২৬ৰ বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ একক শাখাত অসম কন্যা অস্মিতা চলিহাই শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ কোৰিয়া মাষ্টাৰ্ছৰ একক শাখাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বী হান কিয়ান ছিক পৰাস্ত কৰি ঐতিহাসিক সফলতা অৰ্জন কৰিলে অসমৰ ক্রীড়াবিদ অস্মিতা চলিহাই। দেওবাৰে অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছৰ মহিলা ছিংগলছৰ চূড়ান্ত যুঁজখনত প্রথম গেমত পিছ পৰিও পৰৱৰ্তী গেমত শক্তিশালী প্রত্যাৱৰ্তন ঘটাই অস্মিতাই এই খিতাপ দখল কৰে। ইয়াৰ লগে লগে এই প্রতিযোগিতাত স্বৰ্ণ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিন্টন খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰে ২৬ বছৰীয়া বাঁওহতীয়া শ্বাটলাৰগৰাকীয়ে। আছানত অনুষ্ঠিত ৫৩ মিনিটজোৰা তীব্ৰ প্রতিদ্বন্দ্বিতামূলক ফাইনেল মেচখনত গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ (এনচিহ)ৰ প্রশিক্ষার্থী অস্মিতাই প্রতিযোগিতাখনৰ চতুর্থ বাছনিপ্রাপ্ত চীনা খেলুৱৈ হান কিয়ান ছিক ১৪-২১, ২১-১৪, ২১-১৪ ব্যৱধানত পৰাস্ত কৰে। কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খিতাপ হস্তগত কৰি অস্মিতাই ছুপাৰ ৩০০ বিজয়ী বিশেষ ভাৰতীয় ক্রীড়াবিদৰ তালিকাত নিজৰ নাম অন্তর্ভুক্ত কৰে। ইয়াৰ পূৰ্বে ছাইনা নেহৱাল, পি ভি সিন্ধুৰ উপৰি এই বছৰ দেৱিকা সিহাগ আৰু তনৱী শৰ্মাই ভাৰতৰ হৈ এই পৰ্যায়ৰ খিতাপ অৰ্জন কৰিছিল। খিতাপ জয়ৰ পিছত নিজৰ অনুভৱ প্ৰকাশ কৰি অস্মিতাই কয়-‘মোৰ বাবে এই অনুভূতি অতি অবিশ্বাস্য। সফলতাৰ এই মুহূৰ্ত মই উপভোগ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগন্তুক সময়ত দেশৰ হৈ আৰু অধিক খিতাপ জয় কৰিবলৈ মই অংগীকাৰবদ্ধ। ‘বিশ্ব ৰেংকিঙত ৫০ সংখ্যক স্থানত থকা অস্মিতাই কোৱাৰ্টাৰ ফাইনেলতো ডাঙৰ বিপৰ্যয় ঘটাই শীর্ষ বাছনিৰ হিনা আকেচিক পৰাস্ত কৰিছিল। ফাইনেল মেচখনৰ প্ৰথম গেমত ক’ৰ্টৰ ইনড’ৰ ড্রিফট নিয়ন্ত্ৰণ কৰাত কিছু সমস্যা হৈছিল যদিও দ্বিতীয় আৰু তৃতীয় গেমত সুন্দৰ ধৈৰ্য আৰু গতি নিয়ন্ত্রণেৰে মেচখন নিজৰ হাতলৈ আনে। অসমৰ জীয়ৰী অস্মিতাৰ এই অভূতপূর্ব সাফল্যত ভাৰতীয় বেডমিন্টন সন্থাৰ সভাপতি ড° হিমন্ত বিশ্ব শর্মা, সম্পাদক ওমৰ ৰছিদকে ধৰি সকলো বিষয়ববীয়াই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সন্থাই আশা প্রকাশ কৰে যে অস্মিতাৰ এই জয় অসম তথা সমগ্ৰ ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক গৌৰৱৰ বিষয় আৰু ই উঠি অহা নতুন প্রজন্মক উৎসাহিত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অস্মিতা চলিহালৈ অভিনন্দন জনাই এক্সযোগে কয়, “চীনৰ হান কিয়ান ছিক পৰাস্ত কৰি বিডব্লিউএফ কোৰিয়া মাষ্টাৰ্ছত প্ৰথমবাৰৰ বাবে বিশ্ব ভ্ৰমণৰ খিতাপ দখল কৰাৰ বাবে অসমৰ তথা ভাৰতৰ উদীয়মান বেডমিণ্টন তাৰকা অস্মিতা চলিহালৈ বহু অভিনন্দন জনাইছো ।” আনহাতে অস্মিতা চলিহালৈ অভিনন্দন প্ৰদান কৰি সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,” আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ জীয়ৰীৰ বিজয়ধ্বজা ৷ কোৰিয়া মাষ্টাৰ্ছ ২০২৬ত মহিলাৰ একক শাখাৰ ফাইনেলত চীনৰ খেলুৱৈ হান কিয়ান ছিক পৰাস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ জৰিয়তে অভূতপূৰ্ব জয় সাব্যস্ত কৰা অসম কন্যা অস্মিতা চলিহাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো ।”