অসহায়
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
চৌদিশে মানুহৰ চিঞৰ-বাখৰ…
মানুহবোৰ সচাকৈ আজি অসহায়…
লাচিতৰ দেশৰ মানুহবোৰ….
জল তাণ্ডৱৰ আগত ধাৰাশায়…
এজনী কণমানি শিশুৱে…
নিজ পিতৃক-মাতৃক আজি…
পানীত মাজত ওপঙি থকা দেখা পায়…
এগৰাকীৰ পত্নীৰ আজি…
শিৰৰ সেন্দুৰ সানি দিয়া আপোনজনৰ..
মৃতদেহ দেখি কান্দি কান্দি পাৰ পোৱা নাই..
এজন ককাদেউতাকে পাবনে আৰু…
নাতিয়েকৰ সেই মৰম লগা মাত ঘুৰাই…
কিজানি সময়ত আকৌ ওভতি আহি কব…
জল তাণ্ডৱৰ আগত আমিবোৰে হাৰি যোৱা নাই…
এয়া এক অভিনয় মাত্ৰ আছিল আমাৰ…
আপোনবোৰক এনেদৰে ভাঙি পৰা দেখি…
আমিবোৰে ভালদৰে অভিনয়ত ভাও লব পৰা নাই…।।
আমাৰ জীৱনৰ নাটৰূপী চৰিত্ৰবোৰে….
যদি আপোনালোকৰ হৃদয়ত ঠাই বিচাৰি পায়…
তেন্তে সকলো দেশবাসি একেলগে মিলি….
বন্তি এগছি হলেও নিজ নিজ ঠাইত দিবাহি জ্বলাই….।।
