নগাঁৱত দুই সতীর্থক গুলীয়াই হত্যা কৰি জোৱানৰ আত্মহত্যা

নগাঁৱত দুই সতীর্থক গুলীয়াই হত্যা কৰি জোৱানৰ আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে নগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷  মঙলবাৰে নিচেই পুৱাতে নগাঁও চহৰৰ গাতে লাগি থকা কাটিমাৰীস্থিত ৩৪নং চি আৰ পি এফ বেটেলিয়নৰ কেম্পত দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  ঘটনাৰ বিৱৰণি মতে,  মঙলবাৰে পুৱা প্রায় ৭ বজাত চি আৰ পি এফৰ এই শিবিৰত কৰ্তব্যৰত এজন জোৱানে তেওঁৰ সতীর্থ দুজন জোৱানক মাৰণাস্ত্ৰৰে গুলীয়াই হত্যা কৰে আৰু আন এজন জোৱানকো গুলীৰে গুৰুতৰভাৱে আহত কৰাৰ পিছত জোৱানজনে আত্মহত্যা কৰে। ৩৪নং চি আৰ পি এফ বেটেলিয়নত কৰ্মৰত অন্ধ্রপ্রদেশৰ এ এছ আই/জি ডি বল্লানী প্ৰেমাবৰমে অস্ত্ৰ অবিহনে পুৱা শিবিৰটোৰ মুখ্য দ্বাৰত কৰ্তব্য পালন কৰি আছিল। কিছু সময়ৰ পিছত তেওঁ গার্ড ৰুমলৈ যায় আৰু তাৰ পৰা এটা ‘ইনছাছ’ ৰাইফল লৈ কোৱাৰ্টাৰ গাৰ্ডৰ পিছফালে গৈ এই ভয়ংকৰ ঘটনা সংঘটিত কৰে। প্রথমে তেওঁ শোৱাপাটীত থকা ক’ড কমাণ্ডাৰ এইচ ভি/জি ডি বিষ্ণু প্রসাদ বাঘেললৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত থিতাতে নিহত হয় বাঘেল উপাধিৰ জোৱানজন। ইয়াৰ পিছতে আতংকৰ সৃষ্টি কৰা প্ৰেমাবৰমে নথি-পত্ৰ পৰীক্ষা তথা ডাক ডিউটীৰ দায়িত্বত থকা এ এছ আই/জি ডি ৰামনৱাল সিং যাদৱলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত ৰামনৱাল সিং যাদবো থিতাতে নিহত হয়। এই দুজন জোৱানক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁ বি/১৭১ বেটেলিয়নৰ ডাক ডিউটীৰ দায়িত্বত থকা এ এছ আই মানে গোবিন্দ শ্রীপুললৈ লক্ষ্য কৰি গুলীচালনা কৰাত জোৱানজন গুৰুতৰভাৱে আহত হয়। এই শিহৰণকাৰী ঘটনা সংঘটিত কৰি প্ৰেমাবৰমে বি/১৭১ বেৰেকত প্ৰৱেশ কৰি নিজৰ গালৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু লগে লগে তেওঁৰ মৃত্যু হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে চি আৰ পি এফৰ শিবিৰটোত হাহাকাৰ লাগে আৰু আতংকৰ সৃষ্টি হয়। ইপিনে গুৰুতৰভাৱে আহত মানে গোবিন্দ শ্রীপুলক ততাতৈয়াকৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। লগতে নিহত তিনিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত চি আৰ পি এফ আৰু নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভকৰে। ঘটনা সন্দৰ্ভত চি আৰ পি এফে বিশেষ কোনো তথ্য সদৰী কৰা নাই। এই ভয়ংকৰ ঘটনা কিয় সংঘটিত হ’ল সেই সম্পর্কে বিস্তাৰিতভাৱে জানিব পৰা হোৱা নাই যদিও এক সূত্ৰৰ মতে প্ৰেমাবৰম নামৰ জোৱানজন আজি কিছুদিন ধৰি মানসিক চাপত ভুগি আছিল। যাৰ বাবে ৩৪ নং চি আৰ পি এফ বেটেলিয়ন কর্তৃপক্ষই তেওঁক আবণ্টিত অস্ত্র দিয়া নাছিল। জোৱানজনে মানসিক ভাৰসাম্য হেৰুৱাই এই ঘটনা সংঘটিত কৰিলে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে। এই ভয়ংকৰ ঘটনাত নিহত হ’ল বাল্লানী প্ৰেমাবৰমৰ ঘৰ অন্ধপ্ৰদেশৰ প্ৰকাশম জিলাৰ অনগলিত, ৰামনৱাল সিং যাদৱৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিপুৰ জিলাৰ সিংহাপুৰত আৰু বিষ্ণু প্রসাদ বাঘেলৰ ঘৰ মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ ভিকেৱাডাত আৰু আহতজনৰ ঘৰ ক’ত সেয়া জানিব পৰা হোৱা নাই। নিহতসকলক মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। শেহতীয়া খবৰ অনুসৰি চি আৰ পি এফৰ উত্তৰ-পূবৰ মহাপৰিদৰ্শক পি আৰ জাম্ভলকাৰ নগাঁৱৰ ৩৪নং বেটেলিয়ন কেম্পত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্তৰ ব্যৱস্থা গ্রহণ কৰে। ভয়ংকৰ এই ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।