দক্ষ বৃত্তি : দক্ষতাই গঢ়ি তোলা সফল কেৰিয়াৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী
আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত আৰু প্ৰযুক্তিনিৰ্ভৰ পৃথিৱীখনত কেৱল শৈক্ষিক ডিগ্ৰী থকাটোৱেই সফল কেৰিয়াৰৰ নিশ্চয়তা নিদিয়ে। উদ্যোগ, উৎপাদন, নিৰ্মাণ, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা, কৃষি, শক্তি, আতিথ্য, পৰিবহণ, লজিষ্টিক্স আদি প্ৰায় সকলো ক্ষেত্ৰতে বৰ্তমান দক্ষ, অভিজ্ঞ আৰু ব্যৱহাৰিক জ্ঞানসম্পন্ন কৰ্মীৰ চাহিদা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। এই বাস্তৱতাৰ পৰিপ্ৰেক্ষিতত দক্ষ বৃত্তি আজিৰ সময়ৰ অন্যতম আশাব্যঞ্জক, সন্মানজনক আৰু দীৰ্ঘম্যাদী কেৰিয়াৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।
দক্ষ বৃত্তি বুলিলে এনে পেছাসমূহক বুজোৱা হয়, য’ত বিশেষ কাৰিকৰী জ্ঞান, হাতে-কামে প্ৰশিক্ষণ, ব্যৱহাৰিক অভিজ্ঞতা আৰু নিৰ্দিষ্ট দক্ষতাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰৰ পেছাদাৰীসকলে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি, মেচিন, বৈদ্যুতিক ব্যৱস্থা, নিৰ্মাণ প্ৰযুক্তি, অটোম’বাইল, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা, কৃষি যন্ত্ৰপাতি, খাদ্য উৎপাদন, তেল-গেছ, আতিথ্য, নৱীকৰণযোগ্য শক্তি আদিৰ সৈতে জড়িত বিশেষজ্ঞ হিচাপে কাম কৰে। তেওঁলোকৰ দক্ষতাই উদ্যোগ আৰু সমাজৰ দৈনন্দিন কাৰ্যকলাপ সচল কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সমাজত এতিয়াও বহুতে ভাবে যে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অবিহনে সফল কেৰিয়াৰ গঢ়ি তোলা সম্ভৱ নহয়। কিন্তু বাস্তৱ অভিজ্ঞতাই ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰে। বহু সফল ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, মেকানিক, চিএনচি অপাৰেটৰ, চ’লাৰ টেকনিচিয়ান, অটোমেচন বিশেষজ্ঞ, প্লাম্বাৰ , ৰেফ্ৰিজাৰেচন টেকনিচিয়ান আদিয়ে দশম বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত আইটিআই , পলিটেকনিক, এপ্ৰেণ্টিছশ্বিপ, নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ অধীনস্থ প্ৰশিক্ষণ বা অন্যান্য স্বীকৃতিপ্ৰাপ্ত দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে। এই ক্ষেত্ৰত ডিগ্ৰীতকৈ অধিক গুৰুত্ব পায় বাস্তৱ দক্ষতা, অধ্যৱসায়, শিকাৰ মানসিকতা আৰু অভিজ্ঞতা।
