প্রধানমন্ত্রী মোদীলৈ ছিচিলাছৰ সৰ্বোচ্চ সন্মান প্ৰদান 

প্রধানমন্ত্রী মোদীলৈ ছিচিলাছৰ সৰ্বোচ্চ সন্মান প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ছিচিলাছ ভ্রমণকালত সর্বোচ্চ সন্মান লাভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। দেশখনৰ ৰাজধানী ভিক্ট’ৰিয়াৰ ষ্টেট হাউছত ভাৰতীয় ৰাষ্ট্ৰপ্ৰধানক সামৰিক বাহিনীয়ে গার্ড অৱ অনাৰৰে অভিবাদন জনালে। পৰৱৰ্তী সময়ত তেওঁ ছিচিলাছৰ ৰাষ্ট্ৰপতি ড° পেট্রিক হার্মিনীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আনহাতে, দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী তথা দেশখনৰ স্বাধীনতাৰ সোণালী জয়ন্তীৰ উপলক্ষত প্রধানমন্ত্রী মোদীক ছিচিলাছৰ সর্বোচ্চ অসামৰিক সন্মান গার্ডিয়ান অব দ্য ব্লু হৰাইজনেৰে বিভূষিত কৰা হৈছে। এই সন্মান লাভ কৰি আপ্লুত মোদীয়ে ধন্যবাদ জনায় দেশখনৰ ৰাষ্ট্ৰপতি পেট্রিক হাৰমিনিক। প্রধানমন্ত্রী মোদীৰ বিদেশ ভ্রমণৰ সৈতে ৰাষ্ট্ৰীয় সন্মান যেন সমার্থক হৈ পৰিছে। যোৱা ১২ বছৰ ধৰি তেওঁ প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ আছে। ৰাষ্ট্রপ্রধান হিচাপে এখনৰ পিছত এখন দেশ ভ্রমণ কৰিছে। সেই দেশসমূহত বৃহৎ সন্মান লাভ কৰে প্রধানমন্ত্রী মোদীয়ে। একাধিক দেশৰ সর্বোচ্চ সন্মান তুলি দিয়া হৈছে তেওঁৰ হাতত। ছিচিলিছত সন্মান লাভৰ পিছত তেওঁ এক্স হেণ্ডেলত লিখিছে- ‘গার্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ লাভ কৰি আমি অভিভূত’। আনহাতে,  দেশখনত প্রধানমন্ত্ৰীয়ে কৰা তিনিদিনীয়া ভ্ৰমণৰ সময়ত ছিচিলাছৰ  সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিসমূহৰ ভিতৰত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, ডিজিটেল পেমেন্ট, মহাকাশ, কৃষি, আইন, শিক্ষা আৰু উন্নয়নমূলক আঁচনিৰ লগত জড়িত চুক্তি আছে। প্রধানমন্ত্রীয়ে ছে’চেল্ক এখন ক্ষিপ্র টহলদাৰী জাহাজ উপহাৰ দিয়ে। ইয়াৰ জৰিয়তে সামুদ্রিক সুৰক্ষাৰ দিশত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। দুয়ো দেশৰ মাজত আজি প্রতিনিধি পৰ্যায়ৰ আলোচনাও হয়। প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত আৰু ছিচিলাছ উভয়ে এই কথা স্বীকাৰ কৰে যে ভাৰত মহাসাগৰ উভয়ৰে উমৈহতীয়া ঘৰ। ইয়াৰ সুৰক্ষা সুস্থিৰতা আৰু সমৃদ্ধি দুয়োখন দেশৰ উমৈহতীয়া দায়িত্ব। প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ দৃষ্টিভংগী হ’ল ভাৰত মহাসাগৰক সুযোগৰ মহাসাগৰ কৰি তোলা। ই এনেকুৱা এটা অঞ্চল হোৱা উচিত য’ত সমুদ্ৰৰ সুৰক্ষাৰ লগতে অর্থনৈতিক বিকাশো সুনিশ্চিত হ’ব লাগে। তেওঁ গুৰুত্বসহকাৰে কয় যে সহযোগিতাৰ ভিত্তি কোনো দেশৰ আকাৰক লৈ নহয়, বৰং পৰস্পৰৰ সন্মান আৰু ভৰসা হোৱা উচিত। ইয়েই ভাৰত মহাসাগৰৰ ভিজনৰ প্ৰকৃত চিন্তাধাৰা। প্রধানমন্ত্রীয়ে স্পষ্টভাবে কয় যে ভাৰত আৰু ছিচিলাছৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা পৰস্পৰৰ সৈতে জড়িত। দুয়োখন দেশে অর্থনৈতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে বিস্তাৰিতভাৱে আলোচনা কৰে। অনাগত দিনবোৰত উদ্যোগসমূহৰ মাজত নতুন সুযোগৰ সন্ধান কৰা আৰু যোগাযোগ বৃদ্ধি কৰাতো দুয়োখন দেশে সন্মতি জনায়। প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ ডিজিটেল পাব্লিক ইনফ্রাষ্ট্ৰাকচাৰৰ সফল অভিজ্ঞতা ছিচিলাছকো অংশীদাৰিত্ব কৰা হ’ব। আনহাতে, ৰাষ্ট্ৰপতি হৰ্মিনিয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলত সামুদ্রিক সুৰক্ষা ভাৰত আৰু ছিচিলাছৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ অংশ। দুয়োখন দেশে সামুদ্রিক ডকাইতি, অবৈধভাৱে মাছ মৰা, সীমান্তৰ সিপাৰৰ অপৰাধৰ বিৰুদ্ধে একেলগে কাম কৰিবলৈ অংগীকাৰ কৰিছে। ভাৰত আৰু ছিচিলাছৰ সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষত এক স্মাৰক লগ’ মুকলি কৰা হয়।