আজিৰ সমাজত নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা কিয় অপৰিহাৰ্য? – ড° দিলোৱাৰ হক

আজিৰ সমাজত নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা কিয় অপৰিহাৰ্য?

ড° দিলোৱাৰ হক
সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়

সমাজৰ উন্নয়ন কেৱল অৰ্থনৈতিক উন্নতিৰ ওপৰত নিৰ্ভৰ নকৰে; ই নিৰ্ভৰ কৰে সেই সমাজত নাৰী আৰু পুৰুষ উভয়ৰে সমান অংশগ্ৰহণ, সমান সুযোগ আৰু সমান মৰ্যাদাৰ ওপৰত। একবিংশ শতিকাৰ এই আধুনিক যুগত নাৰীৰ শিক্ষা, কৰ্মসংস্থান আৰু নেতৃত্বৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি ঘটিছে। তথাপিও বহু ক্ষেত্ৰত পুৰুষ প্ৰধান সমাজত নাৰীসকল এতিয়াও অৰ্থনৈতিকভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। এনে পৰিস্থিতিত নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা কেৱল ব্যক্তিগত সফলতাৰ বিষয় নহয়, ই পৰিয়াল, সমাজ, ৰাজ্যৰ লগতে ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়নৰ এক মৌলিক চৰ্ত।

অৰ্থনৈতিক স্বাৱলম্বিতা মানে কেৱল উপাৰ্জন কৰাকেই নুবুজায়; নিজৰ উপাৰ্জিত ধনৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, নিজৰ জীৱন নিজৰ মতে গঢ়ি তোলাৰ স্বাধীনতা আৰু আত্মমৰ্যাদা বজাই ৰখাৰ সামৰ্থ্যও ইয়াৰ অন্তৰ্ভুক্ত। যিগৰাকী নাৰীয়ে আৰ্থিক কাৰ্য্যত নিয়োজিত হৈ নিজৰ সক্ষমতাৰে আয় উপাৰ্জন কৰিব পাৰে, তেওঁ আত্মবিশ্বাসী হয়, আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ বলতেই নিজৰ আৰু পৰিয়ালৰ কল্যাণত অধিক অৰিহণা যোগাব পাৰে। প্ৰথমতে নাৰীৰ অৰ্থনৈতিক স্বাধীনতাই তেওঁলোকৰ আত্মসম্মান আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। আৰ্থিকভাৱে স্বাৱলম্বী নাৰীয়ে নিজৰ শিক্ষা, স্বাস্থ্য, সন্তানৰ ভৱিষ্যৎ অথবা ব্যক্তিগত সিদ্ধান্তসমূহ অধিক স্বাধীনভাৱে ল’ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ মতামতক পৰিয়ালৰ বাকী সদস্যসকলে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।

দ্বিতীয়তে, অৰ্থনৈতিকভাৱে স্বাৱলম্বী নাৰীয়ে পৰিয়ালৰ আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰে। বৰ্তমান সময়ত দেশৰ উচ্চ হাৰৰ মুদ্ৰাস্ফীতিৰ উপস্থিতিত এটা মাত্ৰ উপাৰ্জনৰ ওপৰত, বিশেষকৈ চাকৰিৰ চৰকাৰী নিৰ্ধাৰিত হাৰৰ মাহিলি দৰমহাৰ টকাৰ উপাৰ্জনৰ ওপৰত এখন পৰিয়াল নিৰ্ভৰশীল হৈ পৰিয়ালৰ সকলো সদস্যৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো বহু ক্ষেত্ৰত কঠিন হৈ পৰে। আনহাতে স্বামী-স্ত্ৰী উভয়ে উপাৰ্জন কৰিলে পৰিয়ালৰ আয় বৃদ্ধি পায়, সন্তানৰ শিক্ষা, স্বাস্থ্য আৰু উন্নত জীৱনযাপনৰ সুযোগো বৃদ্ধি পায়।

তৃতীয়তে, আৰ্থিক ভাৱে স্বাৱলম্বি নাৰীৰ অৰ্থনৈতিক স্বাধীনতাই দৰিদ্ৰতা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ লগতে ই হৈছে দেশৰ অৰ্থনৈতিক উন্নয়নৰ চালিকা শক্তি। যেতিয়া অধিক সংখ্যক নাৰী কৰ্মসংস্থাপন বা উদ্যোগৰ সৈতে জড়িত হয়, তেতিয়া দেশৰ উৎপাদন বৃদ্ধি পায়, নতুন উদ্যোগ গঢ়ি উঠে আৰু সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতি শক্তিশালী হয়। উন্নয়নৰ পথত নাৰীৰ অংশগ্ৰহণ অবিহনে কোনো দেশেই সম্পূৰ্ণৰূপে সফল হ’ব নোৱাৰে। পুৰুষ আৰু নাৰী, উভয়েই অৰ্থনৈতিক উন্নয়নৰ পথত অংশগ্ৰহণ আৰু বৰঙণিৰ যোগোৱাৰ ফলত দেশৰ প্ৰগতি দ্ৰুত হাৰত সম্ভৱ হৈ উঠিব।

