ইণ্টাৰনেট নাথাকিলেও পৰিচয় পত্ৰৰ কৰিব পাৰিব পৰীক্ষা অসম আৰক্ষীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ হাতৰ পৰা এতিয়াৰ পৰা সহজে সাৰি নাযাব অপৰাধী ৷ বিশেষকৈ অনুপ্ৰৱেশকাৰী, গাড়ী চোৰ, ড্ৰাগছ সৰবৰাহকাৰী, অস্ত্ৰ সৰবৰাহকাৰীৰ বাবে বিপদ ঘন্টা বাজিছে ৷ ভুৱা পৰিচয়-পত্ৰ, আধাৰকাৰ্ড আদি দেখুৱাই আৰক্ষীৰ চকুত ধূলি মৰা অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে অ’ভিএছইৰ পঞ্জীয়ন। সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।কাৰণ অসম আৰক্ষীয়ে ইউআইডিএআই (UIDAI)-আধাৰৰ অধীনত অফলাইন ভেৰিফিকেচন চেকিং এণ্টিটী চমুকৈ অ’ভিএছই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাজ্যিক সংস্থা হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ ফলত ইণ্টাৰনেটৰ নেটৱৰ্ক কমকৈ পোৱা বা নোপোৱা স্থানবোৰোতো নিশা পে’ট্ৰলিং বা টহলদাৰী আৰক্ষীয়ে সহজতে ব্যক্তিক এই পদ্ধতিৰে চিনাক্ত কৰিব পাৰিব ৷ এক্স হেণ্ডেলযোগে মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত উল্লেখ কৰে- আজি অসম আৰক্ষীয়ে ইউআইডিএআই-আধাৰৰ অধীনত অফলাইন ভেৰিফিকেচন ছিকিং এন্টিটা (অ’ভিএছই) হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূবৰ প্ৰথমটো ৰাজ্যিক সংস্থা হিচাপে পৰিগণিত অথবা স্বীকৃত হৈছে। এই ব্যৱস্থা কিয় গুৰুত্বপূৰ্ণ, সেই বিষয়েও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত কয়- সৰ্বভাৰতীয় স্তৰত তৃতীয় আৰক্ষী বাহিনী হিচাপে অসম আৰক্ষীয়ে অ’ভিএছই হিচাপে স্থান লাভ কৰিছে। অসমৰ অধিকাংশ অংশত পাহাৰীয়া এলেকা, চৰাঞ্চল, সীমান্ত গাঁও আদিত দ্রুত ইণ্টাৰনেট সেৱা নোহোৱাৰ বাবেই অ’ভিএছই প্রয়োগ হোৱা নাছিল। কিন্তু এতিয়া আৰক্ষী টহলদাৰী দলে এজন চালক বা ব্যক্তিৰ আধাৰকাৰ্ড, পৰিচয়-পত্ৰত থকা কিউৱাৰ কোড স্কেন কৰি প্ৰমাণ-পত্র তৎক্ষণাৎ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই। লগতে তেওঁ উল্লেখ কৰে আধাৰ, কিউৱাৰ কোড জাল কৰিব নোৱাৰা ডিজিটেল ছীল থাকে। এজন অপৰাধী বা অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভুৱা বা ফটোকপী কৰা আধাৰকাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক এতিয়াৰে পৰা বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। লগতে দৈনন্দিন আৰক্ষীৰ সেৱাবোৰ যেনে ভাৰাতীয়াৰ পৰীক্ষণ, চৰিত্ৰ পৰীক্ষণ, পাছপ’ৰ্ট আৰু অস্ত্র অনুজ্ঞাপত্ৰ পৰীক্ষণ দ্রুত আৰু সহজ কৰি তুলিব। মুখ্যমন্ত্রীয়ে কয়- এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্রণত এখোজ আগুৱাই গ’ল।
