৬ষ্ঠ সদৌ অসম কলাৰিপায়াত্তু চেম্পিয়নশ্বিপ,দক্ষিণ কামৰূপৰ খেলুৱৈৰ উজ্জ্বল সাফল্য

৬ষ্ঠ সদৌ অসম কলাৰিপায়াত্তু চেম্পিয়নশ্বিপ,দক্ষিণ কামৰূপৰ খেলুৱৈৰ উজ্জ্বল সাফল্য, ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত মিঠু দাস সহ ৪ খেলুৱৈ

 মিৰ্জা,  ৰঙালী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বীকৃতিপ্ৰাপ্ত তথা গোলাঘাট কলাৰিপায়াত্তু সংস্থাৰ উদ্যোগত যোৱা ২৯, ৩০ আৰু ৩১ জুলাইত গোলাঘাটত অনুষ্ঠিত হৈ যায় ৬ষ্ঠ সদৌ অসম কলাৰিপায়াত্তু চেম্পিয়নশ্বিপ ২০২৬। এই ৰাজ্যিক প্ৰতিযোগিতাত দক্ষ প্ৰশিক্ষক ভাস্কৰজ্যোতি সাউদৰ নেতৃত্ব আৰু প্ৰশিক্ষণেৰে দক্ষিণ কামৰূপৰ কেইবাগৰাকীও উদীয়মান খেলুৱৈয়ে পদক বুটলি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।প্ৰশিক্ষক সাউদৰ তত্ত্বাৱধানত জিলিকি উঠা খেলুৱৈসকলৰ ভিতৰত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভুৰাপাৰা পথম চুবাৰ নিবাসী নয়ন দাস আৰু পণিতা দাসৰ একমাত্ৰ পুত্ৰ তথা মিৰ্জাস্থিত শ্ৰী চৈতন্য স্কুলৰ ছাত্ৰ মিঠু দাসে ১৪ বছৰ অনুৰ্দ্ধৰ ৩০ কেজি শাখাত চমকপ্ৰদ প্ৰদৰ্শন দি ৰূপৰ পদক অৰ্জন কৰে। পূৰ্বেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা মিঠু দাসৰ এই সফলতাই সমগ্ৰ পলাশবাৰী সমষ্টিবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

পুত্ৰৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি পিতৃ-মাতৃয়ে সন্তানৰ ভৱিষ্যত উন্নতিৰ বাবে অসমবাসীৰ আশীৰ্বাদ কামনা কৰিছে।প্ৰতিযোগিতাখনত অঞ্চলটোৰ আন তিনিগৰাকী খেলুৱৈয়েও প্ৰশিক্ষকগৰাকীৰ সঠিক মাৰ্গদৰ্শনেৰে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ১৪ বছৰ অনুৰ্দ্ধৰ ৪৫ কেজি শাখাত কিঞ্জল জ্যোতি কলিতাই সোণৰ পদক আৰু ১০ বছৰ অনুৰ্দ্ধৰ মহিলা ৩০ কেজি শাখাত স্বস্তিকা কলিতাই স্বৰ্ণ পদক বুটলি ৰাজ্যিক চেম্পিয়ন খিতাপ দখল কৰে। আনহাতে, ১০ বছৰ অনুৰ্দ্ধৰ মহিলা ২৫ কেজিৰ তলৰ শাখাত শৰ্মিষ্ঠা কলিতাই ৰূপৰ পদক লাভ কৰে। এই সফল প্ৰদৰ্শনৰ জৰিয়তে প্ৰশিক্ষক ভাস্কৰজ্যোতি সাউদৰ পৰিচালনাত মিঠু দাসকে ধৰি চাৰিওগৰাকী পদক বিজয়ী খেলুৱৈয়ে কেৰেলাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় কলাৰিপায়াত্তু চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। ক্ৰীড়াবিদসকলৰ লগতে প্ৰশিক্ষকগৰাকীৰ এই সফলতাত দক্ষিণ কামৰূপৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰাৰ বাবে শুভকামনা জনাইছে।