প্ৰতাৰণা – শচীন্দ্ৰ কুমাৰ দাস

Pc Pexels

অনুগল্প

প্ৰতাৰণা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

সেই সন্ধিয়া তৰালিয়ে দিয়া ৰঙা গোলাপৰ সুবাসত তপনৰ সমগ্ৰ গা এক অদ্ভুত আবেগৰ শিহৰণত শিয়ৰি উঠিছিল। প্ৰেমৰ সেই গভীৰ মাদকতাত দুয়োৰে চকুৰ পৰা বৈ অহা চকুলোয়ে তপনৰ হৃদয় পখালি পেলাইছিল।

কিন্তু সময়ৰ সোঁতত তৰালিৰ মন সাগৰত কেতিয়া যে চৰম স্বাৰ্থপৰতাই বাহ ল’লে তপনে অনুভৱেই কৰিব নোৱাৰিলে।

প্ৰথম প্ৰেমৰ সেই আদিম সুবাস হেৰাই তপনৰ বুকুত কেৱল অসহনীয় বিষাদৰ হুমুনিয়াহহে ৰৈ গ’ল। লাহে লাহে তপনৰ মনত জীয়াই থকাৰ সমষ্ট হেপাহ আৰু জীৱনৰ তৃষ্ণা নহোৱা হৈ পৰিল।।

অৱশেষত তপনে তৰালিৰ সেই সকলো মিছা প্ৰতিশ্ৰুতি আৰু প্ৰবঞ্চনাৰ জালক ছিঙি মোহাৰি নিজকে সেই মায়া বন্ধনৰ পৰা আতৰাই আনিলে।

আৰু এনেদৰেই চিৰদিনৰ বাবে সমাপ্তি ঘটিছিল তপনৰ জীৱনৰ সেই চকুলোৰে ভৰা ভিজা প্ৰেমৰ গাথাৰ।