শৰবিদ্ধ বাস্তৱিকতা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মোৰ মৃত্যু হৈছিল সিদিনা,
যিদিনা সমস্ত মই হেৰুৱাইছিলোঁ।
এক গভীৰ অন্ধকাৰৰ বুকুত,
স্তব্ধ হৈছিল জীৱনৰ কোলাহল আৰু ভালপোৱাবোৰ।
সেমেকি উঠিছিল জীৱনৰ সেই আদিম,
স্নেহ-সিক্ত সপোনবোৰ।
ৰৈ আছিলোঁ সিদিনা অহা বাটলৈ ঘূৰি চাই,
বুকুৰ নিবিড় বেদনা লৈ মাথোঁ কান্দিছিলোঁ।
সেই নোপোৱাৰ মৰ্মান্তিক অনুভূতিয়ে,
জাগ্ৰত প্ৰাণত শৰে বিন্ধাৰ দৰে বিন্ধিছিল।
মনৰ পদূলিত তোমাৰ অপেক্ষাৰ বাট চাই,
হতাশাত জৰ্জৰিত প্ৰাণে নীৰৱে আবেগবোৰ হেঁচি ধৰিছিল।
উশাহ লবলৈও যেন পাহৰি পেলাইছিলোঁ সিদিনা।
কিন্তু তোমাৰ সেই উষ্ণ কৰুণ অনুভূতি,
মোৰ শাশ্বত প্ৰেমৰ মৰুভূমিত এটুপি নিয়ৰ হৈ,
আকৌ সেমেকাই তুলিলে মোৰ উকা বাস্তৱিকতাক।
