যশপ্রীত বুমৰাহৰ স্থানত আকিব নবী

Pc Yahoo Sports

যশপ্রীত বুমৰাহৰ স্থানত আকিব নবী

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্রীলংকাৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখনীয়া টেষ্ট মেচৰ শৃংখলাৰ পূৰ্বে দলৰ পৰা বাদ পৰিল যশপ্রীত বুমৰাহ।  বুমৰাহ বাদ পৰাৰ পিছত জম্মু-কাশ্মীৰৰ আকিব নবীয়ে তেওঁৰ স্থানত দলত সুযোগ পাব বুলি চর্চা চলিছিল। সেই জল্পনা-কল্পনা এতিয়া সঁচাত পৰিণত হৈছে। শ্রীলংকা ভ্ৰমণত বুমৰাহৰ স্থানত আকিব নবীক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে। ইফালে বুমৰাহৰ আঘাতে ইতিমধ্যে চিন্তিত কৰি তুলিছে ভাৰতীয় দলটোক। ইপিনে বাশ্বিংটন সুন্দৰেও শৃংখলাৰ প্ৰথমখন টেষ্টত অংশগ্রহণ কৰিব নোৱাৰিব বুলি চর্চা চলিছে। ফলত টেষ্ট শৃংখলাটোৰ দল গঠনৰ বাবে সমস্যাৰ সন্মুখীন হ’ব অধিনায়ক শুভমন গিল। মন কৰিবলগীয়া যে দুদিন পূর্বে ফিট বুলি ঘোষণা কৰা বুমৰাহে শেহতীয়াভাৱে পুনৰ আঁঠুত অস্বস্তি অনুভৱ কৰিছে। ব’ৰ্ডে তাৰকা পেচ বলাৰগৰাকীৰ লগত কোনো ধৰণৰ ৰিক্স ল’বলৈ অনিচ্ছুক। কাৰণ সন্মুখত এছিয়ান গেমছ, ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দৰে শৃংখলা আছে। আনহাতে অহা বছৰৰ শেষৰ ফালেও অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ। সেয়েহে শ্রীলংকাৰে খেলিবলগীয়া টেষ্ট মেচৰ শৃংখলাটোত বুমৰাহক বাদ দিয়াৰ সিদ্ধান্ত লয় ব’র্ডে। ইপিনে এতিয়ালৈ আকিবে দেশৰ জাৰ্জীত খেলা নাই। যদিহে শ্রীলংকা ভ্রমণত তেওঁ সুযোগ পায় তেন্তে সেয়া হ’ব তেওঁৰ অভিষেক শৃংখলা। ঘৰুৱা ক্রিকেটত দুর্দান্ত বলিং প্রদর্শন দাঙি ধৰাৰ বাবে আকিবক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে। বিগত দুটা ৰঞ্জি ট্রফীৰ ছীজনত ১০৪টা উইকেট দখল কৰা আকিবে অকল ২০২৫-২৬ চনত ৬০টা উইকেট দখল কৰিছে। আকিবৰ এই দুর্দান্ত প্ৰদৰ্শনৰ বাবে জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্রফী লাভ কৰিবলৈ সক্ষম হৈছে।