আইতা – ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Magnific

আইতা

ৰাজলক্ষ্মী বৰঠাকুৰ ,দেৰগাঁও

তোমাৰ কোলাতেই শিকিছিলোঁ
মৰমৰ প্ৰথম ভাষা,
তোমাৰ হাঁহিতেই বিচাৰিছিলোঁ
জীৱনৰ মিঠা আশা।
ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ সুৰত জাগি উঠিছিল ঘৰ,
তোমাৰ আশীৰ্বাদৰ ছাঁতদূৰ হৈছিল সকলো ভয়।
তোমাৰ হাতৰ ভাতৰ সোৱাদ
আজিও পাহৰিব নোৱাৰোঁ,
তোমাৰ মৰমৰ প্ৰতিটো মুহূৰ্ত
হৃদয়ত সযতনে সাঁচি ৰাখোঁ।
আজি তুমি কাষত নাই,
তথাপিও আছা প্ৰতিটো স্মৃতিত,
আছা প্ৰতিটো প্ৰাৰ্থনাত,
আছা মোৰ প্ৰতিটো হৃদস্পন্দনত।
আকাশৰ উজ্জ্বল তৰাবোৰৰ মাজত
তোমাকেই যেন বিচাৰি ফুৰোঁ,
হয়তো দূৰৰ পৰা আজিও
মোৰ বাবে আশীৰ্বাদ কৰি আছা।
আইতা,
তুমি নথকা শূন্যতাইমোক প্ৰতিদিনে কন্দুৱায়,
কিন্তু তোমাৰ শিক্ষা, মৰম আৰু আশীৰ্বাদ
মোৰ জীৱনৰ পথ সদায় আলোকিত কৰি যায়।
তুমি মোৰ জীৱনৰ চিৰদিনৰমৰম, সাহস আৰু অনুপ্ৰেৰণা।
শান্তিত থাকা, মোৰ মৰমৰ আইতা।