সংহাৰী বান
ৰীমা গায়ন বৰা
নাওকটা , মৰিগাঁও
হেৰৌ বান ৰূপী সংহাৰী প্ৰলয় !
অকস্মাতে আহি চলালি তাণ্ডৱ,
প্ৰাণৰ তাৰণাত যেনি তেনি পলাল
সুৰক্ষিত আবাসস্থলৰ সন্ধানত
কোন ক’ত আছে, জীৱিত নে মৃত
তাৰো ওমান হয়তো বহুতে নাপায়!
ধ্বংস যজ্ঞ পাতি খৰখেদাকৈ আহিলি
অন্ন , বস্ত্ৰ, বাসস্থান কাঢ়ি নি কি পালি ?
খোৱা পানীটুপি পাবলৈও কঠিন কৰিলি ;
কত আপোনৰ জীৱন নাটৰ অৱসান ঘটিল
কত পিতৃ -মাতৃহাৰা হ’ল , পশু -পক্ষীৰ নিধন
সা -সম্পত্তি, পৰিয়ালৰ বিচ্ছেদ আৰু যে কত কি !
আকৌ পাৰিবনে আগৰ দৰে জীৱন নিৰ্বাহ কৰিব
অন্ন , বস্ত্ৰ , বাসস্থান সংৰক্ষণ কৰিব ,
পাৰিব জানো কত আশাৰে অৰ্জন কৰা
উচ্চ শিক্ষাৰ মানপত্ৰ কেইখন ঘূৰাই আনিব?
ৰুষ্ট হৈ সকলো ধ্বংসৰ গৰাহলৈ ঠেলি দিলি
এতিয়া প্ৰাণটো বচাই ,আবুৰকণ ৰাখি, এসাঁজ খাই
জীৱন নিৰ্বাহ কৰিবলৈও হ’ব কঠিন জীৱন সংগ্ৰাম ।
