ভাৰতক পৰাস্ত কৰি শৃংখলা দখল আয়াৰলেণ্ডৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত চলি থকা দুখন খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে দেওবাৰে লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয় ৷ শৃংখলাৰ দ্বিতীয়খন টি-২০ খেলত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দলটোক এক ৰাণত পৰাজিত কৰি আয়াৰলেণ্ডে দুখন খেলৰ টি-২০ শৃংখলাটো দখল কৰে ।বেলফাষ্টত অনুষ্ঠিত খেলখনত আয়োজক দল আয়াৰলেণ্ডে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ সুযোগ লাভ কৰে ৷ নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ঘৰুৱা দলটোৱে ১৫৪ ৰাণ সংগ্ৰহ কৰে ৷ হেৰী টেক্টৰে দলটোৰ হৈ ৪৭ টা বলত ৫৬ ৰাণ সংগ্ৰহৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ কৃতিত্ব গঢ়ে ৷ ভাৰতৰ হৈ প্ৰথমখন টি-২০ খেলত অংশ লোৱা প্ৰিন্স যাদৱে সৰ্বাধিক ৪ অভাৰত ২২ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে ৷ ইয়াৰোপৰি অৰ্শদীপ আৰু দুবেই দুটাকৈ আৰু হৰ্ষিত ৰাণাই এটা উইকেট লাভ কৰে ৷ প্ৰত্যুত্তৰত ভাৰতে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৩ ৰাণহে সংগ্ৰহ কৰে ৷ খেলখনৰ শেষৰটো বলত প্ৰিন্স যাদৱে ছয় ৰাণ সংগ্ৰহ কৰে । দলৰ হৈ সহ-অধিনায়ক তিলক বাৰ্মাই ৪৬ টা বলত সৰ্বাধিক ৫৫ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ দুয়োগৰাকী অ’পেনাৰ অভিষেক শৰ্মা আৰু সঞ্জু চেমছনে শূন্যতে পেভিলিয়নলৈ উভতিব বাধ্য হয় ৷ ইয়াৰ পাছতে ঈশান(১২), অধিনায়ক আয়াৰ(১০), তিলক(৫৫), অক্ষৰ(১৪), শিৱম(২০) আৰু হৰ্ষিতে(২১) নিজৰ উইকেট হেৰুৱায় ৷ দলটোৱে সহজ যেন লগা ১৫৫ ৰাণৰ সীমা অতিক্ৰম কৰাত ব্যৰ্থ হয় আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হয় ৷ খেলৰ শেষত আইৰিছ বলাৰ জে মুন্দ্ৰাই অনবদ্য প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে ।
