পানী পিয়াহৰ সাধু – ৰিজু মণি বৰা

Pc KRC Times

পানী পিয়াহৰ সাধু

ৰিজু মণি বৰা,নগাঁও

অজগৰ এটা হৈ
পানীয়ে গিলি পেলাইছে মাটিৰ মৰম,
জীৱনবোৰ
কাগজৰ নাৱৰ দৰে
সোঁতৰ হাতত নামহীন হৈ ভাহি আছে
আৰু
যৌৱন—
ভঙা বঠাৰ দৰে
পাৰলৈ  উঠিব নোৱাৰা হৈ ককবকাই আছে
পানীৰ ভয়ত
বেলিটোৱেও আজি
এজাৰজোপাৰ ডালত
নিজৰ পোহৰ ওলোমাই থৈছে।
পানীয়ে খিলখিলাই হাঁহিছে—
নদীখনে
নিজৰ সীমা পাহৰি
সাগৰ হোৱাৰ উন্মাদনাত।
পথাৰৰ সেউজীয়াবোৰ
এতিয়া
পানীৰ তলত পুতি থোৱা
এটি অসমাপ্ত প্ৰাৰ্থনা।
বলীয়া পানীত
কেৱল মৃতদেহবোৰ
ওপঙি ফুৰা নাই
ওপঙি ফুৰিছে
মানুহৰ বিবেক
মানুহৰ হেৰুওৱা আস্থা
আৰু
চকুৰ পানীয়ে
নিজৰেই শোক নিজে বহন কৰিছে
গাঁওবোৰ
পানীৰ জুইত জ্বলি আছে;
অথচ ধোঁৱা নাই,
ছাই নাই—
পোহৰবোৰ বন্দী হৈছে এন্ধাৰৰ হাতত
আইৰ আখলৰ ভাতসাঁজ,
শিশুৰ হাঁহি,
ককাৰ লাখুটি,
দেউতাৰ ঘাম—
সকলোবোৰ
পানীৰ সোঁতে নিজৰ বুকুত সামৰিছে
এতিয়া
পানীৰ শিপাবোৰে
মাটিৰ তলত ৰাজত্ব কৰিছে
মানুহৰ শিপাবোৰ
এটা আশ্ৰয় শিবিৰত
শুকুৱাবলৈ ওলোমাই থোৱা হৈছে
এয়া কেৱল পানী নহয়—
বলীয়া বান
জীৱনৰ ব্যাকৰণত
লিখা এক নিষ্ঠুৰ ভুল…
এসময়ত ককাদেউতায়ে নাতিক ক’ব এটা সাধু –
“পানী থাকিও পিয়াহত মৰাৰ সাধু।”