ডিব্ৰুগড়ত উত্তৰ-পূব উদ্যোগী নাৰী সংস্থা অধ্যায়ৰ সাধাৰণ সভা সম্পন্ন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উত্তৰ-পূব উদ্যোগী নাৰী সংস্থাৰ অধ্যায়ৰ উদ্যোগত দেওবাৰে ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত সংস্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় অধ্যায়ৰ সভানেত্ৰী বিনু দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে প্ৰীতাঞ্জলি মেধী শৰ্মাই।সভাত সংস্থাৰ কেন্দ্ৰীয় সভানেত্ৰী কিৰণ বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি লক্ষ্য,উদ্দেশ্য, সাংগঠনিক কাৰ্যকলাপ আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে বিস্তৃত বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে নাৰী উদ্যোগীকৰণ, আত্মনিৰ্ভৰশীলতা, নেতৃত্ব বিকাশ আৰু সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত সমাজসেৱিকা মাইনু গগৈ, ডাঃ মালাৰাণী দেৱী দত্ত, ড০ হীৰণমণি বৰগোহাঁই, উপ-সভানেত্ৰী ৰূপালী ভট্টাচাৰ্য, লাকী চাংকাকতিৰ লগতে ৩০ গৰাকী সদস্যাই অংশগ্ৰহণ কৰে। সভাত ডিব্ৰুগড় অধ্যায়ৰ নতুন সমিতি গঠনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয় আৰু আগন্তুক ১০ দিনৰ ভিতৰত পূৰ্ণাংগ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও সংগঠনৰ সাংগঠনিক সম্প্ৰসাৰণ, সদস্যভুক্তি আৰু আগন্তুক কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
