পুৰুষৰ ৬০ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ ঋষিকান্ত সিঙৰ

পুৰুষৰ ৬০ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ ঋষিকান্ত সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ কমনৱেল্থ গেমছত ভাৰতীয় ভাৰোত্তোলকসকলে উজ্জ্বল প্রদর্শন অব্যাহত ৰাখিছে। ভাৰতৰ ঋষিকান্ত সিং চানামবামে গ্লাছগো কমনৱেলথ গেমছৰ পুৰুষৰ ৬০ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰে। মণিপুৰৰ ২৮ বছৰীয়া ঋষিকান্ত সিঙে আঁঠুৰ আঘাত সত্ত্বেও ৰূপৰ পদক লাভ কৰে। ভাৰতীয় ভাৰোত্তোলক গৰাকীয়ে কমনৱেলথ গেমছৰ ৰেকৰ্ড প্ৰতিষ্ঠা কৰি তেওঁ স্নেৎছত ১২১ কেজি উত্তোলন কৰে। পিছে ক্লীন এণ্ড জার্কত মাথোঁ ১৪৩ কেজি ওজন দাঙিবলৈ সক্ষম হয়। মুঠ ২৬৪ কেজি উত্তোলন কৰি ঋষিকান্তে দ্বিতীয় স্থানত থাকি ৰূপৰ পদক পায়। মালয়েছিয়াৰ বিন কাছডান মহম্মদে কমনৱেলথ গেমছৰ ৰেকৰ্ড প্ৰতিষ্ঠা কৰি মুঠ ২৭৩ কেজিৰে সোণ জয় কৰে। কেনিয়াৰ মধুৱা আমুংগা এমবোৱাই ২৬০ কেজি ওজন দাঙি ব্ৰঞ্জৰ পদক হস্তগত কৰে। আনহাতে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত অভিষেকতে স্মৰণীয় সাফল্য লাভ কৰে ৰাজা মুথুপাণ্ডীয়ে। তেওঁ স্নেচত ১২৬ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১৬০ কিলোগ্রাম উত্তোলন কৰি মুঠ ২৮৬ কিলোগ্রাম ওজনৰে ৰূপৰ পদক জয় কৰে। মালয়েছিয়াৰ মুহাম্মদ আজনিল বিন বিদিনে নতুন কমনরেল্থ গেমছৰ অভিলেখ স্থাপন কৰি মুঠ ২৯৯ কিলোগ্রাম ওজন উত্তোলন কৰি স্বৰ্ণ পদক লাভ কৰে। পাপুৱা নিউ গিনিৰ মোৰিয়া বাৰুয়ে ২৮২ কিলোগ্রাম ওজন উত্তোলন কৰি ব্রঞ্জ পদক লাভ কৰে। ইয়াৰ পূৰ্বে, শুকুৰবাৰে পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰে পুৰুষৰ হেভীৱেইট শাখাত ব্ৰঞ্জ পদক জয় কৰি চলিত কমনৱেল্থ গেমছত ভাৰতৰ পদক অভিযানৰ শুভাৰম্ভ কৰিছিল।