দক্ষ বৃত্তিৰ মূল শক্তি হৈছে ব্যৱহাৰিক শিক্ষা। শিক্ষাৰ্থীসকলে কেৱল তাত্ত্বিক জ্ঞানেই নহয়, বাস্তৱ পৰিস্থিতিত যন্ত্ৰপাতি ব্যৱহাৰ, সমস্যা সমাধান, সুৰক্ষা বিধি অনুসৰণ, গুণগত মান নিয়ন্ত্ৰণ ,পেছাদাৰী দায়িত্ব পালন আদি শিকে। সাধাৰণতে ছমাহৰ পৰা দুবছৰৰ ভিতৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰি বা স্বনিয়োগৰ সুযোগ লাভ কৰিব পাৰি। ফলত বহু শিক্ষাৰ্থীয়ে অতি কম সময়ৰ ভিতৰতে উপাৰ্জন আৰম্ভ কৰাৰ সুযোগ লাভ কৰে।
বৰ্তমান সময়ত দক্ষ বৃত্তি কেৱল এটা বা দুটা পেছাত সীমাবদ্ধ নহয়। আধুনিক অৰ্থনীতিৰ প্ৰায় প্ৰতিটো উদ্যোগ আৰু সেৱা খণ্ডতেই দক্ষ কৰ্মীৰ বিশেষ প্ৰয়োজন হৈছে। নিৰ্মাণ আৰু আন্তঃগাঁথনি, বৈদ্যুতিক বৃত্তি, যান্ত্ৰিক বৃত্তি, অটোম’বাইল মেৰামতি, তেল আৰু গেছ উদ্যোগ, উৎপাদন উদ্যোগ, ৱেল্ডিং আৰু ফেব্ৰিকেচন, প্লাম্বিং, ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং, ইলেক্ট্ৰনিক্স আৰু অট’মেচন, ৰ’বটিক্স, সৌৰ আৰু বায়ু শক্তি, কৃষি যন্ত্ৰপাতি, খাদ্য প্ৰক্ৰিয়াকৰণ, স্বাস্থ্যসেৱা সহায়ক বৃত্তি, আতিথ্য আৰু পৰ্যটন, বস্ত্ৰ আৰু পোছাক উদ্যোগ, সৌন্দৰ্য আৰু সুস্থতা, তথ্য প্ৰযুক্তি, নেটৱৰ্কিং, লজিষ্টিক্স আৰু গুদাম ব্যৱস্থাপনা আদি ক্ষেত্ৰসমূহ দক্ষ বৃত্তিৰ অন্তৰ্গত উল্লেখযোগ্য খণ্ড। ঔদ্যোগীকৰণ, নগৰায়ন, ডিজিটেল ৰূপান্তৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সম্প্ৰসাৰণে এই সকলো খণ্ডতে দক্ষ কৰ্মীৰ চাহিদা দিনক দিনে বৃদ্ধি কৰিছে।
আজিৰ প্ৰতিযোগিতামূলক আৰু প্ৰযুক্তি-চালিত যুগত উদ্যোগসমূহে এনে কৰ্মী বিচাৰে, যিসকলে বাস্তৱ সমস্যাৰ দ্ৰুত আৰু ফলপ্ৰসূ সমাধান আগবঢ়াব পাৰে। সেইবাবেই এজন দক্ষ ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, ফিটাৰ, চিএনচি অপাৰেটৰ, চ’লাৰ টেকনিচিয়ান, অটোমেচন টেকনিচিয়ান আদিক বহু ক্ষেত্ৰত সাধাৰণ ডিগ্ৰীধাৰী ব্যক্তিতকৈ অধিক চাহিদাসম্পন্ন আৰু মূল্যৱান হিচাপে গণ্য কৰা হয়। দক্ষ কৰ্মীসকলৰ অবিহনে কোনো উদ্যোগ, কাৰখানা, বিদ্যুৎ ব্যৱস্থা, নিৰ্মাণ প্ৰকল্প , আধুনিক সেৱা খণ্ড আদি সুচাৰুৰূপে চলিব নোৱাৰে।
দক্ষ বৃত্তিত সফল হ’বলৈ কেৱল কাৰিকৰী প্ৰশিক্ষণ বা প্ৰমাণপত্ৰ থকাটোৱেই যথেষ্ট নহয়। ব্যক্তিগত গুণ, কৰ্মনৈতিকতা আৰু পেছাদাৰী মনোভাৱো সমানেই গুৰুত্বপূৰ্ণ। এজন সফল দক্ষ পেছাদাৰীৰ কামৰ প্ৰতি আন্তৰিক আগ্ৰহ, হাতে-কামে শিকাৰ মানসিকতা, সততা, দায়িত্ববোধ, সময়ানুবৰ্তিতা, শৃংখলাবদ্ধ জীৱনধাৰা , সুৰক্ষা বিধি মানি চলাৰ অভ্যাস আদি থাকিব লাগে। ইয়াৰ উপৰিও দলীয়ভাৱে কাম কৰাৰ ক্ষমতা, যোগাযোগ দক্ষতা, সমস্যা বিশ্লেষণ আৰু সমাধানৰ সামৰ্থ্য, গ্ৰাহকসেৱাৰ মনোভাৱ , নতুন প্ৰযুক্তি শিকাৰ আগ্ৰহ আদি আধুনিক কৰ্মক্ষেত্ৰত বিশেষভাৱে প্ৰয়োজনীয়। যিসকলে আজীৱন শিকি থাকিবলৈ আগ্ৰহী, তেওঁলোকেই এই ক্ষেত্ৰত অধিক সফলতা লাভ কৰে।
