আইআইএম, গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ এমবিএ পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন মাত্রা সংযোজন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটি, গুৱাহাটীস্থিত আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদত শৈক্ষিক প্রতিষ্ঠানটোৰ প্ৰথম শিক্ষাবৰ্ষৰ এম বি এ পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। তদুপৰি তেওঁ টেক চিটি, গুৱাহাটীত স্থাপিত ডিজিটেল ডিজাইন আৰু অত্যাধুনিক থ্রী-ডি প্রিন্টিং কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ লগতে পলাশবাৰী সমজিলা আয়ুক্তৰ নতুন সংহত কার্যালয় ভৱনৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰে। আই আই এম গুৱাহাটীৰ প্রথম শিক্ষাবর্ষৰ এম বি এ পাঠ্যক্রম আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই দিনটো ৰাজ্যখনৰ বাবে এটা অতি গৌৰৱৰ দিন বুলি অভিহিত কৰি কয় যে আজিৰ দিনটোত ৰাজ্যখনত পুনৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্রকাশ কৰিছে। আইআইএম, গুৱাহাটীৰ আৰম্ভণি বৰ্ষৰ এমবিএ শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়- আজিৰ দিনটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ এক দীর্ঘদিনীয়া প্রত্যাশা পূৰণ কৰিলে। এমবিএ পাঠ্যক্ৰমৰ শুভাৰম্ভণিৰে আইআইএম, গুৱাহাটীয়ে আজি ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ মৰ্যাদাপূর্ণ পৰিয়ালটোৰ গৌৰৱী সদস্য হ’বলৈ সক্ষম হোৱাৰ লগতে এই আৰম্ভণিয়ে নতুন প্ৰজন্মৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি কৰিলে। ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমক দেশৰ শিক্ষাৰ এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাৰ দিশত প্ৰধানমন্ত্ৰী মোদীৰ থকা প্রত্যাশাই আজি আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে। ২০২২ চনৰ ২২ মে’ত কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানলৈ প্ৰথমবাৰৰ বাবে অসমত এখন আইআইএম স্থাপনৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী ২০২৩ চনৰ ১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ৰাষ্ট্ৰীয় প্রতিষ্ঠানখন অসমত স্থাপনৰ বাবে অনুৰোধ কৰাৰ হৈছিল। মাত্ৰ এটা বছৰৰ ভিতৰতে ২০২৪ চনৰ ১৪ এপ্ৰিলত শিক্ষা মন্ত্রালয়ে অসমত আইআইএম স্থাপনত নীতিগত অনুমোদন জনায় আৰু পৰৱৰ্তী বৰ্ষত দেশৰ ২২সংখ্যক আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন আইআইএম হিচাপে আইআইএম, গুৱাহাটীক কেন্দ্রীয় কেবিনেটে আনুষ্ঠানিক অনুমোদন প্রদান কৰিছিল।

মুখ্যমন্ত্রী ড° শর্মাই কয়- ২০১৪ চনত দেশত আইআইএমৰ সংখ্যা আছিল ১৩খন। বর্তমান এনে প্রতিষ্ঠান ২২খনলৈ বৃদ্ধি পাইছে। আইআইএম, গুৱাহাটীক বিশ্বমানৰ শৈক্ষিক প্রতিষ্ঠান হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে পলাশবাৰী ৰাজহ চক্ৰৰ মৰাভিটা আৰু দীঘলকুছি গাঁৱত স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৫৭৪ বিঘা ভূমি আবণ্টন কৰা হৈছে আৰু এই ভূমিৰ লগতে আজিম প্রেমজী বিশ্ববিদ্যালয় নামৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানো গঢ়ি উঠিব। ইয়াৰ ফলত পলাশবাৰী সমষ্টি শিক্ষাৰ এক নতুন কেন্দ্ৰ হিচাপে উদ্ভাসিত হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয়- মাত্র পাঁচ মাহৰ ভিতৰতে দেশৰ বিভিন্ন স্থানৰ ৫২গৰাকী শিক্ষার্থীৰে এমবিএ পাঠ্যক্ৰমৰ প্ৰথমটো বেটচ্ আৰম্ভকৰা হৈছে। দেশৰ ১৮খন ৰাজ্যৰ পৰা অহা এই শিক্ষার্থীসকলে নিজ ৰাজ্যলৈ অসমৰ শিক্ষাৰ নৱজাগৰণৰ বাৰ্তা কঢ়িয়াই লৈ যাব। তেওঁ লগতে কয়- আইআইটি, গুৱাহাটী, কাছাৰ আৰু তেজপুৰত কেন্দ্রীয় বিশ্ববিদ্যালয় স্থাপনৰ পিছত এনআইটি, শিলচৰ, এইমছ গুৱাহাটী, আইআই আই টি, যোৰহাটত নেচনেল ইনষ্টিটিউট অৱ ডিজাইন, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰেইন ফৰেষ্ট, ধেমাজিত ইণ্ডিয়ান এগ্রিকালচাৰেল ৰিছাৰ্চ ইনষ্টিটিউট, কোকৰাঝাৰত চেন্ট্রল ইনষ্টিটিউট অৱ টেকন’লজী, গুৱাহাটীত ‘নাই পাৰ’, নেচনেল ফৰেনছিক ছায়েঞ্চ ইউনিভাছিটা, নেচনেল ল ইউনিভাছিটা এণ্ড জুডিচিয়েল একাডেমী, তেজপুৰত ইণ্ডিয়ান স্টেটিছটিকেল ইনষ্টিটিউট আদি স্থাপন হোৱাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয়। বিভিন্ন শীর্ষস্থানীয় শৈক্ষিক প্রতিষ্ঠান স্থাপনেৰে অসমক জ্ঞান আৰু প্ৰজ্ঞাৰ এক মন্দিৰলৈ ৰূপান্তৰ কৰিব পৰা যাব। অসমত স্থাপন হোৱা এনে উচ্চমানৰ শিক্ষানুষ্ঠানসমূহত ৰাজ্যৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ সংখ্যা যথেষ্ট কম। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত জ্ঞান আৰু প্ৰজ্ঞাৰ পৰিৱেশ সৃষ্টিৰে শিক্ষার্থী সমাজৰ মাজত এনে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ বাবে আগ্রহ বৃদ্ধিৰ দিশত পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণত টেক চিটী, গুৱাহাটীত স্থাপিত ডিজিটেল ডিজাইন আৰু অত্যাধুনিক থ্রী-ডি প্রিন্টিং কেন্দ্ৰটোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই কেন্দ্ৰটোৰ জৰিয়তে চিকিৎসাখণ্ড, উদ্যোগখণ্ড, বিমান পৰিবহণ আদিকে ধৰি বিভিন্ন খণ্ডৰ বাবে প্রয়োজনীয় বিভিন্ন সঁজুলি আদি থ্রী-ডি প্রিন্টিং ব্যৱস্থাৰে নিৰ্মাণ কৰিব পৰা যাব। উল্লেখ্য যে পিএম-ডিভাইন আঁচনিৰ অধীনত গুৱাহাটীৰ টেক চিটীত ডিজিটেল ডিজাইন আৰু অত্যাধুনিক থ্রী-ডি প্রিন্টিং কেন্দ্ৰটো স্থাপন কৰা হৈছে। উত্তৰ-পূবপৰিষদৰ সহযোগত এমট্রনে ৰূপায়ণ কৰা এই প্রকল্পটোৰ বাবদ মুঠ ব্যয় হৈছে ৫৩.৮৪ কোটি টকা। ইতিমধ্যে প্রায় ৮৮০জন লোকক এই কেন্দ্ৰৰ জৰিয়তে প্রশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পলাশবাৰী সমজিলা আয়ুক্তৰ নতুন সংহত কার্যালয় ভৱনৰ ভূমিপূজন তথা আধাৰশিলা স্থাপন কৰে। প্রায় ২০ কোটি টকা ব্যয়েৰে এই কার্যালয় ভৱনটো নিৰ্মাণ কৰা হ’ব। এই সংহত কাৰ্যালয় ভৱনটোত ৰাজহ চক্ৰ বিষয়া, কোষাগাৰ বিষয়া আদিকে ধৰি কেইবাটাও বিভাগৰ বিষয়াৰ কাৰ্যালয় সংলগ্ন হৈ থাকিব। এই উপলক্ষে মুখ্যমন্ত্রীয়ে কয় যে এই সংহত কার্যালয় ভৱনটো নির্মাণ হৈ উঠিলে পলাশবাৰীৰ ৰাইজে আমিনগাঁৱলৈ নোযোৱাকৈ অতি সহজতে চৰকাৰী সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হ’ব। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য, এমট্ৰনৰ অধ্যক্ষ তথা প্রাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আইআইএম, আহমেদাবাদ তথা গুৱাহাটীৰ সঞ্চালক অধ্যাপক ভাৰত ভাস্কৰৰ উপৰি মুখ্য সচিব ড° ৰবি কোটাকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
