দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত কানাডা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সময় মতে সোমবাৰে পুৱতি নিশা আৰম্ভ হৈ চলিত বিশ্বকাপ ফুটবলৰ নকআউট পৰ্যায়ৰ মেচ । ৰাউণ্ড অব ৩২ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় কানাডা । লছ এঞ্জেলছত অনুষ্ঠিত অন্তিম ৩২ৰ তীব্র উত্তেজনাপূর্ণ মেচখনত সহঃ আয়োজক কানাডাই দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কৰি অন্তিম ১৬ত স্থান নিশ্চিত কৰে।কানাডাই প্রথমবাৰৰ বাবে বিশ্বকাপৰ অন্তিম ১৬ত প্ৰৱেশ কৰিছে। আক্রমণ-প্রত্যাক্রমণেৰে ভৰা খেলখনৰ ষ্টপেজ টাইমৰ দ্বিতীয় মিনিটত ষ্টিফেন এষ্টাকিঅ’ই দর্শনীয় গ’ল স্ক’ৰ কৰি দলটোৰ জয়ৰ নায়ক হৈ পৰে। ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপত অভিষেক ঘটোৱা কানাডাই ২০২২ চনৰ বিশ্বকাপত ভাগ লৈছিল যদিও গ্রুপ পৰ্যায়ৰ পৰাই বিদায় মাগিছিল। যোৱানিশাৰ তীব্র উত্তেজনাপূর্ণ মেচখনৰ ষ্টপেজ টাইমত গ’ল স্ক’ৰ কৰি কানাডাই নাটকীয় জয়লাভ কৰে। খেলখনৰ আৰম্ভণিৰ পৰাই কানাডাৰ কৌশল স্পষ্ট হৈ পৰিছিল। তেওঁলোকে নিজৰ আক্ৰমণত দক্ষিণ আফ্রিকাক ব্যস্ত কৰি ৰাখিছিল। কানাডা দলটোৱে কেইবাটাও গ’ল স্ক’ৰ কৰাৰ সুযোগ লাভ কৰিছিল যদিও ফিনিচাৰ নথকাৰ বাবেই সফলতাৰ মুখ দেখা নাছিল। প্রথমার্ধৰ খেলৰ শেষৰ পিনে দুয়োটা দলে গ’ল দিয়াৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও সফলতাৰ মুখ দেখা নাছিল। দ্বিতীয়ার্ধতো গ’লৰ বাবে দুয়োটা দলে অহৰহ প্ৰচেষ্টা চলায় যদিও সফলতাৰ মুখ দেখা নাছিল। কিন্তু ষ্টপেজ টাইমৰ দ্বিতীয় মিনিটত সকলো সলনি হয়। ষ্টিফেন এষ্টাকিঅ’ই সোফালৰ পৰা সতীৰ্থৰ পৰা পাছ লাভ কৰে। কানাডা শনিবাৰে হিউষ্টনত অন্তিম ১৬ৰ মেচত মৰক্কোৰ মুখামুখি হ’ব। আনহাতে, মেচখনত পৰিজাত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক হুগো ব্ৰুছে কয়, “আমি মেচখনত এইকাৰণেই হাৰিলোঁ কাৰণ বিপক্ষ দলটোৰ তুলনাত আমাৰ দলটোত শক্তি আৰু গতিৰ অভাৱ আছিল । নিশ্চিতভাৱে আমাৰ বাবে এইখন এক অতি কঠিন মেচ আছিল । কিন্তু যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ, তেতিয়া দেখিম যে আমি যি কৰিলোঁ তাত আমি যথেষ্ট সন্তুষ্ট ।”
