মহিমাময়ী ধৰিত্ৰী: শৌৰ্যগাথা অসম
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
প্ৰাচীন ঐতিহ্যৰ কালজয়ী গৌৰৱেৰে খোদিত যাৰ অবিনশ্বৰ বুৰঞ্জী,
তপ্ত শোণিতৰ ৰক্তিম আভাৰে ৰঞ্জিত যাৰ শৌৰ্যৰ মহাশংখ-ধ্বনি।
স্বদেশপ্ৰেমৰ এই অনন্যা, চিৰন্তনী পুণ্য-ধৰিত্ৰী,
বিশ্ব-চৰাচৰৰ অনন্ত স্পন্দনত আজিও বন্দিতা দেৱী তুমি।
ভৰ যৌৱনৰ অদম্য, উত্তাল বুকুৰ ৰক্ত-শৈলী সাৱটি,
মহাজীৱনৰ সিংহ-দুৱাৰ মুকলি কৰিলা কালৰাত্ৰিৰ বুকু কাটি।
হে তেজস্বিনী, স্বৰ্ণলতা, মহীয়সী মূৰ্তি কনকলতা,
চৰণ-কমলত যাচোঁ কোটি কোটি ভক্তি-অৰ্ঘ্যৰ অমৰ গাথা।
মূলাগাভৰু, ভোগেশ্বৰী ফুকননী আদি কৰি যিমান মাতৃবৃন্দ,
ত্যাগোৎসৰ্গৰ মহাবহ্নিশিখাৰে কৰিলা স্বদেশ চিৰ-অনিন্দ।
স্বাধিকাৰৰ পবিত্ৰ ৰণযজ্ঞত নিজ প্ৰাণৰ সঁফুৰা দি,
মাতৃভূমিক কৰিলা চিৰ-ভাস্বত, অমৰত্বৰ সুধা সিঁচি।
ধন্য, ধন্য আমাৰ এই তপোবনসদৃশ মহিমাময়ী জন্মভূমি!
সতী জয়মতীৰ সেই অলৌকিক আত্মত্যাগৰ চৰণ স্পৰ্শোঁ আমি।
স্বামীৰ গোপন বাৰ্তা মৰ্মে মৰ্মে সাৱটি লৈ বুকুৰ পঞ্জৰত,
হাঁহি হাঁহি আত্মজাহ দিলা মুক্তিৰ মহামন্ত্ৰৰ দুৰ্জয় ব্ৰতত।
পিয়লি, মণিৰাম, কুশল কোঁৱৰ আদি মুক্ত আত্মাবোৰৰ ধ্বনি,
জাতীয় যজ্ঞবেদীৰ তেজস্বী শিখা, যাৰ নাই কোনো অৱসানি।
প্ৰতিপল জনাওঁ তোমাক সশ্ৰদ্ধ চিৰ-নমনৰ শত-অঞ্জলি,
তোমালোকৰ ত্যাগেৰেই ধন্য আমাৰ এই জুই-জ্বলা সঁফুৰা জলি।
ধন্য আমাৰ অপৰাজেয়, সিংহবিক্ৰমী মহাবীৰ লাচিতৰ হুংকাৰ,
যাৰ নিনাদত মোগলৰ দৰ্প হ’ল চিৰকাললৈ চুৰমাৰ।
এক নিশাতে শত্ৰু-ভেদ্য দুৰ্জয় দুৰ্গ সজি তুলিলা মহিমাৰে,
বিশ্ব-ইতিহাসৰ সোণালী বুকুত জিলিকিলা চিৰ-ভাস্বত স্বাভিমানৰে।
কেঁচা শোণিতেৰে চিৰ-ৰাঙলী বীৰ-বীৰাংগনাৰ এই অনন্য ধৰিত্ৰী,
শত শ্বহীদৰ তেজৰ টোপালত গঁথা যাৰ চিৰন্তন পৱিত্ৰী।
আজিও দেদীপ্যমান, চিৰ-ভাস্বত মোৰ এই সুৱৰ্ণ স্বৰ্গভূমি,
বিশ্বৰ বুকুত জিলিকি ৰ’ব সদায় মোৰ জননী অসমভূমি ।
