জীৱনৰ অসাৰতা – ভটিমা ৰাজবংশী

Pc Medium

জীৱনৰ অসাৰতা

 ভটিমা ৰাজবংশী,নলবাৰী

জীৱনৰ মোহ-মায়াত পৰি
সাগৰৰ নৌকাত ঘৰ সাজিলোঁ,
কল্পনা-জল্পনাৰ বাসনাত পৰি
নৌকাৰ বঠা হেৰুৱালোঁ।
মোৰ আপোন-আপোন বুলি
কত ঋতু পাৰ কৰিলোঁ,
কালৰ ছাঁ-পোহৰত পৰি
বুকুৰ আপোনবোৰক হেৰুৱালোঁ।
ধন-সম্পত্তিৰ লালসাত পৰি
অহৰ্নিশে সপোনৰ পিছত দৌৰিলোঁ,
সপোনে সপোনৰ বাট নিচিনি
অজান হাবিত সোমাই পৰিলোঁ।
ওখ গছৰ ছাঁ বিচাৰি
চোতালৰ দূবৰিক ভৰিৰে গচকিলোঁ,
ধুমুহাৰ সোঁতত গছ উভালি
দূবৰিক হে ভৰিৰ তলত পালোঁ।
অণ্ঠ-কণ্ঠ শুকাই বুলি
সাগৰৰ লুণীয়া পানী খালোঁ,
নীলা পানীৰ গভীৰতা দেখি
মই মূঢ়মতি অৰ্থ নুবুজিলোঁ।
এই জীৱনৰ সাৰ নুবুজি
নেদেখাজনক আওকাণ কৰি গ’লোঁ,
সাগৰৰ নৌকাত ঘৰ সাজি
জীৱনত হাবু-ডুবু খালোঁ।
অসাৰ ধন-সম্পত্তি গঢ়ি
নিজৰ বুলি সাঁচি ৰাখিলোঁ,
বয়সৰ ভৰত চকুৰে নেদেখি
লাঠী এডাল হে লগত পালোঁ।