এটি হুমুনিয়াহ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
এজাক কুকুৰ নেচীয়া
নিশাৰ আন্ধাৰত
পথৰ ৰজা।।
নিৰ্জনতাত উত্তাল আট্ট হাঁহি
মাতাল হৈ দম্ভালি।
জীবন্ত নৰক সদৃশ
পথৰ দাঁতি ।
কামনাৰ লোলুপতাৰ
বিভৎস দৃষ্টি।
অশ্লীলতাৰ জয় ধ্বনি।
বীৰত্বৰ প্ৰদৰ্শনী।
মই মত্ত
উদভন্দালি ।।
নষ্ট ভ্ৰষ্ট বিবেক।
চয়তানৰ পুজাৰী
আচৰণে নৰ পিশাচ।।
কোন সিহঁত?
স্ৰষ্টাৰ সৃষ্টি
বিকৃত ৰুপি
দানব নে মানৱ।।
