বানপানী-সংকট, সচেতনতা আৰু কৰণীয়
লক্ষীনন্দন কলিতা
অসম প্ৰকৃতিৰ অপাৰ সৌন্দৰ্যৰে সজীৱ এখন ৰাজ্য। বিশাল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনদীয়ে এই ভূমিক উৰ্বৰ কৰি তুলিছে। কিন্তু এই নদ-নদীয়েই প্ৰতিবছৰে বাৰিষাৰ আগমনৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰি লাখ লাখ মানুহৰ জীৱনত অমানিশা নমাই আনে। বৰ্তমান সময়তো উজনি অসমকে ধৰি ৰাজ্যখনৰ বহু অঞ্চলত বানপানীয়ে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। অবিৰাম বৰষুণ, পাহাৰীয়া ঢল আৰু নদ-নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত বহু গাঁও সম্পূৰ্ণৰূপে প্লাৱিত হৈছে। বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী, শস্য, গৃহপালিত পশু আৰু জীৱিকাৰ সম্বল হেৰুৱাই অসহায় জীৱন কটাবলগীয়া হৈছে।
বানপানী কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, ই মানুহৰ জীৱন, সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ ওপৰত গভীৰ আঘাত হানে। পানীৰ সোঁতে বহু পথ-দলং ভাঙি পেলায়, বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আৰু চৰকাৰী অনুষ্ঠানসমূহ ক্ষতিগ্ৰস্ত হয়। শিক্ষাৰ্থীৰ পঢ়া-শুনা ব্যাহত হয়, কৃষকৰ বছৰজোৰা পৰিশ্ৰম মুহূৰ্ততে নষ্ট হৈ যায়। খেতিপথাৰ, বাগিচাবোৰ পানীত তল যোৱাৰ ফলত খাদ্য উৎপাদন হ্ৰাস পায় আৰু অৰ্থনৈতিক ক্ষতি বৃদ্ধি পায়। বহু পৰিয়ালে আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হয়, য’ত খাদ্য, বিশুদ্ধ পানী, স্বাস্থ্যসেৱা আৰু পৰিচ্ছন্নতাৰ অভাৱ দেখা দিয়ে। বানৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি আৰু অধিক চিন্তাজনক। দূষিত পানীৰ বাবে ডায়েৰিয়া, জ্বৰ, ছালৰ ৰোগ, সাপৰ দংশন আদি বিভিন্ন সমস্যাই দেখা দিয়ে। শিশুসকল, বৃদ্ধসকল আৰু গৰ্ভৱতী মহিলাসকল আটাইতকৈ বেছি কষ্ট ভোগ কৰে। বহু ঠাইত বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত উদ্ধাৰ আৰু সাহায্য কাৰ্যতো অসুবিধাৰ সৃষ্টি হয়। বৰ্তমান সময়ত অসমৰ বহু অঞ্চল বানৰ ভয়াবহতাৰ সন্মুখীন হৈছে। হাজাৰ হাজাৰ পৰিয়াল বানপানীৰ বাবে গৃহহীন হৈ পৰিছে। বহুতে বিদ্যালয়, নামঘৰ বা চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। বহু পশু-পক্ষীৰো মৃত্যু হৈছে। এনে পৰিস্থিতিয়ে স্পষ্টকৈ দেখুৱাইছে যে বানপানী কেৱল এটা ঋতুগত সমস্যা নহয়,ই সামাজিক, অৰ্থনৈতিক আৰু মানৱীয় সংকটলৈ ৰূপান্তৰিত হৈছে।
এই সংকটৰ সময়ত ৰাইজৰ কৰণীয় অতি গুৰুত্বপূৰ্ণ। বানৰ সতৰ্কবাণী আৰু প্ৰশাসনৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগে। বিপদজনক স্থানত অৱস্থান নকৰি সময়মতে নিৰাপদ ঠাইলৈ স্থানান্তৰিত হ’ব লাগে। পৰিয়ালৰ বাবে বিশুদ্ধ পানী, শুকান খাদ্য, ঔষধ, টৰ্চ, মমবাতি, অত্যাৱশ্যকীয় নথি-পত্ৰ আদি আগতীয়াকৈ সাজু কৰি ৰাখিব লাগে। সমাজৰ প্ৰতিজন সক্ষম ব্যক্তিয়ে বানপীড়িত লোকসকলৰ সহায়ত আগবাঢ়ি অহাটো নৈতিক দায়িত্ব। খাদ্য, কাপোৰ, ঔষধ, খোৱাপানী, শিশুখাদ্য আৰু আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে স্বেচ্ছাসেৱী হিচাপে উদ্ধাৰ আৰু ত্ৰাণ কাৰ্যত অংশগ্ৰহণ কৰিব লাগে। বিশেষকৈ বৃদ্ধ, শিশু, অসুস্থ ব্যক্তি আৰু গৰ্ভৱতী মহিলাসকলৰ প্ৰতি অধিক যত্ন লোৱা উচিত। বানৰ ক্ষতি হ্ৰাস কৰিবলৈ আমি পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। বনাঞ্চল ধ্বংস, নদীসমূহ বাম, জলাশয় পূৰণ আৰু অপৰিকল্পিত নগৰায়ণৰ ফলত বানৰ সমস্যা অধিক জটিল হৈ পৰিছে। সেয়ে অধিক গছপুলি ৰোপণ, নদী-নলা পৰিষ্কাৰ ৰখা, পৰিৱেশ সংৰক্ষণ আৰু বিজ্ঞানসম্মত বান নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাটো সময়ৰ দাবী। অসমৰ ইতিহাসে আমাক শিকাইছে যে বিপদৰ সময়ত অসমীয়া সমাজে সদায় একতাৰ পৰিচয় দিছে। যুৱসমাজ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সামাজিক অনুষ্ঠান আৰু সাধাৰণ ৰাইজে বানৰ সময়ত একেলগে কাম কৰিলে বহু জীৱন ৰক্ষা কৰিব পাৰি। মানৱতা, সহমৰ্মিতা আৰু সহযোগিতাৰ মনোভাৱেই এনে দুৰ্যোগৰ সময়ত আটাইতকৈ ডাঙৰ শক্তি। বানপানী অসমৰ এক চিৰাচৰিত বাস্তৱতা হ’লেও ইয়াৰ সৈতে যুঁজ দিয়াৰ শক্তিও অসমৰ জনসাধাৰণৰ আছে। সচেতনতা, বিজ্ঞানভিত্তিক পৰিকল্পনা, পৰিৱেশ সংৰক্ষণ, চৰকাৰৰ সুদৃঢ় পদক্ষেপ আৰু ৰাইজৰ ঐক্যবদ্ধ সহযোগিতাৰ জৰিয়তে বানৰ ক্ষয়-ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। দুৰ্যোগৰ এই কঠিন সময়ত আমি যদি স্বাৰ্থৰ ঊৰ্ধ্বত উঠি মানৱতাৰ হাত আগবঢ়াওঁ, তেন্তে এই দুখৰ মাজতো আশাৰ পোহৰ জ্বলাই ৰাখিব পাৰিম। বানৰ সোঁতে ঘৰ-দুৱাৰ উটুৱাই নিব পাৰে, কিন্তু মানুহৰ সাহস, সহানুভূতি আৰু ঐক্যক কেতিয়াও উটুৱাই নিব নোৱাৰে। সেই ঐক্য আৰু দায়িত্ববোধেই হ’ব এখন অধিক সুৰক্ষিত, সচেতন আৰু শক্তিশালী অসমৰ ভিত্তি।
