বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় আন্তঃমন্ত্ৰালয়ৰ দলে

বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় আন্তঃমন্ত্ৰালয়ৰ দলে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াৰ সৈতে উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অহা কেন্দ্রীয় আন্তঃমন্ত্ৰালয় দলৰ সৈতে শিৱসাগৰ জিলাৰ বান সাহায্য অভিযান আৰু ক্ষয়-ক্ষতি সন্দৰ্ভত আলোচনাত মিলিত হয় । শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (দুর্যোগ ব্যৱস্থাপনা) এম ৰামচন্দ্ৰডুৰ নেতৃত্বত অহা চাৰিজনীয়া কেন্দ্ৰীয় দলৰ সৈতে আলোচনাত মিলিত হয় জিলা আযুক্ত মৃদুল যাদৱসহ জিলা প্ৰশাসনৰ এটা শিক্ষক পৰ্যায়ৰ বিষয়াৰ দলে। বৈঠকত শিৱসাগৰ জিলাৰ শেহতীয়া বানৰ প্রকোপ আৰু বিধ্বংসী প্রভাৱৰ বিষয়ে সবিশেষ কেন্দ্রীয় বান পর্যবেক্ষণকাৰী দলক অৱগত কৰোৱা হয়। কেন্দ্রীয় উচ্চস্তৰীয় দলটোত আছিল কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, বিত্ত মন্ত্রালয়ৰ যুটীয়া সচিব (ব্যয় সচিব) মহেশ কুমাৰ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজ আৰু ৰাষ্ট্ৰীয় ৰিম’ট চেনজিং কেন্দ্ৰৰ বিজ্ঞানী ড° এছভিএছপি শর্মা। এই আলোচনাত জিলা প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰা উদ্ধাৰ অভিযান, আশ্রয় শিবিৰৰ ব্যৱস্থাপনা আৰু বন্যার্তসকললৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে বানৰ ফলত আন্তঃগাঁথনিগত ব্যৱস্থা, কৃষিক্ষেত্ৰ আৰু পশুধনৰ হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ তথ্য আলোকচিত্রসহ জিলা আযুক্তই উপস্থাপন কৰে। জিলা প্ৰশাসনৰ সৈতে বৈঠক সম্পন্ন কৰাৰ পিছতে কেন্দ্ৰীয় দলটোৱে বিহুবৰ, নাজিৰা, চণ্টক, বেতবাৰীসহ জিলাখনৰ কেইবাটাও বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰে। ইফালে, এক সংবাদ মেলযোগে দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই শিৱসাগৰ জিলাত ৩৮৫খন গাঁৱৰ ৪ লাখ ৩ হাজাৰ ১৩৪গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১জন লোকৰ বানত প্রাণহানি হৈছে বুলি সদৰী কৰাৰ লগতে আন তিনিজন সন্ধানহীন হৈ থকাৰ কথা প্রকাশ কৰে। মন্ত্রী বড়াই সদৰী কৰা মতে, এতিয়ালৈকে জিলাখনত ২৮ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে প্রায় ৬৪ হাজাৰ গৰু-ছাগলী-গাহৰি আৰু প্ৰায় ৭৫ হাজাৰ হাঁহ-কুকুৰা ক্ষতিগ্রস্ত হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এতিয়ালৈকে জিলা প্রশাসনে এছডিআৰএফ, এনডিআৰএফ, স্থলসেনা, বায়ুসেনাৰ সহযোগত ১২১খন নাৱৰ সহায়ত ২০,৫২০গৰাকী লোকক উদ্ধাৰ কৰা কৰিছে। এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা বন্যাৰ্তসকলক ২.৮৮ লাখ খাদ্যৰ পেকেট জৰুৰীকালীনভাৱে আগবঢ়োৱা হৈছে। ৬ লাখ ৭০ হাজাৰ লিটাৰ খোৱাপানী আৰু আশ্ৰয়ৰ বাবে ৩০ হাজাৰ পৰিয়ালক টাপলিন প্রদান কৰা হৈছে। মন্ত্রী বড়াই জনোৱা মতে, বানপীড়িতৰ মাজত এইপর্যন্ত ৯,৩০০ কুইন্টল চাউল, ১,৬৮৯ কুইন্টল দাইল, ৪৩৩ কুইণ্টল নিমখ, ৩৫,৪৫২ লিটাৰ মিঠাতেলৰ লগতে চিৰা, পশুখাদ্য, ছেনিটাৰী নেপকিন, মহ খেদোৱা ধূপ, দিয়াশলাই, ব্লিচিং পাউদাৰ, ফেনাইল আদি বিতৰণ কৰা হৈছে। ইয়াৰ উপৰি দৈনিক ৮ হাজাৰ লোকক চৰকাৰৰ তৰফৰ পৰা ৰন্ধা খাদ্য বিতৰণ কৰি থকা হৈছে। সম্প্রতি ১০০টা চিকিৎসকৰ দলে বিভিন্ন স্থানত চিকিৎসা সেৱা আগবঢ়াই আছে। এই বিধ্বংসী বানত ৩৫০খন বিদ্যালয়, ১০১টা বিদ্যুতৰ খুঁটা, ৪৬২খন জল জীৱন মিছনৰ আঁচনি, ৪টা শিশু উন্নয়ন প্রকল্পৰ ৩৬টা অংগনৱাড়ী কেন্দ্ৰ আৰু এটা সমূহীয়া ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২১৫টা পথৰ ১৫৮ কিঃমিঃ পথ আৰু ১৯টা স্থানত প্রায় ১২ কিঃমিঃ মথাউৰি ভাগিছে বুলি মন্ত্রী বিমল বড়াই সংবাদ মেলত প্রকাশ কৰে। উল্লেখ্য যে আজি দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই আমগুৰিত জাঁজী নৈৰ বানে ঘৰ-বাৰী উটুৱাই নিয়া বান দুৰ্গতৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ডিমৌ সমজিলাত সাহায্য অভিযানৰ পৰ্যালোচনা কৰে আৰু বেত বাৰীৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে।