চুহাড় বিদ্ৰোহৰ মহানায়ক :শ্বহীদ ৰঘুনাথ মাহাতো – জ্যোতিমণি মাহত্ব

চুহাড় বিদ্ৰোহৰ মহানায়ক :শ্বহীদ ৰঘুনাথ মাহাতো

জ্যোতিমণি মাহত্ব, যোৰহাট 

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত জংগল মহল (বৰ্তমানৰ ঝাৰখণ্ড আৰু পশ্চিমবংগ) অঞ্চলৰ জনজাতীয় আৰু স্থানীয় লোকসকলৰ অৱদান অতুলনীয়। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে দেশত যিবোৰ প্ৰথম শ্ৰেণীৰ সশস্ত্ৰ বিদ্ৰোহ গঢ়ি উঠিছিল, তাৰ ভিতৰত ‘চুহাড় বিদ্ৰোহ’ আছিল অন্যতম। এই ঐতিহাসিক বিদ্ৰোহৰ মূল কাণ্ডাৰী আৰু মহানায়ক আছিল বীৰ ৰঘুনাথ মাহাতো। তেওঁ আছিল ভাৰত মাতৃৰ এগৰাকী অন্যতম প্ৰথম শ্ৰেণীৰ স্বাধীনতা সংগ্ৰামী, যিয়ে মংগল পাণ্ডেৰ বহু পূৰ্বেই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।

ৰঘুনাথ মাহাতোৰ জন্ম হৈছিল ১৭৩৮ চনৰ ২১ মাৰ্চত বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ চৰাইকেল্লা নিমডিহ থানাৰ অন্তৰ্গত ঘুটিয়াডিহ গাঁৱত আৰু স্থানীয় কুৰ্মী মাহাতো সম্প্ৰদায়ৰ এটা কৃষিজীৱী মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় কাশীনাথ মাহাতো আৰু মাতৃ স্বৰ্গীয় কৰমী মাহাতো ।

চুহাড় বিদ্ৰোহ আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণমূলক নীতিৰ বিৰুদ্ধে ভাৰতৰ ইতিহাসত গঢ়ি উঠা একেবাৰে প্ৰথম শ্ৰেণীৰ এক শক্তিশালী সশস্ত্ৰ জনজাতীয় আৰু কৃষক বিদ্ৰোহ। ১৭৬৬ চনৰ পৰা ১৮৩৪ চনলৈকে প্ৰায় ৬৮ বছৰ জুৰি বৰ্তমানৰ ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ‘জংগল মহল’ অঞ্চলত এই ঐতিহাসিক সংগ্ৰাম চলিছিল

 ৰঘুনাথ মাহাতোৰ এই সংগ্ৰামৰ আঁৰত আছিল ব্ৰিটিছৰ চৰম অৰ্থনৈতিক শোষণ। ১৭৬৪ চনৰ বক্সাৰৰ যুদ্ধৰ পিছত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী (কৰ সংগ্ৰহৰ অধিকাৰ) লাভ কৰে, তেতিয়াই জংগল মহল অঞ্চলৰ থলুৱা লোকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহে। ব্ৰিটিছসকলে থলুৱা কৃষক আৰু জনজাতীয় লোকসকলৰ ওপৰত ব্যাপক হাৰত মাটিৰ কৰ জাপি দিয়ে আৰু তেওঁলোকক নিজৰ পুৰুষানুক্ৰমিক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰে। স্থানীয় জমিদাৰ আৰু কৃষকসকল ব্ৰিটিছৰ এই দমনমূলক নীতিৰ বাবে চৰম সংকটত পৰে। ৰঘুনাথ মাহাতো উদাৰ প্ৰকৃতি আৰু সাহসিকতাই তেওঁক বীৰ যোদ্ধা কৰিছিল। তেওঁ কেৱল নিজৰ সম্প্ৰদায়ৰে নহয়, বৰঞ্চ স্থানীয় কুৰ্মী, ভূমিজ, মুণ্ডা আৰু চাওঁতাল আদি সকলো শ্ৰেণীৰ লোকক একগোট কৰি এক শক্তিশালী গেৰিলা বাহিনী গঠন কৰে। তেওঁলোকে ব্ৰিটিছ সৈন্যৰ চাউনী আৰু চৰকাৰী কোষাগাৰসমূহৰ ওপৰত সশস্ত্ৰ আক্ৰমণ চলাই ব্ৰিটিছ প্ৰশাসনৰ নিদ্ৰা হৰণ কৰিছিল।