দক্ষ বৃত্তিৰ আন এটা উল্লেখযোগ্য সুবিধা হৈছে আত্মনিয়োগৰ বিশাল সম্ভাৱনা। বহু পেছাদাৰীয়ে নিজাকৈ বৈদ্যুতিক ঠিকাদাৰী প্ৰতিষ্ঠান, ৱৰ্কশ্বপ, গেৰেজ, ফেব্ৰিকেচন ইউনিট, প্লাম্বিং সেৱা, এয়াৰ কণ্ডিচনিং আৰু ৰেফ্ৰিজাৰেচন সেৱা, সৌৰ শক্তি প্ৰতিষ্ঠাপন সেৱা, মেৰামতি কেন্দ্ৰ অথবা অন্যান্য কাৰিকৰী ব্যৱসায় আৰম্ভ কৰি সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ফলত তেওঁলোকে কেৱল নিজৰ বাবেই নহয়, আন বহু লোকৰ বাবেও কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দক্ষ ভাৰতীয় কৰ্মীৰ বিশেষ সুনাম আছে। মধ্যপ্ৰাচ্য, ইউৰোপ, অষ্ট্ৰেলিয়া, কানাডা, জাপান, দক্ষিণ কোৰিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বহু দেশত দক্ষ টেকনিচিয়ান, নিৰ্মাণ কৰ্মী, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, স্বাস্থ্যসেৱা সহায়ক আৰু অন্যান্য কাৰিকৰী পেছাদাৰীৰ বাবে আকৰ্ষণীয় দৰমহা আৰু উন্নত কেৰিয়াৰৰ সুযোগ উপলব্ধ। সঠিক প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ দক্ষতা আৰু ভাষাগত যোগ্যতা থাকিলে বিদেশতো সফল কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল।
ভাৰত চৰকাৰেও দক্ষতা বিকাশক ৰাষ্ট্ৰীয় উন্নয়নৰ অন্যতম অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে। স্কিল ইণ্ডিয়া মিছন, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি , মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া , আত্মনিৰ্ভৰ ভাৰত আদিৰ দৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে বহু যুৱক-যুৱতীক দক্ষতা বিকাশ, প্ৰশিক্ষণ, কৰ্মসংস্থাপন তথা উদ্যোগ স্থাপনৰ সুযোগ প্ৰদান কৰা হৈছে। এই আঁচনিসমূহে ভাৰতৰ শিল্পায়ন আৰু অৰ্থনৈতিক বিকাশতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।
শেষত ক’ব পাৰি যে দক্ষ বৃত্তি হৈছে শিক্ষা, কাৰিকৰী জ্ঞান, ব্যৱহাৰিক দক্ষতা আৰু কৰ্মনৈতিকতাৰ এক সুষম সমন্বয়। কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ, ডিজিটেল প্ৰযুক্তি আৰু স্মাৰ্ট উদ্যোগৰ যুগতো দক্ষ মানৱসম্পদৰ বিকল্প নাই। সেয়েহে যিসকল শিক্ষাৰ্থীয়ে কম সময়ৰ ভিতৰতে বাস্তৱমুখী শিক্ষা লাভ কৰি নিশ্চিত চাকৰি, আত্মনিয়োগ, আৰ্থিক স্থিতিশীলতা আৰু সন্মানজনক জীৱন গঢ়ি তুলিব বিচাৰে, তেওঁলোকৰ বাবে দক্ষ বৃত্তি এক উৎকৃষ্ট, যুগোপযোগী আৰু বাস্তৱসন্মত কেৰিয়াৰ বিকল্প। ভৱিষ্যতৰ অৰ্থনীতি দক্ষতাৰ ওপৰত নিৰ্ভৰশীল আৰু সেই দক্ষতাই এজন ব্যক্তিক স্বাৱলম্বী, সফল আৰু সমাজৰ মূল্যৱান সদস্য হিচাপে গঢ়ি তোলে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।
