বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৯ লাখকৈ টকাৰ চেক
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া প্রলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক চৰকাৰে ঘোষণা কৰা সাহায্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰ-জিলা প্রশাসনে। শিৱসাগৰত বানত মৃত্যু হোৱাৰ লোকৰ পৰিয়ালৰ হাতত চৰকাৰে তুলি দিলে ৯ লাখ টকাৰ সাহায্যৰ চেক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে কৰা ঘোষণা অনুসৰি এনে পৰিয়ালসমূহে ৯ লাখ টকাকৈ লাভ কৰিব। ইয়াৰে ৪ লাখ টকা চৰকাৰী অনুদান আৰু ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ। জিলা আয়ুক্ত মৃদুল যাদৱে জানিবলৈ দিয়া মতে শিৱসাগৰত মুঠ ৩৪জন লোকে সাম্প্রতিক বানত প্রাণ হেৰুৱাইছে। ইয়াৰে ৩০জন মৃতকৰ পৰিয়ালৰ প্ৰত্যেককে ৯ লাখ টকাৰ চেক দিয়া হৈছে। বাকীকেইটা পৰিয়ালকো ৪৮ ঘণ্টাৰ ভিতৰত সম পৰিমাণৰ ধনৰ চেক প্রদান কৰা হ’ব। এমাহ পিছতে নিৰুদ্দিষ্ট লোকসকলৰ পৰিয়ালেও এই সম পৰিমাণৰ অনুদান লাভ কৰিব। আনহাতে ক্ষতিগ্রস্তৰ ছাৰ্ভেৰ বাবে প্রতিখন গাঁৱতে গঠন কৰা হৈছে একোটাকৈ দল। শিৱসাগৰ পৌৰসভাত ১৪টা, শিৱসাগৰ ৰাজহ চক্রত ১৩১টা, ডিমৌ ৰাজহ চক্ৰত ৪৩টা, নাজিৰা ৰাজহ চক্ৰত ১০৬টা, সোণাৰি ৰাজহ চক্ৰত ১৯টা দল নির্ধাৰণ কৰিছে। কাইলৈৰ পৰা বিভিন্ন গাঁৱলৈ গৈ কাম আৰম্ভ কৰিব বুলি জিলা আয়ুক্ত যাদৱে জানিবলৈ দিয়ে।উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এইবাৰ অৰুণোদয় আঁচনিৰ ধন ৩ আগষ্টৰ পৰিৱৰ্তে ১ আগষ্টতে প্ৰদান কৰিব। বানপীড়িত চাৰিখন জিলাৰ পৰিয়ালৰ বাবে এইবাৰ ১২৫০ টকাৰ সলনি ২৫০০ টকাকৈ আগবঢ়োৱা হ’ব অৰুণোদয়ৰ ধন।