চুহাড় বিদ্ৰোহ প্ৰধানকৈ জংগল মহল,ছটনাগপুৰ আৰু উৰিষ্যাৰ কিছু অংশত সংযুক্ত হৈ আছিল।

সংগ্ৰামৰ কালছোৱাত জনসাধাৰণৰ মাজত জাতীয় চেতনা আৰু সংহতি বৃদ্ধি কৰিবলৈ ৰঘুনাথ মাহাতোৱে এটা ঐতিহাসিক শ্লোগান দিছিল— ‘আপন গাঁও, আপন ৰাইজ,ধুৰখেদা ব্রিটিশ ৰাজ’। অৰ্থাৎ— ‘আমাৰ গাঁও, আমাৰ শাসন, ব্ৰিটিছ ৰাজক খেদি পঠিয়াওক।” এই শ্লোগানে সমগ্ৰ অঞ্চলটোত এনে এক গণজাগৰণৰ সৃষ্টি কৰিছিল যে ব্ৰিটিছ সৈন্যই আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈও এই থলুৱা গেৰিলা বাহিনীটোক দীৰ্ঘদিন ধৰি দমন কৰিব পৰা নাছিল।

বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাঁচী জিলাৰ চিল্লী অঞ্চলৰ অন্তৰ্গত ‘লোটাকিতা’ নামৰ এখন ঘন অৰণ্যৰ মাজত ৰঘুনাথ মাহাতো আৰু তেওঁৰ সতীৰ্থ বিপ্লৱীসকলে ব্ৰিটিছৰ এটা ডাঙৰ সেনা চাউনী আক্ৰমণ কৰাৰ বাবে এক গোপন বৈঠক কৰি আছিল। কিন্তু কোনো স্থানীয় দেশদ্ৰোহীৰ কুচক্ৰান্তৰ বাবে ব্ৰিটিছ সৈন্যই এই গোপন বৈঠকৰ খবৰ পাই যায়। মেজৰ ক্ৰাফৰ্ডৰ নেতৃত্বত এটা বৃহৎ ব্ৰিটিছ সামৰিক বাহিনীয়ে লোটাকিতা হাবিখন চাৰিওফালৰ পৰা ঘেৰি ধৰে।দুয়োপক্ষৰ মাজত হোৱা এই ভয়ংকৰ সম্মুখ সমৰত শত্ৰুৰ এজাক গুলী আহি বীৰ ৰঘুনাথ মাহাতোৰ বুকুত আঘাতপ্ৰাপ্ত হয়। মাত্ৰ ৪০ বছৰ বয়সতে এইগৰাকী মহান দেশপ্ৰেমী যোদ্ধাই মাতৃভূমিৰ বুকুত শেষ নিশ্বাস ত্যাগ কৰি শ্বহীদ বৰণ কৰে। তেওঁৰ সৈতে তেওঁৰ বহু সতীৰ্থয়ো সেইদিনা দেশৰ বাবে প্ৰাণ আহুতি দিছিল।

ৰঘুনাথ মাহাতো কেৱল এজন সামৰিক যোদ্ধাই নাছিল, তেওঁ আছিল নিজৰ জল, জংগল আৰু মাটিৰ অধিকাৰ ৰক্ষাৰ প্ৰথমগৰাকী পথপ্ৰদৰ্শক। বৰ্তমান সময়ত যেতিয়া সমগ্ৰ দেশতে হেৰাই যোৱা বা উপেক্ষিত স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাস পুনৰুদ্ধাৰৰ বাবে চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত চিন্তা-চৰ্চা চলিছে, তেনে সময়ত ৰঘুনাথ মাহাতোৰ দৰে মহানায়কৰ ত্যাগৰ কাহিনী জাতীয় প্ৰেক্ষাপটত চৰ্চা হোৱাটো অত্যন্ত জৰুৰী। ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ এই চৰম বলিদান আৰু সংগ্ৰামে পৰৱৰ্তী সময়ৰ কোল বিদ্ৰোহ উপৰিও বহুতো বিদ্ৰোহত জড়িত হৈ পৰিছিল আৰু ভাৰতৰ সামগ্ৰিক স্বাধীনতা আন্দোলনৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল। ভাৰতৰ ইতিহাসৰ পৃষ্ঠাত উপেক্ষিত হৈ থাকিলেও দেশৰ মাটি আৰু স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা এইগৰাকী মহান শ্বহীদ প্ৰতিগৰাকী ভাৰতীয়ৰে চিৰ নমস্য।