দক্ষতাভিত্তিক কেৰিয়াৰৰ বাবে উপলব্ধ বিভিন্ন পাঠ্যক্ৰম – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc NORTHEAST NOW

দক্ষতাভিত্তিক কেৰিয়াৰৰ বাবে উপলব্ধ বিভিন্ন পাঠ্যক্ৰম

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

বৰ্তমানৰ প্ৰতিযোগিতামূলক আৰু দক্ষতাভিত্তিক যুগত সফল কেৰিয়াৰ গঢ়িবলৈ সাধাৰণ ডিগ্ৰীৰ লগতে ব্যৱহাৰিক দক্ষতা আৰু বিশেষজ্ঞতাও সমানে গুৰুত্বপূৰ্ণ। উদ্যোগসমূহে এতিয়া বাস্তৱমুখী জ্ঞান, কাৰিকৰী দক্ষতা আৰু কৰ্মদক্ষতাক অধিক গুৰুত্ব দিয়ে। কিন্তু বহু শিক্ষাৰ্থী আৰু অভিভাৱক আই টি আই, পলিটেকনিক, পি এম কে ভি ৱাই, এপ্ৰেণ্টিছশ্বিপ আৰু ডিপ্লমা কাৰ্যসূচীৰ মাজৰ পাৰ্থক্য স্পষ্টকৈ নাজানাৰ বাবে উপযুক্ত পথ নিৰ্বাচনত বিভ্ৰান্ত হয়। এই লেখাত এই পাঁচোটা শিক্ষাৰ পথৰ উদ্দেশ্য, বৈশিষ্ট্য, যোগ্যতা আৰু কেৰিয়াৰৰ সম্ভাৱনা চমুকৈ আলোচনা কৰা হৈছে।

আই টি আই (ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান) হৈছে দক্ষ কাৰিকৰী কৰ্মী গঢ়ি তোলাৰ বাবে ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বৃত্তিমূলক শিক্ষা ব্যৱস্থা। ইয়াত হাতে-কামে প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়, যাতে শিক্ষাৰ্থীসকল বাস্তৱ কৰ্মক্ষেত্ৰৰ বাবে প্ৰস্তুত হয়। ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, প্লাম্বাৰ, মেচিনিষ্ট, ডিজেল মেকানিক, ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট, ড্ৰাফ্টছমেন আদি বহুতো ট্ৰেড উপলব্ধ। ট্ৰেড অনুসৰি অষ্টম বা দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰে। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত উৎপাদন উদ্যোগ, নিৰ্মাণ, অটোমোবাইল, ৰেলৱে, বিদ্যুৎ বিভাগ, চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ সুযোগ থাকে। ইয়াৰ লগতে এপ্ৰেণ্টিছশ্বিপ, স্ব-নিয়োগ আৰু সৌৰশক্তি, ইলেক্ট্ৰিক ভেহিকেল, চি এন চি, ৰ’বটিকছ আদি উদীয়মান ক্ষেত্ৰতো যথেষ্ট চাহিদা আছে।

পলিটেকনিক হৈছে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিভিত্তিক ডিপ্লমা শিক্ষা প্ৰদান কৰা এক সুসংগঠিত কাৰিকৰী শিক্ষাব্যৱস্থা। সাধাৰণতে দশম শ্ৰেণী উত্তীৰ্ণৰ পিছত তিনিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰি। মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ, ইলেক্ট্ৰনিক্স, অটোমোবাইল, কেমিকেল আদি বিভিন্ন শাখাত অধ্যয়নৰ সুযোগ থাকে। তত্ত্ব, পৰীক্ষাগাৰ, কৰ্মশালা, প্ৰকল্প আৰু ঔদ্যোগিক প্ৰশিক্ষণৰ সমন্বয়ে শিক্ষাৰ্থীসকলক দক্ষ ডিপ্লমা ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তোলে। ডিপ্লমা সম্পূৰ্ণ কৰাৰ পিছত বিভিন্ন উদ্যোগ, শক্তি, তেল-গেছ, টেলিকম, চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ সুযোগ লাভ কৰা যায়। ইয়াৰ উপৰিও লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে বি.ই./বি.টেক.ৰ দ্বিতীয় বৰ্ষত নামভৰ্তি কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে।

