তাত এখন অৰণ্য আছিল
বনজিত দাস,ৰিহাবাৰী , বজালী
তাত এখন অৰণ্য আছিল
য’ত সুখৰ চৰাই আকাশত উৰিছিল
মুক্তিৰ ডেউকা মেলি ।
তাতেই মানুহ আছিল
এখন সুখৰ গাওঁ
যাৰ ঘৰৰ মুধচত বনৰ চৰাই
প্ৰভাতৰ গান গাই জগাই তুলিছিল জীৱন ।
মানুহ আৰু প্ৰকৃতিৰ মাজত দূৰত্ব নাছিল
নাছিল এটা সীমা,
এটাই আনটোৰ শ্বাহত জীয়াই আছিল ।
এতিয়া তাত নতুন জীৱন আৰম্ভ
অট্টালিকাই আকাশ চুই যায়
তাত সুখৰ চৰাই বাহ নাবান্ধে
নাগায় প্ৰভাতৰ গান
পাহাৰ কাটি কাৰখানাই
ধোৱাৰ নিচান উৰুৱাই জীৱন বাটৰ
জয়াল ৰাতি সপোন ভাঙে
বিশাল অক্টোপাছ
নদীক বন্ধা শিকলিৰ তলত
নৈখনে নীৰৱে চকুলো টুকে গোপনে ।
এসময়ত অৰণ্যৰ উশাহত
গছৰ ফেৰেঙনিৰ ফাঁকেৰে পোহৰে নিচুকাই
এতিয়া কংক্ৰিটৰ অৰণ্যত
হেৰুৱাই পেলাইছে নিজৰ নাম ।
পাৰ ভাঙি চকুলো বোৱাই নদী
বিষাদৰ সোঁতত বহল হয় সাগৰ
কৃষকৰ কঁকাল ভাঙে
কলিজাৰ আৰ্তনাদ ঢৌৱে
নদীৰ বুকু কঁপাই নীৰৱে
বেদনাই সাগৰ হৈ বয়
সময়ে সলায় ইতিহাসৰ পৃষ্ঠা
অপেক্ষা মাথো নতুন সূৰ্য্যোদয়ৰ ।
