ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত জিম্বাবুৱে
ৰঙিলী বাৰ্ত্তাসেৱা- জিম্বাবুৱেৰ বিৰুদ্ধে হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত প্রথম টি-২০ মেচত জিম্বাবুৱেক ৭ উইকেটত পৰাস্ত কৰি বিজয়েৰে শৃংখলাটো আৰম্ভ কৰিছে ভাৰতে। ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ মাত্র ১৮টা বলত অর্ধশতকে ভাৰতৰ জয় সহজ কৰি তোলে। এই জয়ৰ জৰিয়তে ভাৰতৰ টি-২০ অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে জয়ৰ সোৱাদ লাভ কৰে শ্রেয়াছ আয়াৰে। প্রথমে বেটিং কৰা জিম্বাবুৱেক ভাৰতৰ নতুন গতি আক্ৰমণৰ সন্মুখত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১২৫ ৰান সংগ্ৰহ কৰে। মায়ংক যাদৱে ২/১৮ আৰু প্রিন্স যাদৱে ২/১৯ বলিং কৰি জিম্বাবুৱেৰ বেটিং লাইনআপক বিপর্যস্ত কৰে। ১২৬ ৰানৰ লক্ষ্য খেদি নামি ভাৰতে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং কৰে। বৈভৱ সূর্যবংশীয়ে চাৰিটা চাৰি আৰু চাৰিটা ছিক্সাৰেৰে ১৮টা বলত দ্রুত অর্ধশতক সম্পূৰ্ণ কৰে। সপ্তম অভাৰত ৬৮ ৰানত তেওঁ আউট হোৱাৰ সময়লৈকে ভাৰতৰ জয় প্রায় নিশ্চিত হৈ পৰিছিল। প্ৰথমে বেটিং কৰি জিম্বাবুৱে পাৱাৰপ্লেৰ ৬ অভাৰত মাত্র ২৬ ৰান সংগ্ৰহ কৰি ৩টা উইকেট হেৰুৱায়। মায়ংক যাদৱে খেলৰ প্ৰথম বলতেই ব্রায়ান বেনেটক আউট কৰি ভাৰতক আদৰ্শ আৰম্ভণি দিয়ে। জিম্বাবুৱেৰ হৈ কেৱল ৱেছলী মাধেভেৰে ৩৪টা বলত ৩৯ ৰান কৰি কিছু প্ৰতিৰোধ গঢ়ে। এই খেলখনত জিম্বাবুৱেৰ হৈ বেন কাৰান আৰু নিউমেন নিয়ামহুৰিয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেক কৰে। আনহাতে ভাৰতৰ হৈ বেগী বলাৰ অশোক শৰ্মায়ো প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-২০ খেল খেলে। বৈভৱ সূর্যবংশীয়ে এই অর্ধশতকৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অর্ধশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে নতুন ইতিহাস গড়ে। সূর্যবংশী আউট হোৱাৰ পিছত ভাৰতৰ ৰানৰ গতি কিছু মন্থৰ হয় যদিও ঈশান কিষাণে ২৪টা বলত ৩৫ ৰান আৰু অধিনায়ক শ্রেয়াছ আয়াৰে অপৰাজিত ২৮ ৰান কৰি দলক জয়ৰ লক্ষ্যত উপনীত কৰে। তিলক বর্মাই বিজয়সূচক ৰান সংগ্ৰহ কৰে।
