লোকসভাত উত্থাপন প্রশ্নকাকত ফাদিলবিৰোধী কঠোৰ বিল
ৰঙিলী বাৰ্ত্তাসেৱা- দেশজোৰা উত্তাল ছাত্র বিক্ষোভত ‘নীট-ইউজি’ৰ প্ৰৱেশ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ পাছতে শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ দৃঢ় পদক্ষেপ গ্রহণ কৰিলে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মাজনিশা এক ভিডিঅ’ বাৰ্তাযোগে কৰা ঘোষণা তথা শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা প্রশ্নকাকত ফাদিলবিৰোধী কঠোৰ বিল ‘ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬’ কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে লোকসভাৰ মজিয়াত উত্থাপন কৰে । এই সংশোধনী বিধেয়কখনক আইনৰ ৰূপ দিয়াৰ মূল লক্ষ্য হৈছে ৰাজহুৱা তথা প্রতিযোগিতামূলক পৰীক্ষাত প্রশ্নকাকত ফাদিল, নকলৰ আশ্রয় লোৱা, কম্পিউটাৰ বা ডাটাবেছ হেকিং, ভুৱা পৰীক্ষাৰ্থী, পৰীক্ষাত সংঘবদ্ধ মাফিয়া চক্ৰৰ দপদপনি আদিৰ দৰে দুষ্কাৰ্য সম্পূৰ্ণৰূপে নির্মূল কৰা। লক্ষণীয়ভাবে অতি গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপনৰ লগে লগে সংসদৰ উভয় সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিৰোধী কংগ্ৰেছসহ মিত্ৰদলৰ সাংসদসকলে। আনকি যাৰ বাবে দিনৰ ১২ বজাপর্যন্ত উভয় সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। অৱশ্যে দুঘণ্টা পিছত অৰ্থাৎ দিনৰ ২ বজাত পুনৰ আৰম্ভ হয় সদনৰ কাৰ্যক্ৰমণিকা। এই দুঘণ্টাৰ সময়ছোৱাত বিৰোধী শিবিৰে সংসদ ভৱনৰ চৌহদত বিক্ষোভ প্রদর্শন কৰাও পৰিলক্ষিত হয়। অৱশ্যে ইয়াৰ মাজতে অনুষ্ঠিত এক বৈঠকত প্রধান ৰাজনৈতিক দলসমূহৰ মাজত বিধেয়কখনৰ ওপৰত আলোচনা কৰাৰ ক্ষেত্ৰত সহমত সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতত সংসদত উদ্ভৱ হোৱা অচলাৱস্থাৰ বিপৰীতে নিম্ন সদনত বিধেয়কখন সন্দৰ্ভত দিনজোৰা আলোচনা হোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ ৰাজহুৱা পৰীক্ষা ব্যৱস্থাপনাক অধিক স্বচ্ছ আৰু সংস্কাৰমুখী কৰি তুলিবলৈ ঐক্যবদ্ধ দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংশোধনী বিধেয়কখনৰ ওপৰত বিশদ আলোচনাৰ বাবে ৬ ঘণ্টাৰ সময় ধাৰ্য কৰিছিল। অধ্যক্ষ বিৰলাই বিভিন্ন দলৰ সংসদীয় নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছতেই আলোচনাৰ বাট প্রশস্ত হোৱা বুলি বিভিন্ন সূত্রত প্রকাশ পাইছে। আলোচনাৰ অন্তত শাসক আৰু বিৰোধী দলৰ মাজত আজি বিধেয়কখনক লৈ বিস্তৃতভাৱে আলোচনা কৰিবলৈ সহমত গঢ়ি উঠে। উল্লেখ্য যে সমগ্র দেশজুৰি নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিলক লৈ গঢ়ি উঠা প্রতিবাদৰ পটভূমিত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে লোকসভাৰ কাম-কাজ আৰম্ভ হোৱা মাত্রই বিধেয়কখন উপস্থাপন কৰে। প্ৰস্তাৱিত সংশোধনী অনুসৰি পৰীক্ষা সম্পৰ্কীয় অনৈতিক কার্যত জড়িত ব্যক্তিৰ শাস্তি পূৰ্বৰ সৰ্বোচ্চ ৫ বছৰৰ পৰা বৃদ্ধি কৰি ১০ বছৰপৰ্যন্ত কাৰাদণ্ড আৰু ৫০ লাখ টকালৈকে জৰিমনাৰ বিধান ৰখা হৈছে। সংঘবদ্ধ অপৰাধৰ ক্ষেত্ৰত বৰ্তমানৰ ন্যূনতম ৫ বছৰৰ পৰিৱৰ্তে সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু জৰিমনা সর্বোচ্চ ১০ কোটি টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰি এই আইনৰ অধীনস্থ অপৰাধসমূহ ক্ষিপ্ৰভাৱে নিষ্পত্তি কৰিবলৈ বিশেষ ফাষ্টট্রেক ক’ৰ্ট গঠনৰ ব্যৱস্থাও গ্রহণ কৰা হৈছে।
