সম্পন্ন নহ’ল জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ জামিনৰ শুনানি
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ জামিন আবেদন গ্ৰহণ নকৰিলে আদালতে। উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল পৰেশ বৈশ্যই। ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ আদালতত পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি হোৱাৰ কথা আছিল যদিও আবেদনখন আদালতে গ্ৰহণ নকৰিলে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতলৈ আবেদনখন হস্তান্তৰ কৰা হ’ল বুলি জানিব পৰা গৈছে। অৱশ্যে পৰৱৰ্তী শুনানি কেতিয়া সম্পন্ন হ’ব এই সন্দৰ্ভত কোনোধৰণৰ তাৰিখ আদালতে দিয়া নাই বুলি জানিব পৰা গৈছে। আনহাতে শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ বাবে গঠিত ফাষ্টট্রেক আদালতত দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰিলে শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰে। যোৱা ১৪ জুলাইত ফাষ্টট্রেক আদালতত ড° বৰঠাকুৰে সাক্ষ্য প্রদান কৰিছিল। দ্বিতীয়বাৰৰ বাবে সাক্ষ্য দিয়াৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড° বৰঠাকুৰে কয় যে শ্যামকানু মহন্তৰ অধিবক্তাই বিভিন্ন কথা মোক সোধাৰ পাছত সিদ্ধার্থ শৰ্মাৰ অধিবক্তায়ো অনলাইনযোগে কেইবাটাও প্রশ্ন উত্থাপন কৰিছে। শেষ নহ’ল যদিও আগবেলাৰ ভিতৰত সকলোখিনি সম্পূর্ণ হ’ব বুলি আশা কৰিছোঁ। বহু চিন্তা কৰি সঠিক কথাখিনি আদালতক অৱগত কৰিছোঁ। যদি শেষ নহয় তেন্তে আদালতে পৰৱৰ্তী সময়ত যেতিয়াই বিচাৰিব, তেতিয়াই সাক্ষ্য দিবলৈ হাজিৰ হ’ম। আদালতৰ ওপৰত আমাৰ ভৰসা আছে। ইয়ালৈ যিমান মানুহে সাক্ষ্য দিবলৈ আহিছে, সকলোৱে সত্য কথাখিনি অৱগত কৰিছে। মোৰ বিশ্বাস, য’ত সত্য আছে তাত ন্যায় থাকিবই। ইপিনে ফাষ্টট্রেক আদালতত গোচৰটো সুন্দৰভাৱে চলি থকাৰ পাছতো সিদ্ধার্থ-শ্যামকানুৱে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো বহিঃৰাজ্যৰ আদালতত সম্পন্ন কৰিবলৈ চলোৱা চেষ্টা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজি শিল্পীগৰাকীৰ ভগ্নী ড° বৰঠাকুৰে পুনৰ কয় যে সিদ্ধার্থ-শ্যামকানুরে যিদৰে নহওক পলাবলৈ চেষ্টা কৰিবই। আমি সেইটো হ’বলৈ দিব নিদিওঁ। যিমান পাৰোঁ ৰোধ কৰাৰ চেষ্টা কৰিম। ফাষ্টট্রেক আদালতত স্বচ্ছভাৱে সমগ্র প্রক্রিয়াটো চলি আছে। সকলোৱে আদালতৰ ভূমিকাক লৈ সন্তুষ্ট। যি হ’বলগীয়া আছে ইয়াতেই হ’ব লাগিব। নিজৰ বক্তব্যৰ মাজতে ড° বৰঠাকুৰে পুনৰ কয় যে বিপক্ষৰ উকীলে বিভিন্ন ধৰণে প্রশ্নবোৰ মোক কৰিছে। বহু কাৰিকৰী বিষয়ো তেওঁলোকৰ প্ৰশ্নবোৰত সন্নিৱিষ্ট হৈছে। মই সুন্দৰভাৱে প্ৰশ্নবোৰৰ উত্তৰ দিছোঁ। উল্লেখ্য যে মুকলি আকাশৰ তললৈ ওলাই অহাৰ আপ্ৰাণ চেষ্টা কৰিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তৰ। প্ৰতিটো অভিযুক্তই বাৰম্বাৰ কৰিছে জামিন আবেদন। তাৰে মাজতে জামিনৰ শুনানি বিফলে গৈছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অভিযুক্ত সন্দীপন গাৰ্গৰ। উচ্চ ন্যায়ালয়ত বুধবাৰে সম্পন্ন হোৱা নাছিল সন্দীপন গাৰ্গৰ শুনানি।