চতুৰ্থতে, অৰ্থনৈতিকভাৱে স্বাৱলম্বী নাৰীসকলে বহু ক্ষেত্ৰত ঘৰুৱা হিংসা, শোষণ আৰু বৈষম্যৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিব পাৰে। আজিৰ সমাজত, বিশেষকৈ পুৰুষ প্ৰধান সমাজত, সম্পূৰ্ণভাৱে আনৰ ওপৰত নিৰ্ভৰশীল মহিলাসকল বহু সময়ত অন্যায় সহ্য কৰিবলৈ বাধ্য হয়। কিন্তু নিজৰ উপাৰ্জন থাকিলে, আৰ্থিক ভাৱে স্বাৱলম্বি হ’লে, তেওঁ সেই অন্যায়ৰ প্ৰতিবাদ কৰাৰ সাহস লাভ কৰে।

বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত বহু নাৰীয়ে আত্মসহায়ক গোট, ক্ষুদ্ৰ উদ্যোগ, কৃষি, হস্তশিল্প, তাঁতশিল্প, খাদ্য প্ৰস্তুতকৰণ, ডিজিটেল ব্যৱসায় আদিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়িছে। এই ক্ষেত্ৰত চৰকাৰেও বহুতো উদ্গনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী আঁচনি, বেংকৰ ঋণৰ সুবিধা, দক্ষতা বিকাশ কাৰ্যসূচী আৰু ডিজিটেল প্ৰযুক্তিয়ে এই ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিছে। কিন্তু এতিয়াও গ্ৰাম্যাঞ্চলৰ বহু নাৰীয়ে শিক্ষাৰ অভাৱ, সামাজিক কুসংস্কাৰ, সম্পত্তিৰ অধিকাৰৰ সীমাবদ্ধতা তথা বঞ্চিত আৰু কৰ্মসংস্থাপনৰ অভাৱৰ বাবে পিছ পৰি আছে আৰু আৰ্থিক স্বাৱলম্বিতাৰ অভাৱৰ বাবেই পুৰুষ প্ৰধান সমাজত শোষণ তথা অন্যায় অত্যাচাৰৰ সন্মুখীন হৈছে ।

ডিজিটেল প্ৰযুক্তিৰ যুগত নাৰীৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে। অনলাইন ব্যৱসায়, ফ্ৰিলেন্সিং, ডিজিটেল বিপণন, অনলাইন শিক্ষা আৰু ঘৰত বহিয়েই আয় কৰাৰ বহু পথ মুকলি হৈছে। এই সুযোগসমূহৰ সঠিক ব্যৱহাৰ কৰিবলৈ ডিজিটেল সাক্ষৰতা আৰু দক্ষতা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজন। কাৰণ, ডিজিটেল প্ৰযুক্তিৰ লাভালাভৰ সুযোগ গ্ৰহণ কৰি বহু সময়ত ঠগ প্ৰৱঞ্চনাকাৰী সকলে সহজ সৰল মহিলাসকলক সুবিধা প্ৰদান কৰাৰ নামত প্ৰবঞ্চনা আৰু লুণ্ঠন কৰাৰো ঘটনা সংঘটিত হৈছে। সেয়ে ডিজিটেল যুগৰ প্ৰকৃত সুবিধাসমূহ লাভ কৰিবলৈ সঠিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি সিদ্ধান্ত লোৱাটো আৱশ্যক।

নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা তথা স্বাধীনতা নিশ্চিত কৰিবলৈ সমাজ, পৰিয়াল আৰু চৰকাৰ, সকলো পক্ষৰে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন। কন্যা শিক্ষাৰ প্ৰসাৰ, দক্ষতা বিকাশ, কৰ্মক্ষেত্ৰত একে কামৰ বাবে সমান দৰমহা, নিৰাপদ কৰ্মক্ষেত্ৰৰ পৰিৱেশ, সহজলভ্য ঋণৰ সুবিধা, উদ্যোগ গঢ়ি তোলাত সহায় কৰা, সুস্থ সামাজিক পৰিৱেশ আৰু পুৰুষ মহিলা উভয়েই সম-অধিকাৰৰ লগতে উন্নয়নৰ পথত অৰিহণা যোগোৱাত সমানেই সক্ষম ধাৰণাৰ মানসিকতা গঢ়ি তোলা, এই সকলো দিশত সমানে গুৰুত্ব দিব লাগিব।

এখন উন্নত, সমতাভিত্তিক আৰু আৰ্থিক ভাৱে সমৃদ্ধ সমাজ গঢ়িবলৈ নাৰীৰ অৰ্থনৈতিক কাৰ্য্যত অংশগ্ৰহণৰ যোগেদি আৰ্থিক স্বাৱলম্বিতা অপৰিহাৰ্য। নাৰীক কেৱল পৰিয়ালৰ দায়িত্বত সীমাবদ্ধ কৰি ৰাখিলে সমাজৰ এক বৃহত শক্তিক অপচয় কৰা হ’ব, আৰু ইয়াৰ ফলত সমাজ তথা দেশৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহ’ব। সেয়ে নাৰীক শিক্ষিত, দক্ষ আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বি কৰি তোলাটো বৰ্তমান সময়ৰ দাবী। যিদিনা প্ৰতিগৰাকী নাৰীয়ে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰিব, নিজৰ উপাৰ্জনৰ ওপৰত নিজৰ অধিকাৰ থাকিব, সেইদিনাই সমাজত প্ৰকৃত অৰ্থত সমতা, মৰ্যাদা আৰু উন্নয়নৰ নতুন দিগন্ত উন্মোচিত হ’ব।