জীৱন কাইটি – শচীন্দ্ৰ কুমাৰ দাস

Pc SciTechDaily

জীৱন কাইটি

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

জীৱন কাইটিয়ে আজি কালি খুব মন মাৰি থাকে।। তেওঁৰ স্বাস্থ্যৰো বহু অৱনতি হৈছে। উত্তপ্ত ৰদত হাল বাই, শস্য চপাই কোনো দিনে ভাগৰি নপৰা জীৱন কাইটি দেখোন ঘৰৰ পৰা নলোৱা হ’ল। সদায় সমাজৰ লগত মিলি সকলো দিশত আগভাগ লোৱা জীৱন কাইটিৰ হঠাৎ এনে পৰিবৰ্তন আচৰিত লাগে।। পৰিয়ালৰ , সমাজৰ সকলোৰে চিন্তা জীৱন কাইটিৰ এনে আচৰণত।

সিদিনা অকলে গৈছিল তেওঁ চহৰলৈ, সেমেকা মুখেৰে ঘুৰি আহিছিল ঘৰলৈ।কি হৈছিল সিদিনা?কিয় তেনে কৰিছিল তেওঁ?কিহৰ ভয়ত,কি কাৰণত লুকুৱাইছে তেওঁ কথা বোৰ। আচলতে জীৱন কাইটিৰ হৈছে কি? দিনে তিল তিলকৈ মৰিছে তেওঁ। পৰিয়ালটোৰ কথা ভাবি ভাবি মৰ্মাহত হৈ উঠিছে তেওঁ।।দুজনী ছোৱালী দিবলৈ আছে বিয়া।এটি মাথোঁ ল’ৰা সিও হৈ আছে সৰু। তেওঁৰ অবিহনে ঘৰখন কেনেকৈ চলিব? মাটি কেইডৰা বেছিলেও পতন হ’ব পৰিয়ালটোৰ ভবিষ্যত ।। এইবোৰ কথা ভাবিয়েই জীৱন কাইটিয়ে সকলো সহি গৈছে।।
কোনো দিনে কাৰো ওচৰত হাত নপতা জীৱন কাইটি মৰিব ওলাইছে।

আচলতে তেওঁৰ হৈছে কি?

জীৱন কাইটিৰ কেন্সাৰ হৈছে,পাপি বুলি মানুহে হাঁহিব বুলি সকলো গোপন ৰাখিছে।।ধনৰ অভাৱত নিৰুপায় হৈ মৰণক আকোৱালি ল’বলৈ প্ৰস্তুত তেওঁ।

জীৱন কাইটি আজি আৰু নাই।
নিমাত আজি হালৰ গৰু হাল।
উদঙ আজি খেতি পথাৰ, নিথৰুৱা বিমুখ ঘৰখন।
সকলো বিধিৰ লিখন
নহয় খণ্ডন।।।।