অটোমোবাইল উদ্যোগত কেৰিয়াৰ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Unsplash

অটোমোবাইল উদ্যোগত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

আধুনিক বিশ্বৰ অন্যতম দ্ৰুত বিকাশশীল আৰু প্ৰযুক্তিনিৰ্ভৰ উদ্যোগসমূহৰ ভিতৰত অটোমোবাইল উদ্যোগ বিশেষভাৱে উল্লেখযোগ্য। ব্যক্তিগত বাহনৰ পৰা আৰম্ভ কৰি বাছ, ট্ৰাক, কৃষি ট্ৰেক্টৰ, নিৰ্মাণ যন্ত্ৰ, বৈদ্যুতিক বাহন (ইভি) আৰু স্মাৰ্ট পৰিবহণ ব্যৱস্থালৈকে এই উদ্যোগৰ পৰিসৰ সম্প্ৰসাৰিত হৈছে। উৎপাদন, পৰিবহণ, লজিষ্টিক, কৃষি, নিৰ্মাণ, বাণিজ্য আৰু সেৱা খণ্ডৰ উন্নয়নত ইয়াৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ।

নগৰায়ন, উন্নত পথ যোগাযোগ, ই-কমাৰ্চ, লজিষ্টিক ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ ফলত প্ৰশিক্ষিত অটোমোবাইল কৰ্মীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সেয়েহে এই খণ্ডটো আজিৰ শিক্ষাৰ্থীৰ বাবে কেৱল চাকৰিৰ ক্ষেত্ৰই নহয়, বৰং এক দীৰ্ঘম্যাদী আৰু সম্ভাৱনাময় কেৰিয়াৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে।

বহু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিনিয়োগৰ ফলত ভাৰত বিশ্বৰ অন্যতম অটোমোবাইল নিৰ্মাণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। বৰ্তমান দেশত যাত্ৰীবাহী গাড়ী, বাণিজ্যিক বাহন, দুচকীয়া, তিনিচকীয়া, কৃষি ট্ৰেক্টৰ, নিৰ্মাণ সঁজুলি, সামৰিক বাহন , বৈদ্যুতিক বাহন আদি উৎপাদন কৰা হয়। ‘মেক ইন ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া’, ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই)’ , ‘ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এনএপিএছ)’ আদি দৰে চৰকাৰী পদক্ষেপে দক্ষ কৰ্মী গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

বহুতে ভাবে যে অটোমোবাইল খণ্ড মানেই গেৰেজত গাড়ী মেৰামতি কৰা মেকানিক। বাস্তৱত এই ক্ষেত্ৰ বহুত বিস্তৃত। গৱেষণা আৰু ডিজাইন, উপাদান নিৰ্মাণ, সংযোজন, গুণগত নিয়ন্ত্ৰণ, ডায়েগনষ্টিক পৰীক্ষা, বিক্ৰী, চাৰ্ভিচিং, স্পেয়াৰ পাৰ্টছ ব্যৱস্থাপনা, ফ্লীট মেনেজমেণ্ট, বীমা মূল্যায়ন, ৰোডছাইড এছিষ্টেন্স , চাৰ্জিং আন্তঃগাঁথনি আদি অসংখ্য বিশেষ ক্ষেত্ৰৰ বিকাশ ঘটিছে। ফলস্বৰূপে এই উদ্যোগত বহু নতুন আৰু বিশেষ বৃত্তিৰ সৃষ্টি হৈছে।

দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত আইটিআইৰ মেকানিক মটৰ ভেহিকেল, ডিজেল মেকানিক, অটো ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ, টু-হুইলাৰ মেকানিক আদি ট্ৰেডত প্ৰশিক্ষণ বা এপ্ৰেণ্টিছশ্বিপৰ জৰিয়তে এই ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰি। ইয়াৰ উপৰিও পলিটেকনিক ডিপ্লমা, এনএছডিচিৰ অধীনত স্কিল ট্ৰেইনিং অথবা বিভিন্ন অটোমোবাইল কোম্পানীৰ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা আছে। উচ্চ শিক্ষাৰ বাবে বি.টেক. (অটোমোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং) অথবা বি.ভক. (অটোমোবাইল ইঞ্জিনিয়াৰিং) অধ্যয়ন কৰিব পাৰি।

এই উদ্যোগত অটো বডি মেৰামতি টেকনিচিয়ান, অটোমোবাইল পেইণ্টাৰ, অটোমোবাইল ইলেক্ট্ৰিচিয়ান, এছেম্বলি টেকনিচিয়ান, ডায়েগনষ্টিক টেকনিচিয়ান, চাৰ্ভিচ এডভাইজাৰ, ৱৰ্কশ্বপ ছুপাৰভাইজাৰ, চিএডি টেকনিচিয়ান, গুণগত পৰিদৰ্শক, ফ্লীট মেইণ্টেনেন্স টেকনিচিয়ান, স্পেয়াৰ পাৰ্টছ ক’অৰ্ডিনেটৰ, টায়াৰ টেকনিচিয়ান, বেটাৰী টেকনিচিয়ান, ফিউৱেল ইনজেকচন টেকনিচিয়ান, অটোমোবাইল এচি টেকনিচিয়ান , বাহন পৰিদৰ্শক আদি দৰে বহুতো বিশেষ বৃত্তি উপলব্ধ।

