ভাৰতত হ’ব ২০৩০ৰ কমনৱেলথ গেমছ
ৰঙিলী বাৰ্ত্তাসেৱা- ১১ দিন ধৰি স্কটলেণ্ডৰ গ্লাছগ’ত চলা কমনৱেলথ গেমছৰ দেওবাৰে সফল সামৰণি পৰে। গ্লাছগ’ কমনৱেলথ গেমছত ভাৰতে পদক তালিকাত চতুর্থ স্থান লাভ কৰে। ১৩টা স্বর্ণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৯টা পদক লাভ কৰি চতুৰ্থ স্থান অধিকাৰ কৰি প্ৰপ্রতিযোগিতাখনত অভিযান সামৰে। দেওবাৰৰ অন্তিম দিনা ভাৰতীয় এথলীটে চাইক্লিং আৰু জুডোত অংশগ্রহণ কৰিছিল যদিও পদক জয় কৰিবলৈ সক্ষম নহ’ল। ইফালে পদক তালিকাত অস্ট্রেলিয়াই শীর্ষ স্থান অধিকাৰ কৰে। ৭০টা স্বর্ণ, ৪৫টা ৰূপ আৰু ৫৬টা ব্রঞ্জসহ মুঠ ১৭১টা পদক দখল কৰে অষ্ট্ৰেলিয়াই। ১১০টা পদকেৰে ইংলেণ্ডে দ্বিতীয়, ৬২টা পদকেৰে কানাডাই তৃতীয় আৰু আয়োজক স্কটলেণ্ডে ৩৯টা পদকেৰে পঞ্চম স্থান লাভ কৰে। দেওবাৰে প্ৰতিযোগিতাখনৰ সামৰণি পৰাৰ পিছত কমনৱেলথ গেমছৰ বেটন ভাৰতৰ হাতত অর্পণ কৰা হয়। ২০৩০ চনত ভাৰতৰ আহমেদাবাদত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ। প্রসংগক্রমে উক্ত বছৰটো হ’ব কমনৱেলথ গেমছৰ শতবার্ষিকী। ১৯৩০ চনত কানাডাত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। সেই সময়ত ইয়াক ব্রিটিছ এম্পায়াৰ গেমছ বুলি জনাজাত আছিল। পিছত প্রতিযোগিতাখনৰ নাম সলনি কৰা হয়। অষ্ট্ৰেলিয়াৰ পিছত ভাৰত দ্বিতীয়খন দেশ য’ত কমনরেলথ গেমছ একাধিকবাৰ অনুষ্ঠিত হ’বলৈ গৈ আছে। মন কৰিবলগীয়া যে ভাৰতে ২০১০ চনত দিল্লীত কমনৱেলথ গেমছৰ আয়োজন কৰিছিল। দেওবাৰে গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২৬ৰ বর্ণিল সামৰণী সমাৰোহত আনুষ্ঠানিকভাৱে কমনৱেলথ গেমছ-২০৩০ৰ আয়োজনৰ দায়িত্ব ভাৰতক হস্তান্তৰ কৰা হয়। ইয়াৰ লগে লগে আৰম্ভ হয় আহমেদাবাদ-২০৩০ৰ কাউন্ট ডাউন। কমনৱেলথ গেমছৰ বেটন তাৰকা এথলীট নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পিটি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্রী হৰ্ষ ছাংভিক প্ৰদান কৰে। কমনৱেলথ গেমছৰ পতাকা ভাৰতৰ হাতলৈ অহাৰ মুহূৰ্ততো সমগ্র অনুষ্ঠানৰ আটাইতকৈ বিশেষ আকর্ষণ হৈ পৰে। ভাৰতে কমনৱেলথ গেমছৰ বৰ্ণিল সামৰণী অনুষ্ঠানত নিজৰ সমৃদ্ধ সংস্কৃতিৰ এক মনোমোহা ছবি দাঙি ধৰে। প্ৰায় ১৮ মিনিটৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত, নৃত্য আৰু আধুনিক প্রযুক্তিৰ অপূর্ব সংমিশ্রণে সকলোকে মুগ্ধ কৰে। এথলীটসকলৰ পেৰেডত বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা বক্সাৰ জেছমিন লেম্ব’ৰিয়াই জাতীয় পতাকা লৈ ভাৰতীয় দলটোক নেতৃত্ব দিয়ে।
