দ্বিতীয় দিনাও প্রতিবাদত উত্তাল দিল্লী
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে দিল্লীত ক’কৰোচ্ছ জনতা পাৰ্টী তথা শিক্ষাৰ্থীয়ে সংসদ ভৱন ঘেৰাও কাৰ্যসূচীৰ সময়তে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত বহু প্ৰতিবাদকাৰী শিক্ষাৰ্থী আহত হৈছিল ৷ সেই ঘটনাত আহত শিক্ষাৰ্থীসকলৰ ন্যায়ৰ লগতে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জৰিত লোকক গ্ৰেপ্তাৰ আৰু বিফলতাৰ নৈতিক দায়িত্ব পালন কৰি প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰি বিৰোধী দলসমূহে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ চিজেপি আৰু ছাত্ৰ সমাজৰ লগতে এইবাৰ বিৰোধী কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে। শান্তিপূর্ণ প্ৰতিবাদৰ সময়ত ছাত্ৰ আৰু যুৱ সমাজৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগৰ প্ৰতিবাদত লোকসভাৰ বিৰোধী দলৰ দলপতি কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ লগতে অখিলেশ যাদৱ, এনচিপি নেতাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লোক কল্যাণ মার্গস্থিত বাসগৃহৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গেৰ উপৰি সাংসদ প্রিয়ংকা গান্ধী, এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল আৰু কেৰালামৰ বিৰোধী দলপতি ইডি ছাথিছানকে ধৰি শীর্ষ নেতাসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো পদত্যাগ দাবী কৰে। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ অতি সংবেদনশীল আৰু উচ্চ নিৰাপত্তা বেষ্টনীৰ মাজত কংগ্ৰেছ নেতৃত্বই ধর্ণা কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে প্রতিবাদস্থলীত হঠাৎ উপস্থিত হয় কেন্দ্রীয় মন্ত্রী জিতেন্দ্ৰ সিং। বিৰোধী নেতাসকলৰ সৈতে বার্তালাপত মিলিত হৈ নিৰাপত্তাজনিত কাৰণত সেই স্থানৰ পৰা ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। বিয়লিৰ ভাগত দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী আৰু অখিলেশ যাদৱক বলপূর্বকভাৱে প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই লৈ যায়। সেই সময়ত মাটিত বাগৰি দিয়া ৰাহুল গান্ধীক আৰক্ষীয়ে একপ্ৰকাৰ চোঁচৰাই লৈ যোৱাত তেওঁ সামান্য আঘাত পোৱা বুলিও জানিব পৰা গৈছে। ইয়াৰ পিছতো প্রতিবাদ অব্যাহত ৰখাত দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াৰ লগতে কংগ্রেছ নেতা কানহাইয়া কুমাৰকে ধৰি একাধিক লোকক আটক কৰে। ঘটনা সন্দর্ভত কংগ্রেছ নেতা জয়ৰাম ৰমেশে প্রতিবাদকাৰীক আৰক্ষীয়ে কৰা আক্ৰমণৰ সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰা আনুষ্ঠানিক স্পষ্টীকৰণ দাবী কৰে। তেওঁ লগতে শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীও পুনৰ উত্থাপন কৰে। উল্লেখ্য যে কালি চিজেপিৰ প্ৰতিবাদৰ সময়ত ৰণক্ষেত্ৰত পৰিণত হৈছিল নতুন দিল্লীৰ বাট-পথ। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি সংসদ ভৱনৰ ফালে আগুৱাই যোৱাৰ সময়তে আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। আৰক্ষীৰ আক্ৰমণৰ পিছতো প্রতিবাদত অটল হৈ থকা শ শ ছাত্র-ছাত্রীয়ে পুনৰ যন্তৰ-মন্তৰত সমৱেত হয়। ছাত্র সমাজৰ সমৰ্থনত এনচিপিৰ নেতা শাৰদ পাৱাৰে যন্তৰ-মন্ত্ৰৰ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বুজ লয়। যন্তৰ-মন্তৰত সমাজকৰ্মী সোণম বাংচুকৰ ধাৰাবাহিক অনশন আৰু জনসাধাৰণৰ পুঞ্জীভুক্ত ক্ষোভ দেখি শেহতীয়ভাৱে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। সমগ্ৰ পৰিস্থিতি চম্ভালিবলৈ বর্তমান কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাক দায়িত্ব অর্পণ কৰা হৈছিল। মন্ত্রী নাড্ডাই ইতিমধ্যে চিজেপিৰ বিষয়ববীয়াৰ সৈতে পর্যায়ক্রমে আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিছে।