পি এম কে ভি ৱাই (প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা) হৈছে ভাৰত চৰকাৰৰ দক্ষতা ভাৰত অভিযানৰ অধীনত চলোৱা এক হ্ৰস্বম্যাদী দক্ষতা বিকাশ কাৰ্যসূচী। ইয়াৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক উদ্যোগ-প্ৰাসংগিক দক্ষতাৰে সজ্জিত কৰি কৰ্মসংস্থাপনৰ উপযোগী কৰি তোলা। বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী, নিবনুৱা যুৱক-যুৱতী অথবা কম সময়ৰ ভিতৰত দক্ষতা আহৰণ কৰিব বিচৰা ব্যক্তিসকলৰ বাবে এই আঁচনি বিশেষ উপযোগী। স্বাস্থ্যসেৱা, আতিথ্য, নিৰ্মাণ, কৃষি, ইলেক্ট্ৰনিকছ, লজিষ্টিকছ, খুচুৰা ব্যৱসায়, ডিজিটেল বিপণন, তথ্য প্ৰৱেশ, ই-কমাৰ্চ, কাষ্টমাৰ কেয়াৰ, সৌৰশক্তি আদি বহু ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। পাঠ্যক্ৰম সাধাৰণতে ১৫০ ঘণ্টাৰ পৰা ৬০০ ঘণ্টালৈকে হয়। সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত নেচনেল স্কিলছ কুৱালিফিকেচন ফ্ৰেমৱৰ্ক (এন এছ কিউ এফ)ৰ ভিত্তিক ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ লাভ কৰা যায় আৰু বহু ক্ষেত্ৰত প্লেচমেণ্ট সহায়ো প্ৰদান কৰে।

এপ্ৰেণ্টিছশ্বিপ হৈছে শিকি থাকোঁতেই কাম কৰাৰ এক প্ৰশিক্ষণ ব্যৱস্থা। ইয়াত আই টি আই, পলিটেকনিক, ডিপ্লমা, অভিযান্ত্ৰিক বা অন্যান্য কাৰিকৰী শিক্ষা সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে উদ্যোগ বা প্ৰতিষ্ঠানত অভিজ্ঞ তত্বাৱধায়কৰ অধীনত বাস্তৱ কৰ্মঅভিজ্ঞতা লাভ কৰে। উৎপাদন প্ৰক্ৰিয়া, যন্ত্ৰপাতিৰ ব্যৱহাৰ, গুণগত নিয়ন্ত্ৰণ, সুৰক্ষা বিধি, দলীয় কাম আৰু কৰ্মসংস্কৃতিৰ ব্যৱহাৰিক অভিজ্ঞতা এই ব্যৱস্থাৰ মূল বৈশিষ্ট্য। কাৰ্যসূচী অনুসৰি ইয়াৰ সময়সীমা ছমাহৰ পৰা তিনিবছৰলৈকে হ’ব পাৰে। বেছিভাগ ক্ষেত্ৰতে মাহেকীয়া ষ্টাইপেণ্ড দিয়া হয় আৰু বহু প্ৰতিষ্ঠানে সফল প্ৰশিক্ষাৰ্থীক স্থায়ী চাকৰিৰ সুযোগো প্ৰদান কৰে। বৰ্তমান ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এন এ পি এছ) আৰু ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ আঁচনি (এন এ টি এছ)ৰ  জৰিয়তে বিভিন্ন খণ্ডত এপ্ৰেণ্টিছশ্বিপৰ সুযোগ ক্ৰমাৎ বৃদ্ধি পাইছে।

ডিপ্লমা কাৰ্যসূচী কেৱল অভিযান্ত্ৰিক শিক্ষাতে সীমাবদ্ধ নহয়। ফাৰ্মাচী, হোটেল মেনেজমেণ্ট, মেডিকেল লেবৰেটৰী টেকন’লজি, ফেশ্বন ডিজাইন, ইণ্টেৰিয়ৰ ডিজাইন, কৃষি, কম্পিউটাৰ এপ্লিকেচন, এনিমেচন, মাল্টিমিডিয়া, ৰেডিঅ’লজি, পৰ্যটন, বিমান পৰিবহণ, সাংবাদিকতা, অফিচ মেনেজমেণ্ট আদি বহুতো ক্ষেত্ৰত ডিপ্লমা পাঠ্যক্ৰম উপলব্ধ। পাঠ্যক্ৰম অনুসৰি ইয়াৰ সময়সীমা সাধাৰণতে এবছৰৰ পৰা তিনি বছৰ। তাত্ত্বিক শিক্ষাৰ লগতে প্ৰকল্প, ইণ্টাৰশ্বিপ, পৰীক্ষাগাৰ আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলক সংশ্লিষ্ট ক্ষেত্ৰৰ পেছাদাৰী দক্ষতাৰে গঢ়ি তোলে। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত চাকৰি অথবা উচ্চ শিক্ষাৰ দুয়োটা পথেই মুকলি থাকে।

