৮ অভয়াৰণ্য-২৮১ সংৰক্ষিত বনাঞ্চলৰ ৩ লাখ হেক্টৰৰো অধিক ভূমি বেদখলকাৰীৰ কবলত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে বনাঞ্চলসমূহত চলোৱা বেদখল কাৰ্য ৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ দ্বিতীয়টো দিনত বনমন্ত্ৰীয়ে বনাঞ্চলৰ বেদখল সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰে ৷ ৰাজ্যৰ ৮খন অভয়াৰণ্য আৰু ২৮১খন সংৰক্ষিত বনাঞ্চলৰ মুঠ ৩১৪,১৩৯.৪৩৫হেক্টৰ ভূমি বেদখলৰ কবলত আছে। অভয়াৰণ্যৰ দখল হোৱা ভূমিৰ পৰিমাণ হৈছে ১৭৪২১.৫ হেক্টৰ আৰু সংৰক্ষিত বনাঞ্চলৰ দখল হোৱা ভূমিৰ পৰিমাণ হৈছে ২৯৬৭১৭.৯৩৫ হেক্টৰ।এই কথা বিধানসভাত প্ৰকাশ কৰিছে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা সদনত অগপ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে অনা এক লিখিত প্ৰশ্নৰ উত্তৰত বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই এই তথ্য প্রকাশ কৰে। তথ্য অনুসৰি ৮খন অভয়াৰণ্যৰ ভিতৰত বৰনদী ৱাইল্ড লাইভ অভয়াৰণ্যত ৪০০ হেক্টৰ, বৰাইল ৱাইল্ড লাইভ অভয়াৰণ্যত ৯৭৮.৮ হেক্টৰ, সোণাই-ৰূপাই ব্রাইল্ড লাইভ অভয়াৰণ্যত ১০,০০০ হেক্টৰ, ভেৰজান-বৰাজান-পদুমনি ব্রাইল্ড লাইভ অভয়াৰণ্যত ১৩ হেক্টৰ, আমচাং ৱাইল্ড লাইভ অভয়াৰণ্যত ১৮৬ হেক্টৰ, মৰাটলংৰী ৱাইল্ড লাইভঅভয়াৰণ্যত ৪,৪২৯ হেক্টৰ, লাওখোৱা ৱাইল্ড লাইভ অভয়াৰণ্যত ১১.৭ হেক্টৰ আৰু বুঢ়াচাপৰি ৱাইল্ড লাইভঅভয়াৰণ্যত ১,৪০৩ হেক্টৰ ভূমিত বেদখল হৈ আছে। আনহাতে বিগত ৫ বছৰত ৰাজ্যৰ ৯০খন সংৰক্ষিত বনাঞ্চল/প্রটেক্টেড এৰিয়াৰ মুঠ ১১০১৯.১০৬৬ হেক্টৰ ভূমিত উচ্ছেদ চলোৱা হৈছে। তথ্য অনুসৰি ২০২১-২২ চনত বন বিভাগে ২৭১২.২৫ হেক্টৰ, ২০২২-২৩ বৰ্ষত ২৪৬৫.৪৫ হেক্টৰ, ২০২৩-২৪ বর্ষত ৭০৬.৫২৩ হেক্টৰ, ২০২৪-২৫ বৰ্ষত ৪৪৬.৫৪৯ হেক্টৰ আৰু ২০২৫-২৬ বৰ্ষত ৪৬৮৮.৩৪ হেক্টৰ ভূমিত উচ্ছেদ সম্পন্ন কৰিছে। বন বিভাগে বিগত ৫ বছৰত উচ্ছেদ অভিযানৰ দ্বাৰা বেদখলমুক্ত কৰা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ মাটিকালিৰ পৰিমাণ হ’ল- ১৬,৯৩৭.২৪৬৬ হেক্টৰ। বিভাগে বিগত ৫ বছৰত ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ মুঠ ৫৯১৮.১৪ হেক্টৰ ভূমি বেদখলমুক্ত কৰিছে। ৰাজ্যৰ বন বিভাগে উচ্ছেদ চলোৱা ভূমিত বৃক্ষৰোপণৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে।
