৩ আগষ্টৰ পৰা পুনৰ মুকলি হ’ব অৰুণোদয় আঁচনিঃমুখ্যমন্ত্ৰী

৩ আগষ্টৰ পৰা পুনৰ মুকলি হ’ব অৰুণোদয় আঁচনিঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰি মাচ্চা চাহ উৎপাদন তথা এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ কথা বিশেষভাৱে উল্লেখ কৰি বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যম ফেচবুক লাইভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি কামাখ্যা কৰিডৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰ আদিৰ লগতে পুথিভঁৰাল, কিতাপৰ অধ্যয়ন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভৰ আৰম্ভণিতে ফিফা বিশ্বকাপ ফুটবলৰ কথা উল্লেখ কৰি ফুটবল অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ বুধবাৰে ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলখন উপভোগ কৰা বুলিও সদৰী কৰে ৷ খেলখনৰ প্ৰথম অংশত সকলোৱে ইংলেণ্ড জিকিব বুলি ভাবি থাকিলেও আৰ্জেণ্টিনাই দুগ’ল কৰি খেলখনত জয়লাভ কৰাৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে ১৯৮৬ চনতো ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত তয়াময়া প্ৰতিদ্বন্দ্বিতা হৈছিল ৷ কালিৰ খেলখনতো একেই হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ ফাইনেলত অৱতীৰ্ণ হ’বলগা স্পেইন আৰু আৰ্জেণ্টিনাক শুভেচ্ছা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ভাৰতীয় সমাজ বিশেষকৈ ওড়িয়া সমাজক জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনায় ৷ জগন্নাথ ৰথযাত্ৰা হিন্দু সনাতনী সমাজৰ এক ধৰ্মীয় উৎসৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ এই অনুষ্ঠানৰ সফলতা কামনা কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে শুভকামনা যাঁচে ৷ আনহাতে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি ৩ আগষ্টত প্রতিখন পঞ্চায়তত একোখন সভা অনুষ্ঠিত কৰি অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ’ব। আনহাতে ৬ আৰু ৭ আগষ্টত বিতৰণ কৰা হ’ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ। ফেচবুক লাইভযোগে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২ লাখ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি পূৰণৰ লক্ষ্যৰে ইতিমধ্যে হাতে-কামে আগবাঢ়িছে। তদুপৰি নিৰ্বাচনৰ বাবে যিবোৰ কল্যাণকামী আঁচনি স্তব্ধ হৈ আছিল, সেই আঁচনিসমূহো আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই মাচ্চা চাহৰ কথা উল্লেখ কৰি আজি ফেচবুক লাইভযোগে কয়- জাপানৰ এই মাচ্চা চাহ ইতিমধ্যে অসমত মাচ্চা চাহৰ উৎপাদন হৈছে। এই চাহপাত প্রতি কিলোগ্ৰামত তিনি হাজাৰ টকাত গুৱাহাটী টী অক্সন চেণ্টাৰৰ জৰিয়তে বিক্ৰী কৰা হৈছে। অসমৰ বাগিচাসমূহত এনেধৰণে মাচ্চা চাহ, অৰ্থড’ক্স টী উৎপাদনৰ জৰিয়তে চাহৰ ৰপ্তানি বৃদ্ধি কৰিব পাৰি। এই লক্ষ্যৰে এইবাৰ বাজেটত প্রতি কিলোগ্রাম অর্থড’ক্স চাহপাত, মাচ্চা চাহ বা চিটিচি বিদেশলৈ ৰপ্তানি কৰিলে বিশেষ ৰাজসাহায্য প্রদানৰ কথা উল্লেখ কৰা হৈছে। গুৱাহাটীৰ উৰণ সেতুত উলম্ব উদ্যান নিৰ্মাণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে কয়-উৰণ সেতুসমূহত নিৰ্মাণ কৰিব খোজা হেঙিং গার্ডেন যদি ৰাইজে ভাল পায় তেন্তে আন আন স্থানলৈ সম্প্ৰসাৰিত কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি হোৱা বানৰ কথা উল্লেখ কৰি কয় যে বান এতিয়াও ভয়াৱহ উঠা নাই যদিও চৰকাৰে সকলো সময়তে বানপীড়িত ৰাইজক সহায় কৰিবলৈ সাজু হৈ আছে। এতিয়ালৈ বানে কোনো মথাউৰি ভগা নাই যদিও খহনীয়াই ভয়াৱহ ৰূপ ধৰিছে। বিশেষকৈ চাবুৱা সমষ্টিত সৃষ্টি হোৱা গৰাখহনীয়া চিন্তনীয় বিষয় হৈ পৰিছে। অহা ২ আগষ্টত