ভাৰতৰ ই-২০ পেট্র’ল ল’বলৈ অস্বীকাৰ ভূটানৰ
ৰঙিলী বাৰ্ত্তাসেৱা-ভাৰতত ই-২০ পেট্ৰ’ল বাধ্যতামূলক কৰাৰ সিদ্ধান্তক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে চুবুৰীয়া দেশ ভূটানে ইথানল-মিশ্ৰিত ই-২০ পেট্ৰ’ল গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় তেল বিপণন কোম্পানীসমূহে ই-২০ পেট্ৰ’ল যোগানৰ প্ৰস্তাৱ আগবঢ়ালেও ভূটান চৰকাৰে ভাৰতক সাধাৰণ পেট্ৰ’লৰ যোগান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। ভুটানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰতিৱেশী দেশ ভূটানক ই-২০ পেট্র’ল দিয়াৰ প্ৰস্তাৱ দিছিল ভাৰতে। কিন্তু এই প্রস্তাৱ প্রত্যাখ্যান কৰি ভূটানৰ তৰফৰ পৰা জনোৱা হৈছে যে সাধাৰণ পেট্ৰ’লেই দিয়া হওক তেওঁলোকক। জানিব পৰা মতে, ই-২০ পেট্ৰ’লক লৈ ভাৰতৰ ভিতৰত যিবোৰ অভিযোগ উঠিছে, তাকে লৈ যথেষ্ট সতর্ক ভূটান। সেই কথা মনত ৰাখিয়েই ভাৰতৰ প্ৰস্তাৱ খাৰিজ কৰা হৈছে। ভূটানৰ সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে দেশখনৰ বেছিভাগেই পার্বত্য অঞ্চল। ফলত দেশখনত পথবোৰ প্ৰায়েই ওখ-চাপৰ। ইফালে ভাৰতত এই পেট্র’লক লৈ ব্যাপক বিতৰ্ক আৰম্ভ হৈছে। অভিযোগ উঠিছে যে ই-২০ পেট্ৰ’লে যান-বাহনৰ ক্ষতিসাধন কৰিছে। সর্বত্র এনে অভিযোগ উঠাত এতিয়া চাপত পৰিছে ভাৰত চৰকাৰ। এনে অৱস্থাত ভুটানৰ দাবী যে যিহেতু তেওঁলোকৰ দেশখন পাহাৰেৰে ভৰা, সেয়েহে পার্বত্য অঞ্চলত চলাচলৰ বাবে যান-বাহনত বেছি মাইলেজৰ প্ৰয়োজন। ফলত, ই-২০ পেট্র’লক লৈ যি অভিযোগ উঠিছে সেয়া সত্য প্রমাণিত হ’লে সমস্যা বাঢ়িব। প্রতিৱেশী দেশ ভূটানে নিজৰ চাহিদাৰ সমস্ত ইন্ধন ভাৰতৰ পৰাই কিনে। এনে অৱস্থাত ভুটানৰ দাবী যে ই-২০ পেট্র’ল কেৱল যান-বাহনৰ মাইলেজৰ ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰা নাই, বৰং অন্যান্য সমস্যাৰো সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ প্রতিবেদন মতে, ভূটানে ভাৰতৰ পৰা তেল কিনি ভূগর্ভস্থ টেংকত সংৰক্ষণ কৰে। দেশখনৰ এগৰাকী বিষয়াই কয় যে এই টেংকসমূহত ই-২০ পেট্র’ল সংৰক্ষণ কৰা হ’লে পানী মিহলি হৈ পৰাৰ আশংকা থাকিব। ভূটানৰ সংবাদ-পত্ৰত কোৱা হৈছে যে ভূগর্ভস্থ টেংকসমূহ ইথানল মিশ্রিত পেট্ৰ’ল সংৰক্ষণৰ বাবে উপযুক্ত নহয়। সেইবাবে এই পেট্র’ল তেওঁলোকে নিকিনে। উল্লেখ্য যে ই-২০ বা ইথানল মিশ্রিত পেট্ৰ’লত সাধাৰণ পেট্ৰ’লতকৈ অধিক হাইড্র’লিক্ গ্রুপ থাকে। ইয়াৰ ফলত ই চাৰিওফালৰ আর্দ্রতা সহজে শোষণ কৰে। সেইবাবে এই টেংকসমূহত পেট্ৰ’ল সংৰক্ষণ কৰিলে পানী মিহলি হৈ পৰাৰ আশংকা বৃদ্ধি পায়। সেইটোৱেই মূল সমস্যা বুলি জনোৱা হৈছে ভুটানৰ তৰফৰ পৰা। লগতে কোৱা হৈছে যে ভাৰত চৰকাৰে ভুটানক নতুন টেংক সৰবৰাহৰ বিষয়টো বিবেচনা কৰাৰ বাবে অনুৰোধ জনাইছে। উল্লেখ্য যে, ভাৰতত ই-২০ পেট্ৰ’ল হৈছে ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ পেট্ৰ’লৰ সংমিশ্ৰণ। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে ইয়াৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ২০২৩ চনৰ পূৰ্বে নিৰ্মিত বহু পেট্ৰ’লচালিত বাহনৰ মালিকে ই-২০ ব্যৱহাৰৰ ফলত ইন্ধন দক্ষতা হ্ৰাস, ৰক্ষণাবেক্ষণ ব্যয় বৃদ্ধি আৰু ইঞ্জিনৰ ক্ষয়-ক্ষতি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে।
