ঠিকনাটো চিনি পোৱানে?
ড° কংকনা মেধি
মোক বাৰু তাত সদায় লগ নাপাবা…,
মই এতিয়া লুইতপৰীয়া হ’লোঁ।
তথাপি ঠিকনাটো ৰাখি থোৱা…।
আমাৰ গাঁৱলৈ সোমোৱা বাটটোৰ সমুখতে নীলাকৈ এটা পাহাৰ দেখিবা,
গাঁৱলৈ সোমাওঁতে বাওঁফালে মন কৰি যাবা,
যাৰ চোতালত ঢেৰ গছ আৰু ফুলনি দেখিবা,
য’ত সৰু সৰু চৰাইবোৰৰ মাত বেছিকৈ শুনিবা,
সেইখনেই আমাৰ ঘৰ…।
গছ ভালপোৱা মায়ে উভতাৰ পৰত হয়তো এখন ৰুমাল,
নাইবা এখন গামোচা দি পঠিয়াব।
চৰাই ভালপোৱা দেউতাই
নিজে কৰা খেতিৰ পাচলি এভাগ দিবলৈ উথপথপ লগাব,
ভাইটিয়ে পদূলিলৈকে আগুৱাই দিব।
ঘৰৰ কাষতে নামঘৰ এটা আছে,
আৰু পিছফালে এটা ৰজাৰ দিনৰ বৰপুখুৰী।
কেতিয়াবা আবেলি মই তাৰ পাৰতে বহি থাকোগৈ।
নিজান নিস্তব্ধতাত সেউজীয়া উশাহ লওঁ…।
আৰু কোনোবা আইতাই দেখিলে কয় —
“সন্ধিয়া ইয়াত চুলি মেলি নবহিবি।
ওচৰতে আই থান আৰু গৰখীয়া থান আছে,
কেতিয়াবা দেৱতাৰো নজৰ লাগে…।”
