ছিকিমত তিস্তা জলবিদ্যুৎ প্রকল্পত ভূমিস্খলন
ৰঙিলী বাৰ্ত্তাসেৱা- ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণৰত এনএইচপিচি এটা সুৰংগত সংঘটিত ভয়ংকৰ ভূমিস্খলনত বৰ্তমান পৰ্যন্ত প্ৰায় ১৫ জন লোকৰ মৃত্যু হৈছে ৷ সুৰংগৰ ভিতৰত এতিয়াও কেইবাজনো লোক আবদ্ধ হৈ আছে । তেওঁলোকক বিচাৰি বৰ্তমান প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে দিনৰ প্ৰায় ১ বজাত নামচি জিলাৰ সমৰডুং অঞ্চলত এনএইচপিচি তিস্তা ষ্টেজ-VI জলবিদ্যুৎ প্ৰকল্পত খনন কাম চলি থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । সন্দেহযুক্ত মিথেন গেছৰ এক শক্তিশালী বিস্ফোৰণৰ ফলত সুৰংগটোৰ এটা অংশ ভাঙি যায় বুলি ধাৰণা কৰা হয় । ঘটনাৰ সময়ত সুৰংগটোৰ ভিতৰত ২৭ জন শ্ৰমিক আছিল । দুজন শ্ৰমিকে কোনোমতে ওলাই আহিবলৈ সক্ষম যদিও বাকীসকল সুৰংগৰ ভিতৰত আবদ্ধ হৈ পৰে । মৃত শ্রমিকসকলৰ ভিতৰত অসমৰ বাবুল বৰদলৈ নামৰ এজন ব্যক্তিও থকা বুলি জানিব পৰা গৈছে। এইলৈ সমগ্র অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, বিষাক্ত মিথেন গেছৰ প্ৰাদুৰ্ভাৱ আৰু ধাৰাসাৰ বৰষুণে উদ্ধাৰ অভিযানত বৃহৎ প্রত্যাহ্বান হিচাপে থিয় দিছে। স্থানীয় সূত্ৰ আৰু প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি, তিস্তাৰ ষষ্ঠ পৰ্যায়ৰ এনএইচপিচি জলবিদ্যুৎ প্রকল্পৰ হেড ৰেচ টানেলত হঠাৎ ভয়ংকৰ শব্দৰে ভূমিস্খলন হয়। আকস্মিক ভূমিস্খলনৰ পৰা সুৰংগটোৰ প্ৰৱেশ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত শ্ৰমিকসকল আবদ্ধ হৈ পৰে। প্ৰাৰম্ভিক পৰ্যায়ত ১২জন শ্রমিকক জীৱন্তে উদ্ধাৰ কৰে যদিও অতি কমেও ২৬জন শ্রমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ পৰে। পৰিস্থিতিৰ গম্ভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুর্যোগ প্রশমন বাহিনী (এছডিআৰএফ), ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ জোৱানৰ লগতে এনচিপিৰ অভিজ্ঞ দলসমূহে যুটীয়ভাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই দুৰ্যোগৰ মাজতে সুৰংগটোৰ ভিতৰত বিষাক্ত মিথেন গেছ নির্গত হ’বলৈ ধৰাত উদ্ধাৰ অভিযান অধিক প্রত্যাহ্বানমূলক হৈ পৰিছে। বিষাক্ত গেছৰ প্ৰভাৱ প্রতিহত কৰিবলৈ উদ্ধাৰকাৰীসকলে মাস্ক আৰু জৰুৰীকালীন সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰিছে। ভূমিস্খলনত খহি পৰা শিলাখণ্ড আৰু মাটিৰ পৰা মিথেন গেছৰ সৰবৰাহ বৃদ্ধি পোৱাত সুৰংগটোৰ ভিতৰ ভাগত অক্সিজেনৰ মাত্রা হ্রাস পাইছে। ইয়াৰ ফলত সুৰক্ষা সঁজুলি অবিহনে সুৰংগৰ ভিতৰফালে যোৱা কেইবাগৰাকী উদ্ধাৰকাৰী সদস্য হঠাৎ অসুস্থ হৈ পৰাত তেওঁলোককো চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হৈছে। ইফালে, ভূ-গর্ভত আবদ্ধ শ্রমিকসকলৰ সৈতে সম্পৰ্ক স্থাপন আৰু সুৰংগৰ ভিতৰলৈ অক্সিজেন প্ৰেৰণৰ বাবে প্রশাসনে সকলো সম্ভাব্য কাৰিকৰী পদক্ষেপ গ্রহণ কৰিছে। ইফালে, ছিকিমৰ এই মর্মান্তিক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমযোগে পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্রধানমন্ত্রীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পিএমএনআৰএফৰ অধীনত মৃত ব্যক্তিসকলৰ আত্মীয়ক ২ লাখকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদানৰ কথাও ঘোষণা কৰে। ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে মঙলবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয় । তেওঁ এই ঘটনাৰ সঠিক কাৰণ জানিবলৈ এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰাৰ কথা জানিবলৈ দিয়ে । তদন্তত কোম্পানীটোৰ ফালৰ পৰা গাফিলতিৰ কথা পোহৰলৈ আহিলে তেওঁ উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা কথা উল্লেখ কৰে । ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে ৷
