আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ বেন ষ্টোকছৰ

Pc Cricinfo

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ বেন ষ্টোকছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইংলেণ্ডৰ টেষ্ট ক্রিকেট দলৰ অধিনায়ক তথা তাৰকা অলৰাউণ্ডাৰ বেন ষ্টোকছে আন্তর্জাতিক ক্রিকেটৰ পৰা আচৰিতভাৱে অৱসৰ ঘোষণা কৰিছে। ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত চলি থকা টেষ্ট মেচৰ শৃংখলাৰ সময়তে দলটোৰ অধিনায়ক বেন ষ্টোকছে আকস্মিকভাৱে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷ চতুৰ্থ দিনৰ খেলৰ মাজভাগতে ইংলেণ্ডৰ দলটোৱে এই তথ্য ৰাজহুৱা কৰে ।  বর্তমান ট্রেন্ট ব্রীজত নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্ট মেচৰ অন্ত পৰাৰ পিছতেই ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ক্রিকেট কেৰিয়াৰক চিৰবিদায় জনাব। এক বিবৃতিৰ জৰিয়তে ইংলেণ্ড ক্ৰিকেটে এনেদৰে কয়, ‘‘ইংলেণ্ডৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত বেন ষ্ট’কছে এইখন টেষ্ট মেচৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে । বেন, আপুনি এই দলটোৰ বাবে সৰ্বাধিক প্ৰেৰণাদায়ক অধিনায়ক, নেতা আৰু এগৰাকী কিংবদন্তী ক্ৰিকেটাৰ ৷ আমি আপোনাক বহুত ভালপাওঁ আৰু আপোনাৰ অৱসৰৰ বাবে শুভকামনা জনাইছো ।’’ ২০১১ চনত আন্তর্জাতিক ক্রিকেটত আত্মপ্রকাশ কৰা ষ্টোকছে ১৫ বছৰীয়া কেৰিয়াৰত বহু ঐতিহাসিক ইনিংছ উপহাৰ দিয়ে। বিশেষকৈ ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ জয় আৰু বিখ্যাত ‘হেডিংলি’ টেষ্টৰ ইনিংছেৰে তেওঁ ইংলেণ্ড ক্রিকেটৰ ইতিহাসত নিজৰ নাম স্বর্ণাক্ষৰেৰে লিপিবদ্ধ কৰি থৈছে। ২০২২ চনৰ পৰা ইংলেণ্ডৰ টেষ্ট দলক নেতৃত্ব দিয়া স্টোকছে হঠাৎ লোৱা সিদ্ধান্তই সমগ্র ক্রীড়াবিশ্বক স্তব্ধ কৰি তুলিছে। তেওঁ ইংলেণ্ডৰ হৈ ১২১খন টেষ্ট, ১১৪খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া, ৪৩খন টি-২০ মেচ খেলিছে। ৰেডবল ক্ৰিকেটত ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ৭,২৪৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে ২৫১ টা উইকেট দখল কৰাৰ অভিলেখ গঢ়িছে । এদিনীয়া ক্ৰিকেটত ষ্ট’কছে ৩,৪৬৩ ৰাণ সংগ্ৰহ আৰু ৭৪ টা উইকেট দখল কৰিছে ৷ টি-২০ ক্ৰিকেটতো ৫৮৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ২৬ টা উইকেট দখল কৰিছে ।