অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠাপিত স্থান পৰিদৰ্শন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দুদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড়লৈ আহে। ৰাজ্যপাল গৰাকীয়ে প্ৰথম দিনৰ ভ্ৰমণ কাৰ্যসূচী অনুযায়ী শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ উদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্য্যালয় আৰু চাবুৱাৰ পানীএৰা গাঁৱত স্থাপন হ’বলগীয়া নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ ল’বলৈ উক্ত স্থান পৰিদৰ্শন কৰে।বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ লগত হোৱা আলোচনাত ৰাজ্যপাল গৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰাত ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মানকাৰ্য্য অতি খৰটকীয়াকৈ শেষ কৰিবৰ কাৰণে লোক নিৰ্মান বিভাগক নিৰ্দেশ দিয়ে লগতে বিশ্ববিদ্যালয়খনে সন্মুখীন হৈ থকা সমস্যা সমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগকো নিৰ্দেশ দিব বুলি আশ্বাস দিয়ে। পৰিদৰ্শনৰ সময়ত ৰাজ্যপালৰ লগত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ হীৰেন্দ্ৰ নাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, লোক-নিৰ্মান বিভাগৰ বিষয়া সকল আৰু জিলা প্ৰশাসনৰ ভালে সংখ্যক বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যপাল গৰাকী বিশ্ববিদ্যালয়খনৰ আচাৰ্য।
