বিধায়ক অখিলৰ বিৰুদ্ধে  ৰুজু হৈ  থকা গোচৰৰ প্ৰতিবাদন বিচাৰিলে বিধানসভা সচিবালয়ে

বিধায়ক অখিলৰ বিৰুদ্ধে  ৰুজু হৈ  থকা গোচৰৰ প্ৰতিবাদন বিচাৰিলে বিধানসভা সচিবালয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- বিপদত পৰিব পাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।কিয়নো তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ থকা গোচৰসমূহক লৈ তৎপৰ হৈ পৰিছে অসম বিধানসভা সচিবালয়।  বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ থানাসমূহত কিমান গোচৰ ৰুজু হৈ আছে তাৰ তথ্য দিবলৈ গৃহ বিভাগৰ অতিৰিক্ত সচিবলৈ বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যই জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ প্ৰেৰণ কৰিছে।  আনকি পত্ৰখনত অহা ১৩ জুলাইৰ ভিতৰত গগৈৰ বিৰুদ্ধে থকা সকলো গেচৰৰ তথ্য দাখিল কৰিবলৈকো তেওঁ অনুৰোধ জনাইছে। উল্লেখ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰক লৈ সৃষ্টি হৈছিল তীব্র বিতৰ্কৰ। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই সদনত অভিযোগ তুলিছিল যে অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ তথ্য সঠিকভাৱে নির্বাচন আয়োগক শপতনামাযোগে দাখিল কৰা নাই। এইক্ষেত্রত অখিল গগৈৰ বিধায়ক পদ খাৰিজৰো দাবী উত্থাপন হৈছিল। বিষয়টো সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ বাবে তদন্তৰ আশ্বাস দিছিল অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এই তদন্তৰ খাতিৰতে এতিয়া গৃহ বিভাগৰ অতিৰিক্ত সচিবক ১৩ জুলাইৰ ভিতৰত অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ থানাসমূহত কিমান গোচৰ ৰুজু হৈ আছে তাক দাখিল কৰিবলৈ বিধানসভাৰ সচিবে পত্র প্ৰেৰণ কৰিছে। উল্লেখ্য যে অখিল গগৈৰ বিৰুদ্ধে ৩২টা গোচৰ থকাৰ বিপৰীতে শপতনামাত ২১টা গোচৰ থকা বুলিহে উল্লেখ কৰিছিল।