কমনৱেলথ গেমছত স্বর্ণ পদক লাভ মীৰাবাঈ চানুৰ

কমনৱেলথ গেমছত স্বর্ণ পদক লাভ মীৰাবাঈ চানুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে৷ কমনৱেলথ গেমছত স্বর্ণ জয়ৰ হেটট্রিক অৰ্জন কৰি নজিৰ গঢ়িলে ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে। গ্লাছগোত চলি থকা প্রতিযোগিতাখনৰ চতুর্থ দিনা অনুষ্ঠিত মহিলাৰ ভাৰোত্তোলনৰ ৪৮ কেজি শাখাত স্বর্ণ পদক লাভ কৰে।  গ্লাছগো কমনৱেলথ গেমছৰ পূৰ্বে ২০১৮ চনৰ গ’ল্ড ক’ষ্ট আৰু ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছতো স্বর্ণ পদক জয় কৰিছিল মণিপুৰৰ তাৰকা ভাৰোত্তোলকগৰাকীয়ে। ইপিনে, কমনৱেলথ গেমছৰ ব্যক্তিগত শাখাত ক্রমাগত ৩বাৰ স্বৰ্ণপদক জয় কৰা মীৰাবাঈ চানু হ’ল ভাৰতৰ তৃতীয়গৰাকী এথলীট। মীৰাবাঈৰ পূৰ্বে এই গৌৰৱ অর্জন কৰিছিল মল্লযুঁজাৰু সুশীল কুমাৰ (২০১০, ২০১৪ আৰু ২০১৮) আৰু ভিনেশ ফ’গাটে (২০১৪, ২০১৮ আৰু ২০২২)।  মীৰাবাঈ চানুৱে আৰম্ভণিৰ পৰাই চমকপ্রদ প্ৰদৰ্শন দাঙি ধৰিছিল। অলিম্পিকত ৰূপৰ পদক জয়ী মীৰাবাঈয়ে স্লেটছ ইভেন্টৰ দ্বিতীয়টো প্রচেষ্টাত ৮২ কেজি উত্তোলন কৰি ৪৮ কেজি শাখাত কমনৱেলথ গেমছত নতুন অভিলেখ গড়ে। ইপিনে, পৰৱৰ্তী প্রচেষ্টাত ৮৫ কেজি উত্তোলন কৰি নিজৰেই অভিলেখ ভংগ কৰে। ইপিনে, ক্লীন এণ্ড জার্ক ইভেন্টৰ প্ৰথমটো প্রচেষ্টাত ১০৫ কেজি উত্তোলন কৰাত ব্যর্থ হয় যদিও পৰৱৰ্তী প্ৰচেষ্টাত সফল উত্তোলন কৰে। এয়াও কমনবেলথ গেমছত অভিলেখ। চানুৱে সৰ্বমুঠ ১৯০ কেজি উত্তোলন কৰি আন এক অভিলেখ ৰচে। আনহাতে স্বৰ্ণ পদক লাভ কৰাৰ পাছতে  সামাজিক মাধ্যমত পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে  লিখিছে, ‘‘ভাৰতীয় ভাৰোত্তোলনৰ আন এক গৌৰৱময় অধ্যায় ! প্ৰতিভাৱান মীৰাবাঈ চানুৱে পুনৰবাৰ কমনৱেলথ গেমছত ৪৮ কেজি শাখাত স্বৰ্ণপদক লাভ কৰি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিলে । একেৰাহে দুবাৰকৈ কমনৱেলথ গেমছত স্বৰ্ণপদক আৰু চতুৰ্থটো চিডব্লিউজি পদক লাভ কৰি তেওঁ প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা হৈয়েই আছে । তেওঁক অভিনন্দন ! ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শ্ৰেষ্ঠত্ব কামনা কৰিছো ।’’