নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্র বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬-২৭ বর্ষৰ বাবে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন-পত্র বিতৰণৰ শুভাৰম্ভ কৰে । একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত বিদ্যালয়সমূহক প্রত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে আর্থিক সাহায্য বিতৰণ কৰে আৰু শেহতীয়া বানত গুৰুতৰভাৱে ক্ষতিগ্রস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শিক্ষাৰ্থীক শিক্ষা সামগ্রী ক্ৰয়ৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে ৰাজ্যৰ শিক্ষার্থীসকলৰ উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰিবলৈ ক্ৰমাগত তৃতীয়টো বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু দ্বিতীয়টো বর্ষৰ বাবে মুখ্যমন্ত্রীৰ নিযুত বাবু আঁচনি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে । উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ ৪৫২ খন শিক্ষানুষ্ঠানত একে সময়তে আঁচনি দুখনৰ আবেদন-পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হয় । ২০২৬-২৭ বর্ষত এই আঁচনি দুখনৰ অধীনত মুঠ ১,৯৫৯ খন বিদ্যালয় সামৰি লোৱা হ’ব । আনহাতে, অহা ১০ অক্টোবৰত এই আঁচনি দুখনৰ অধীনত যোগ্য শিক্ষার্থীসকলক চেক বিতৰণ কৰা হ’ব । ইয়াৰ উপৰি শেহতীয়া বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বহুসংখ্যক শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্রহণৰ পৰিৱেশ বাধাগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ মেৰামতিৰ কাম অগ্ৰাধিকাৰ ভিত্তিত হাতত লৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি নিধিৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন ক্ষতিগ্রস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি মেৰামতিৰ বাবে ২ লাখ টকাকৈ আর্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুঠ ৭৯৩খন ক্ষতিগ্রস্ত বিদ্যালয়লৈ ডিবিটিৰ জৰিয়তে ১৫.৮৬ কোটি টকা আজি হস্তান্তৰ কৰা হয়। ইয়াৰে শিৱসাগৰ জিলাৰ ৫৫০খন বিদ্যালয়ৰ বাবে ১১ কোটি টকা, চৰাইদেউ জিলাৰ ১১১খন বিদ্যালয়ৰ বাবে ২.২২ কোটি টকা, যোৰহাট জিলাৰ ১০৩খন বিদ্যালয়ৰ বাবে ২.০৬ কোটি টকা আৰু গোলাঘাট জিলাৰ ২৯খন বিদ্যালয়ৰ বাবে ৫৮ লাখ টকা হস্তান্তৰ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে ১,০০০ টকা, স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বাবে ৩,০০০ টকা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বাবে ৫,০০০ টকাৰ আৰ্থিক সাহায্য চৰকাৰে আগবঢ়াইছে। পলিটেকনিক আৰু বি এড শিক্ষার্থীয়েও এই সহায় লাভ কৰিব। মুঠ ২১,০২৫ গৰাকী শিক্ষার্থীলৈ শিক্ষা সামগ্রী ক্ৰয়ৰ সাহায্য হিচাপে ৪.২৬ কোটিৰো অধিক টকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানত শিক্ষার্থীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য- শিক্ষার্থীয়ে অন্ধকাৰৰ বাটত নহয়, খোজ দিব লাগিব আলোকৰ বাটতহে। শিক্ষাৰ লগত আমি নিজকে জড়িত কৰি ৰাখিব লাগিব। আন পথেৰে আমি আগনাবাঢ়ো। শিক্ষাৰ বাহিৰে যি পথেৰেই আমি আগনাবাঢ়ো কিয়, তাত অন্ধকাৰ আছে। যদি শিক্ষাৰ পথেৰে যাওঁ, তেন্তে সন্মুখত আমি আলোকৰ বাট দেখিবলৈ পাম। সেইবাবে আমি পোহৰসন্ধানী হ’ব লাগিব। নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখনৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্যৰ ১০ লাখ অর্থাৎ ১ নিযুত ছাত্রীক সামৰি লোৱাৰ লক্ষ্যৰে নিযুত মইনা আঁচনিখন আৰম্ভ কৰা হৈছিল। ২০২৪-২৫ বর্ষত ১.