এই পাঁচোটা শিক্ষাৰ পথৰ উদ্দেশ্য একে নহয়। আই টি আইৰ মূল লক্ষ্য হৈছে নিৰ্দিষ্ট ট্ৰেডত দক্ষ কাৰিকৰী কৰ্মী গঢ়ি তোলা। পলিটেকনিকে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিভিত্তিক ডিপ্লমা শিক্ষা প্ৰদান কৰে। পি এম কে ভি ৱাইয়ে কম সময়ৰ ভিতৰত উদ্যোগ-প্ৰাসংগিক দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এপ্ৰেণ্টিছশ্বিপে বাস্তৱ কৰ্মঅভিজ্ঞতা আৰু পেছাদাৰী সংস্কৃতিৰ সৈতে পৰিচয় কৰায়। আনহাতে, ডিপ্লমা কাৰ্যসূচীয়ে বিভিন্ন কাৰিকৰী আৰু পেছাদাৰী ক্ষেত্ৰত বিশেষজ্ঞতা গঢ়ি তোলাত সহায় কৰে। সেয়েহে নিজৰ আগ্ৰহ, শৈক্ষিক অৰ্হতা, সামৰ্থ্য আৰু ভৱিষ্যৎ লক্ষ্য অনুসৰি উপযুক্ত পথ বাছনি কৰাটো অতি প্ৰয়োজনীয়।

পাঠ্যক্ৰম নিৰ্বাচনৰ সময়ত কেৱল আনৰ পৰামৰ্শ বা সামাজিক ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। নিজৰ আগ্ৰহ, যোগ্যতা, আৰ্থিক সামৰ্থ্য, দীৰ্ঘম্যাদী লক্ষ্য, লগতে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ স্বীকৃতি, শিক্ষাৰ মান, প্ৰশিক্ষণৰ সুবিধা, উদ্যোগৰ সৈতে সংযোগ, প্লেচমেণ্ট ৰেকৰ্ড আৰু উচ্চ শিক্ষাৰ সুযোগ আদি বিষয়সমূহ বিবেচনা কৰা উচিত। প্ৰয়োজন হ’লে অভিজ্ঞ কেৰিয়াৰ পৰামৰ্শদাতা, শিক্ষক বা বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল’ব পাৰে।

শেষত ক’ব পাৰি যে আজিৰ প্ৰতিযোগিতামূলক আৰু দক্ষতাভিত্তিক যুগত কোনো পাঠ্যক্ৰমক আন এটাতকৈ সৰু বা ডাঙৰ বুলি মূল্যায়ন কৰাৰ অৱকাশ নাই। আই টি আই, পলিটেকনিক, পি এম কে ভি ৱাই, এপ্ৰেণ্টিছশ্বিপ আৰু বিভিন্ন ডিপ্লমা কাৰ্যসূচী—প্ৰত্যেকটোৰ নিজস্ব উদ্দেশ্য, বৈশিষ্ট্য আৰু গুৰুত্ব আছে। সফলতা কেৱল ডিগ্ৰী বা প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে; ই মূলতঃ সঠিক পথ নিৰ্বাচন, উৎকৃষ্ট দক্ষতা, অধ্যৱসায়, শিকাৰ মানসিকতা, অনুশাসন আৰু ইতিবাচক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ লক্ষ্য আৰু সামৰ্থ্যৰ সৈতে সামঞ্জস্য থকা পথ বাছি লৈ নিষ্ঠা আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে এই পাঁচোটা পথৰ যিকোনো এটিয়েই সফল কেৰিয়াৰৰ দুৱাৰ মুকলি কৰিব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।