মুখ্যমন্ত্রীয়ে উক্ত গৰাখহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলিও আজি উল্লেখ কৰে। কামাখ্যা মন্দিৰ কৰিড’ৰৰ কথা উল্লেখ কৰি ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়- কাশী বিশ্বনাথ মন্দিৰ কৰিড’ৰৰ দৰে কামাখ্যাতো আজিৰে পৰা ৫০০ কোটি টকা ব্যয়েৰে আৰম্ভ হৈছে কামাখ্যা কৰিড’ৰৰ কাম। ২০০৪ চনতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এই কৰিড’ৰ যোৱা সময়ছোৱাত উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ বাবে স্থগিত হৈ আছিল যদিও এই কৰিড’ৰৰ নিৰ্মাণৰ কাম আৰম্ভহৈছে। ইয়াৰ ফলত অসমৰ পৰ্যটনৰ দৃষ্টিকোণেৰে ই এক বৃহৎ সংযোজন হ’ব। গুৱাহাটী চিৰিয়াখানা নতুন ৰূপত সজাই তোলাৰো ইতিমধ্যে স্পষ্ট কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে চৰকাৰে বটদ্ৰৱা সত্ৰক আধুনিক স্পৰ্শৰে যিদৰে ধুনীয়া কৰি তোলা হৈছে, সেই একেধৰণেই মধুপুৰ সত্ৰখনকো সজাই-পৰাই তোলা হ’ব। ইয়াৰ বাবে বাজেটত ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময় কটোৱা মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে পশ্চিমবংগ চৰকাৰৰ সৈতে এই সন্দৰ্ভত অচিৰেই আলোচনা কৰা হ’ব। তদুপৰি ৰংঘৰৰ আৰ্হিৰ দৰে কাৰেংঘৰকো পৰ্যটন আৰু ইতিহাসৰ দৃষ্টিকোণৰ পৰা সজাই তোলা হ’ব। আজি মুখ্যমন্ত্রীয়ে লাচিত বৰফুকনক লৈ ৰাষ্ট্ৰীয় পর্যায়ত অথবা বাণিজ্যিক ভিত্তিত এখন চিনেমা নিৰ্মাণৰ কথা উল্লেখ কৰে। ফেচবুক লাইভযোগে এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ‘ধুৰন্ধৰ’ হিন্দী ছবিখনে যিদৰে ব্লকব্লাষ্টাৰ ছবিৰূপে পৰিগণিত হৈছে সেই একেই ধৰণে লাচিত বৰফুকন সন্দৰ্ভত এক ছুপাৰহিট ছবি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে ইয়াৰ বাবে টেলিফোনযোগে বাৰ্তালাপ কৰা হৈছে। লাচিত বৰফুকন সন্দৰ্ভত হিন্দী ভাষাত গোটেই দেশে চাব পৰাকৈ এখন ছবি নির্মাণ কৰা বিষয়টো সন্দৰ্ভত আদিত্য ধৰৰ সৈতে আলোচনা কৰা হৈছে। অহা আগষ্ট মাহত এই সন্দৰ্ভত আদিত্য ধৰে কথা পাতিব বুলিও উল্লেখ কৰিছে। মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰি আজি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কয়- মিছন বসুন্ধৰাৰ জৰিয়তে ইতিমধ্যে ১০ লাখ পৰিয়াল উপকৃত হৈছে। কিন্তু ইয়াৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। দেৱোত্তৰ ভূমি, ভিজিআৰ, বনভূমিকে ধৰি কেইবাটাও শ্রেণীত থকা হেতুকে প্রচলিত আইনৰ অধীনত ভূমি আবণ্টন দিয়াটো সহজ নহয়। এই লক্ষ্যৰে ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰা-৪.০ৰ কাম আৰম্ভ কৰা হ’ব। সেয়েহে এই মিছন আৰম্ভ কৰাৰ পূৰ্বে যিসকলে এনেধৰণৰ ভূমিৰ সমস্যাত ভুগি আছে, তেওঁলোকে এক প’ৰ্টেলৰ জৰিয়তে চৰকাৰক অৱগত কৰিব পাৰিব। বসুন্ধৰা সম্পৰ্কত চৰকাৰে পৰামৰ্শ গ্রহণ কৰিবলৈ এক প’ৰ্টেল মুকলি কৰা হ’ব। সেই প’র্টেলত ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে আজি যোৰহাট-মাজুলী সংযোগী দলং ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও অৱগত কৰে। ‘ককাদেউতা নাতি আৰু হাতী-২’ চিনেমাখনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই ফেচবুক লাইভযোগে কয়- এই ছবিখনৰ সৈতে মোৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে। ‘ককাদেউতা নাতি আৰু হাতী’ প্রথম ছবিখনৰ শ্বুটিং কামপুৰৰ এখন দলঙৰ ওপৰত হৈছিল। তেতিয়া মোৰ বয়স আছিল ৯ বছৰ। যিখন দলঙৰ ওপৰত শ্বুটিং কৰা হৈছিল সেই দলংখনৰ সমান্তৰালভাৱে নতুন এখন দলং নির্মাণ কৰা হৈছে। উত্ত দলংখন উদ্বোধনৰ সময়ত মোক ৰাইজে পুনৰ হাতীত উঠাইছিল। সেই স্মৃতিয়ে যথেষ্ট আনন্দ দিয়ে। কেতিয়াবা আত্ম জীৱনী লিখিলে এই ছবিখনৰ সৈতে জড়িত হৈ থকা স্মৃতিৰ কথাও লিখিম।