৬০ লাখ ছাত্রীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিছিল। ২০২৫-২৬ বৰ্ষত আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰাত নিযুত মইনা আঁচনিৰ সুবিধা পোৱা ছাত্ৰীৰ সংখ্যা ৪ লাখলৈ বৃদ্ধি হয়। চলিত বিত্তীয় বর্ষত এই আঁচনিৰ অধীনত অতিৰিক্ত ১ লাখ ছাত্রী অন্তর্ভুক্ত হোৱাৰ আশা কৰা হৈছে। আনহাতে নিযুত বাবু আঁচনিখনে যোৱা বৰ্ষত ৫০ হাজাৰ ছাত্ৰক সামৰি লৈছিল আৰু এই বাৰ অতিৰিক্ত ৭০ হাজাৰ ছাত্ৰ অন্তর্ভুক্ত হ’ব। অর্থাৎ ১.২০ লাখ ছাত্রই চলিত বর্ষত আঁচনিখনৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত ৮০০ টকাকৈ লাভ কৰিব। আনহাতে স্নাতক বৰ্ষৰ ছাত্রীয়ে প্রতিমাহে ১,২৫০ টকাকৈ, স্নাতকোত্তৰ ছাত্রীসকলে প্রতিমাহে পাব ২,৫০০ টকাকৈ। নিযুত বাবু আঁচনিৰ অধীনত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্রতিমাহে ১,০০০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰই প্রতিমাহে লাভ কৰিব ২,০০০ টকাকৈ। মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে পলিটেকনিকত অধ্যয়নৰত, সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সপ্তম ষাণ্মাসিকত পঢ়ি থকা ছাত্রীয়েও এই বাৰ নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব। নিযুত মইনা আঁচনিতকৈ নিযুত বাবু আঁচনিৰ ধন কম হোৱা প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে নিযুত মইনা আঁচনিখন গ্ৰহণ কৰা হৈছিল। কন্যা সন্তানৰ পঢ়াৰ খৰচ জোগাৰ কৰিব নোৱাৰি কোনো পিতৃ-মাতৃয়ে যাতে কম বয়সতে বিয়া নিদিয়ে তাক নিশ্চিত কৰিবলৈ চৰকাৰে ছাত্ৰীৰ পঢ়াৰ খৰচ বহনৰ সিদ্ধান্ত লৈছিল। ছাত্ৰসকলৰ ক্ষেত্ৰত যিহেতু বাল্যবিবাহৰ কথা নাহে সেয়ে তেওঁলোকৰ বাবে মৰমতহে নিযুত বাবু আঁচনিখন লোৱা হৈছে। শ্রেণীকোঠাত নিয়মীয়াকৈ উপস্থিত থকা, পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী, বাধ্য আৰু ভাল শিক্ষার্থীহে আঁচনি দুখনৰ সুবিধা পোৱাৰ বাবে যোগ্য। আঁচনি দুখনৰ জৰিয়তে শিক্ষানুষ্ঠানত শিক্ষার্থীসকলৰ মাজত নিয়মানুৱৰ্তিতাক উৎসাহিত কৰিব বিচৰা হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীক দিয়া ধনৰ পৰিমাণ ভৱিষ্যতে বৃদ্ধি কৰা হ’ব। অভিভাৱকক সন্তানৰ পটুওৱাৰ দায়িত্বৰ পৰা চৰকাৰে কিছু সকাহ দিব বিচাৰিছে। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তহে আঁচনি দুখনৰ অধীনত শিক্ষার্থীক ধন দিয়া হ’ব। যিসকল শিক্ষার্থীয়ে আগষ্ট মাহত নামভর্তি কৰিছে তেওঁলোকে ১০ অক্টোবৰত আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ধন লাভ কৰিব। নিয়মীয়াকৈ ধন লাভত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবে শিক্ষার্থীসকলক আধাৰৰ সৈতে সংযুক্ত হৈ থকা বেংক একাউণ্ট নম্বৰহে দাখিল কৰিবলৈ আৰু জমা দিয়া বেংক একাউণ্টৰ ই-কেৱাইচি কৰিবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়। এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, কেশৱ মহন্ত, বিধায়ক বিজয় কুমাৰ গুপ্তা, দিপ্লুৰঞ্জন শৰ্মা, ড° তপন দাস প্রমুখ্যে শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ এই কেন্দ্রীয় অনুষ্ঠানটো ৰাজ্যৰ ৪৫২খন শিক্ষানুষ্ঠানত মন্ত্রী, বিধায়ক আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষার্থীসকলক পোনপটীয়াকৈ দেখুওৱা হয়।
