জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ অন্তিম-১৬ত ব্রাজিল
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বকাপৰ ৰাউণ্ড অৱ ৩২ত ৰোমাঞ্চকৰ জয় ব্ৰাজিলৰ। জাপানক পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ব্ৰাজিলে। মেচখনৰ শেষ মুহূৰ্তৰ নাটকীয় গ’লেৰে জাপানৰ বিশ্বকাপ অভিযানৰ অন্ত পেলাই চলিত ফিফা বিশ্বকাপৰ অন্তিম-১৬ত স্থান সুৰক্ষিত কৰিলে ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলে। আমেৰিকাৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত হাই-ভল্টেজ মেচখনত পিছ পৰি থকাৰ পিছতো ব্রাজিলে ২-১ৰ ব্যৱধানত এক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে। প্রথমাৰ্ধৰ ২৯ মিনিটত জাপানৰ মিডফিল্ডাৰ কাইছু চানোৱে এক চমকপ্রদ গ’লেৰে দলক ১-০ৰ অগ্রগতি প্রদান কৰে। বিপৰ্যয়ৰ সন্মুখীন হোৱা ব্রাজিলে দ্বিতীয়ার্ধত কৌশল সলনি কৰি আক্ৰমণাত্মক খেল খেলিবলৈ লয়। ফলস্বৰূপে ৫৬ মিনিটত জ্যেষ্ঠ খেলুৱৈ কাছামিৰোৱে এক সুন্দৰ হেডৰ জৰিয়তে গ’ল স্কৰ কৰি মেচখনত ১-১ৰ সমতা স্থাপন কৰে। খেলখন অতিৰিক্ত সময়লৈ গতি কৰাৰ দিশে আগবাঢ়িছিল যদিও ইনজুৰী টাইমৰ ৯৫ মিনিটত সমগ্র ষ্টেডিয়ামক স্তব্ধ কৰি ব্রাজিলৰ তাৰকা ষ্ট্ৰাইকাৰ গেব্রিয়েল মার্টিনেলীয়ে এক আকর্ষণীয় বিজয়সূচক গ’ল কৰি অন্তিম-১৬ত নিজৰ স্থান সুৰক্ষিত কৰিলে।