বিশ্বজুৰি বৈদ্যুতিক আৰু হাইব্ৰিড বাহনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ইভি চাৰ্ভিচ টেকনিচিয়ান আৰু হাইব্ৰিড ভেহিকেল টেকনিচিয়ানৰ দৰে নতুন বৃত্তিৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বিশেষজ্ঞসকলে হাই-ভল্টেজ বেটাৰী, বেটাৰী মেনেজমেণ্ট চিষ্টেম (বিএমএছ), ইলেক্ট্ৰিক মটৰ, চাৰ্জিং চিষ্টেম, চফ্টৱেৰ আপডেট, থাৰ্মেল মেনেজমেণ্ট চিষ্টেম আদিৰ ৰক্ষণাবেক্ষণ কৰে। আগন্তুক দশকত এই ক্ষেত্ৰত দক্ষ বিশেষজ্ঞৰ প্ৰয়োজন আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

এই ক্ষেত্ৰত সফল হ’বলৈ কেৱল কাৰিকৰী জ্ঞানেই যথেষ্ট নহয়। ইঞ্জিন, ব্ৰেক, ষ্টিয়াৰিং, ছাচপেনচন, অটোমোটিভ ইলেক্ট্ৰনিক্স, বাহন ডায়েগনষ্টিক, ৱেল্ডিং, হাইড্ৰলিক চিষ্টেম , কম্পিউটাৰাইজড ডায়েগনষ্টিক সঁজুলি আদি ব্যৱহাৰত পাৰদৰ্শিতা অতি প্ৰয়োজনীয়। ইয়াৰ লগতে সমস্যা সমাধানৰ ক্ষমতা, দলীয়ভাৱে কাম কৰাৰ মানসিকতা, সময় ব্যৱস্থাপনা, গ্ৰাহক সেৱা, যোগাযোগৰ দক্ষতা, সুৰক্ষাৰ সজাগতা আৰু নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাব পৰাৰ মানসিকতাও সমানেই গুৰুত্বপূৰ্ণ।

এই খণ্ডত উৎপাদন কোম্পানী, অনুমোদিত ডিলাৰশ্বিপ, মাল্টি-ব্ৰেণ্ড চাৰ্ভিচ চেণ্টাৰ, অটো কম্পোনেণ্ট উদ্যোগ, লজিষ্টিক কোম্পানী, পৰিবহণ সংস্থা, ফ্লীট মেইণ্টেনেন্স ইউনিট, বীমা কোম্পানী, বাহন পৰিদৰ্শন সংস্থা , বিভিন্ন চৰকাৰী বিভাগ আদিত কৰ্মসংস্থাপনৰ যথেষ্ট সুযোগ আছে। তদুপৰি নিজাকৈ অটোমোবাইল মেৰামতি গেৰেজ, মটৰ চাইকেল চাৰ্ভিচ চেণ্টাৰ, টায়াৰ শ্বপ, হুইল এলাইনমেণ্ট চেণ্টাৰ, বেটাৰী শ্বপ, বাহন এচি চাৰ্ভিচ চেণ্টাৰ, কাৰ ডিটেইলিং ষ্টুডিঅ’, স্পেয়াৰ পাৰ্টছ শ্বপ, বৈদ্যুতিক বাহন চাৰ্ভিচ চেণ্টাৰ বা চাৰ্জিং ষ্টেচন আদি স্থাপন কৰি সফল উদ্যোগী হ’ব পাৰি।

অসমতো অটোমোবাইল খণ্ডৰ সম্প্ৰসাৰণ অব্যাহত আছে। বিভিন্ন চহৰত নতুন ডিলাৰশ্বিপ, চাৰ্ভিচ চেণ্টাৰ, মাল্টি-ব্ৰেণ্ড ৱৰ্কশ্বপ আৰু আধুনিক বাহন সেৱা কেন্দ্ৰ স্থাপন হৈছে। ব্যক্তিগত যান-বাহন, বাণিজ্যিক পৰিবহণ আৰু কৃষি যান্ত্ৰিকীকৰণৰ বিস্তাৰে দক্ষ কাৰিকৰী কৰ্মীৰ প্ৰয়োজন বৃদ্ধি কৰিছে। আইটিআই, পলিটেকনিক আৰু বিভিন্ন দক্ষতা উন্নয়নমূলক প্ৰশিক্ষণৰ জৰিয়তে প্ৰস্তুত হোৱা যুৱক-যুৱতীসকলৰ বাবে ৰাজ্যখনত নতুন নতুন পেছাগত সুযোগ সৃষ্টি হৈছে।

 অটোমোবাইল উদ্যোগ হৈছে দক্ষতা, উদ্ভাৱন আৰু উন্নত প্ৰযুক্তিৰ এক গতিশীল ক্ষেত্ৰ। বৈদ্যুতিক আৰু হাইব্ৰিড বাহন, কৃত্ৰিম বুদ্ধিমত্তা, সংযুক্ত বাহন আৰু কম্পিউটাৰাইজড ডায়েগনষ্টিক ব্যৱস্থাৰ বিকাশে এই উদ্যোগক এক নতুন দিশ প্ৰদান কৰিছে। হাতে-কামে শিকিবলৈ আগ্ৰহী, যান্ত্ৰিক সমস্যা সমাধানত দক্ষতা অৰ্জন কৰিবলৈ ইচ্ছুক আৰু নতুন প্ৰযুক্তিৰ সৈতে নিজকে সদায় আপডেট ৰাখিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এই খণ্ড এক সন্মানজনক, সুস্থিৰ আৰু উজ্জ্বল কেৰিয়াৰৰ ক্ষেত্ৰ। উপযুক্ত প্ৰশিক্ষণ, নিয়মীয়া দক্ষতা উন্নয়ন, অধ্যৱসায় আৰু পেছাদাৰী মনোভাৱৰ জৰিয়তে এই উদ্যোগত সফল কাৰিকৰী, তত্ত্বাৱধায়ক, বিশেষজ্ঞ অথবা উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পৰা যায়। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।